ETV Bharat / entertainment

অভিনেতা জৰ্জ বেকাৰলৈ ড৹ ভূপেন হাজৰিকা বঁটা - Dr Bhupen Hazarika Award

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 1:09 PM IST

Dr. Bhupen Hazarika Award
অভিনেতা জৰ্জ বেকাৰলৈ ড৹ ভূপেন হাজৰিকা বঁটা

Dr. Bhupen Hazarika Award : চামেলি মেম চাহাব ছবিখনৰ অভিনেতা জৰ্জ বেকাৰলৈ ২০২৪ চনৰ ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হয় ৷

অভিনেতা জৰ্জ বেকাৰলৈ ড৹ ভূপেন হাজৰিকা বঁটা

গুৱাহাটী, ২২ এপ্ৰিল : ৰাজ্যত এতিয়া ব’হাগৰ বতৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ আছে ৷ মহানগৰীস্থিত বেলতালত ৪৫ তম বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ঘোষণা কৰে ড৹ ভূপেন হাজৰিকা বঁটা ।

২০২৪ চনৰ ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হয় ভাৰতীয় ছবি জগতৰ অভিনেতা জৰ্জ বেকাৰক । চামেলি মেম চাহাব ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল অভিনেতা জৰ্জ বেকাৰে । বেলতলা ব’হাগী উৎসৱে প্ৰদান কৰা এই বঁটাত আছে ২ লাখ টকাৰ চেক, ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্বৰূপ বঁটা, শৰাই, মানপত্ৰ আৰু চেলেং চাদৰ ।

ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাৰ হাতেৰে উদযাপন সমিতিয়ে অভিনেতাগৰাকীক প্ৰদান কৰে এই বঁটা । এই বঁটা লাভ কৰি অভিনেতাগৰাকীয়ে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক সুঁৱৰি আবেগিক হৈ দৰ্শকৰ আগত অতীত ৰোমন্থন কৰে ৷

লগতে ২০২১ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটাও এই মঞ্চতেই প্ৰদান কৰে বেলতলা ব’হাগী উদযাপন সমিতিয়ে । ২০২১ বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে এপ’ল’ হাস্পতালৰ বিশিষ্ট চিকিৎসক সুশীল কুমাৰ জৈনক । ক’ভিড মহামাৰীৰ সময়ত ৰাইজলৈ অশেষ সেৱা আগবঢ়াইছিল মানৱ দৰদী চিকিৎসকগৰাকীয়ে ।

আনহাতে ৪৫ তম বেলতলা ব’হাগী উৎসৱৰ তৃতীয় তথা অন্তিম নিশাৰ অনুষ্ঠানতেই এইবৰ্ষৰ পাটমাদৈ বঁটাও প্ৰদান কৰা হয় । ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা পাটমাদৈ প্ৰতিযোগিতাত বিজয়ী হৈ ২০২৪ বৰ্ষৰ পাটমাদৈ সন্মান আজুৰি আনিলে নগাঁৱৰ নিৰ্জুমা কাকতিয়ে । মুঠ ৪ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল প্ৰতিযোগিতাত । নিৰ্জুমা কাকতিয়ে বিজয়ী হৈ লাভ কৰে পাটমাদৈ ট্ৰফী আৰু নগদ ২ লাখ টকা ।

লগতে পঢ়ক: ক’লৈ গ’ল মাইনি ? আজিয়েই বিচাৰি যাওক এইকেইটা ছবিগৃহলৈ - New Assamese Film 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.