ETV Bharat / entertainment

সন্দীপ ৰেড্ডী ভাংগাৰ প্ৰস্তাৱৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কংগনা ৰনৌতৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:41 AM IST

Kangana Ranaut on Sandeep Reddy Vanga : ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ পৰিচালনা কৰা সন্দীপ ৰেড্ডী ভাংগাই শেহতীয়াকৈ কংগনা ৰনৌতে কৰা নেতিবাচক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কংগনাৰ কাম ভাল লাগে আৰু তেওঁ কংগনাক তেওঁৰ ছবিত কাম দিব বিচাৰে ৷ এতিয়া সন্দীপ ৰেড্ডী ভাংগাৰ এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই কংগনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Don't Give Me Any Role: Kangana Ranaut Reacts to Sandeep Reddy Vanga's Wish to Collaborate with Her
সন্দীপ ৰেড্ডী ভাংগাৰ অফাৰত কংগনাৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ‘এনিমেল’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ আৰু ববি দেওলে । ৰণবীৰ কাপুৰে ৰণবিজয় সিঙৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ববি দেওলে অবৰাৰৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল । অৱশ্যে ছবিখনক লৈ যথেষ্ট সমালোচনাও হৈছিল । এই ছবিখনক বহুতে বিষাক্ত পুৰুষত্ব আৰু নাৰী বিৰোধী বুলি অভিহিত কৰিছিল ।

আনকি বহু চেলিব্ৰিটিয়েও ছবিখনক সমালোচনা কৰিছিল, যাৰ উত্তৰত শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সাক্ষাৎকাৰত সন্দীপে কংগনা ৰনৌতৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে, এতিয়া সন্দীপৰ এই ইচ্ছাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এনিমেলক লৈ সমালোচনা কৰা সকলৰ ভিতৰত অন্যতম আছিল কংগনা ৰনৌত ৷ তেতিয়াহ’লে সন্দীপে কিয় কংগনাৰ সৈতে ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ ইয়াৰ বিষয়ে সবিশেষ জানো আহক ৷

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সন্দীপ ৰেড্ডী ভাংগাক কংগনাৰ সমালোচনাত্মক মন্তব্য সন্দৰ্ভত প্ৰশ্ন সোধা হৈছিল ৷ তেতিয়া পৰিচালকজনে কয়,‘‘অভিনেত্ৰীগৰাকীৰ কাম ভাল পোৱাৰ বাবেই মই এই বিষয়ে খং কৰা নাই । কংগনা ৰনৌতৰ ‘কুইন’ ছবিখনত কংগনাৰ অভিনয় মই যথেষ্ট ভাল পাইছিলো ৷’’ ইয়াৰ লগতে তেওঁ কয় যে যদি তেওঁৰ ছবিত কংগনা ৰনৌতৰ বাবে উপযুক্ত ভূমিকা থাকে, তেন্তে তেওঁ নিশ্চিতভাৱে তেওঁৰ সৈতে কাম কৰিব বিচাৰিব । এতিয়া সন্দীপৰ এই বক্তব্যক লৈ কংগনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কংগনা ৰনৌতৰ উত্তৰ

কংগনা ৰনৌতে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত সন্দীপ ৰেড্ডী ভাংগাৰ সাক্ষাৎকাৰৰ ভিডিঅ’টো শ্বেয়াৰ কৰি কয়,‘‘পৰ্যালোচনা আৰু সমালোচনা দুটা বেলেগ কথা আৰু প্ৰতিটো কলাৰ বিষয়ে আলোচনা হ’ব লাগে ।’’ অভিনেত্ৰীগৰাকীয়ে হিন্দীত লিখিছে, ‘‘সন্দীপ ৰেড্ডী ভাংগাই মোৰ প্ৰতি যিদৰে সন্মান প্ৰদৰ্শন কৰিছে, তাৰ পৰা বুজা যায় যে তেওঁ কেৱল পুৰুষসুলভ ছবি নিৰ্মাণ কৰাই নহয়, তেওঁৰ মনোভাৱো পুৰুষসুলভ । ধন্যবাদ ছাৰ ৷’’

কংগনাই লগতে লিখিছে, ‘‘কিন্তু অনুগ্ৰহ কৰি মোক কেতিয়াও কোনো ভূমিকা নিদিব অন্যথা আপোনাৰ আলফা পুৰুষ নায়কসকল নাৰীবাদী হৈ পৰিব আৰু তেতিয়া আপোনাৰ ছবিবোৰো পৰাজিত হ’ব, আপুনি ব্লকবাষ্টাৰ নিৰ্মাণ কৰক, ছবি উদ্যোগক আপোনাৰ প্ৰয়োজন আছে ।’’

লগতে পঢ়ক: জাভেদ আখতাৰক উভতি ধৰিলে সন্দীপ ৰেড্ডী ভাংগাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.