ETV Bharat / entertainment

নিলাম হ’ব দেৱ আনন্দৰ সৈতে জড়িত বিশেষ বস্তু, কেতিয়া ক’ত নিলাম হ’ব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:01 AM IST

Dev Anand films online auctioned : বলীউডৰ ছুপাৰষ্টাৰ দেৱ আনন্দৰ ১১০খন চিৰসেউজ ছবিৰ সৈতে জড়িত বস্তু নিলাম কৰা হ’ব । ইয়াত তেওঁৰ সৈতে জড়িত সকলো অনন্য বস্তুৰ ওপৰত নিবিদা কৰা হ’ব । এই নিবিদা প্ৰক্ৰিয়া ৮ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ চলিব ।

Dev Anand films to be auctioned online Vintage memorabilia lobby cards song booklets
দেৱ আনন্দৰ সৈতে জড়িত বিশেষ বস্তু নিলাম হ’ব

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী : চলচ্চিত্ৰ ইতিহাসৰ চিৰসেউজ অভিনেতা দেৱানন্দক কোনে চিনি নাপায় ৷ অৱশ্যে তেওঁ আজি আমাৰ মাজত নাই যদিও ছবিজগতখনক আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব ৷ নিজৰ উজ্জ্বল অভিনয় আৰু ব্যতিক্ৰমী শৈলীৰে চলচ্চিত্ৰ জগতখনক মোহিত কৰা প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুৰ ইমান দিনৰ পাচতো দেশৰ চুকে-কোণে আছে তেওঁৰ অনুৰাগী ৷

অৱশ্যে এতিয়া দেৱানন্দৰ অনুৰাগীৰ বাবে আছে এটা বিশেষ খবৰ । দেৱানন্দৰ সৈতে জড়িত এটা সোণালী সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব পাৰে আপুনি । দৰাচলতে প্ৰয়াত অভিনেতাগৰাকীৰ ছবিৰ বিৰল আৰু পুৰণি বস্তুবোৰ অনলাইনত নিলাম কৰা হ’ব ।

Dev Anand films to be auctioned online Vintage memorabilia lobby cards song booklets
দেৱ আনন্দৰ লগত জড়িত বিশেষ বস্তু নিলাম হ’ব

অনলাইন প্লেটফৰ্মত কৰা হ’ব নিবিদা

বিগত বৰ্ষত, নিলাম প্ৰতিষ্ঠান ডিৰিভাছ এণ্ড আইভছে সত্যজিৎ ৰায়, অমিতাভ বচ্চন আৰু ৰাজ কাপুৰৰ কেইবাটাও স্মৃতিচিহ্ন সংগ্ৰহ সফলতাৰে নিলাম কৰিছিল । এতিয়া ২০২৪ চনৰ আৰম্ভণিতে, অনলাইন নিলাম মঞ্চই 'চলচ্চিত্ৰ আইকন দেৱ আনন্দ'ৰ চলচ্চিত্ৰৰ সংগ্ৰহ নিলাম কৰিব ।

দেৱ আনন্দৰ লগত জড়িত বস্তুবোৰ নিলাম কৰা হ’ব

বাজী, কালা বজাৰ, চি আই ডি, কালা পানী, গাইড, তেৰে ঘৰ কে চামনে, হৰে ৰামা হৰে কৃষ্ণা, জনী মেৰা নাম, হীৰা পান্না আদি ক্লাছিক ছবিৰ বিৰল আৰু পুৰণি ফটো, পোষ্টাৰ, শ্ব’কাৰ্ড, লবী কাৰ্ডো নিলাম কৰা হ’ব । তেওঁৰ কম পৰিচিত ছবি যেনে আৰাম, মিলাপ, মায়া, মঞ্জিল, কহি ঔৰ চল, বাৰীশ, বাত এক ৰাত কি, চৰহদ, কিনাৰে-কিনাৰে ইত্যাদি গীতৰ পুথিও নিলাম কৰা হ’ব ।

কেতিয়া আৰু ক’ত নিবিদা দিব পাৰিব জানেনে ?

derivaz-ives.com ৰ জ্যেষ্ঠ মুখপাত্ৰ এছ এম এম আছাজাই কয় যে নিলামৰ মুখ্য বিষয়সমূহৰ ভিতৰত আছে কালা বজাৰ (১৯৬০) আৰু জনী মেৰা নাম (১৯৭০)ৰ এক বিৰল লবি কাৰ্ড, ফিল্ম গাইড (১৯৬৫)ৰ আঠখন প্ৰথম মুক্তি পোৱা প্ৰচাৰমূলক ব্লেক এণ্ড ৱাইট ফটোগ্ৰাফ, হৰে ৰামা হৰে কৃষ্ণ (১৯৭১)ৰ পোন্ধৰখন ৰঙীন ফটোও আছে ।

মুনিম জী (১৯৫৫), মিলাপ (১৯৫৫), চৰহদ (১৯৬০), মায়া (১৯৬১), মঞ্জিল (১৯৬০), কিনাৰে কিনাৰে (১৯৬৩), গাইড (১৯৬৫), গেম্বলাৰ(১৯৭৩), ডাৰ্লিং ডাৰ্লিঙৰ বিৰল আৰু সুন্দৰকৈ ডিজাইন কৰা পোষ্টাৰ আৰু কালা পানী (১৯৫৮), কিনাৰে কিনাৰে (১৯৬৩), বানাৰসী বাবু (১৯৭৩) আৰু আমিৰ গৰিব (১৯৭৪)ৰ অনন্য ভাৰতীয় কলাজ আৰু হাতেৰে নিৰ্মিত শ্ব’কাৰ্ডো নিলাম কৰা হ’ব ।

ৱেবছাইট derivaz-ives.com ৰ অনলাইন নিলাম ৮ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২৪ চনৰ ১০ ফেব্ৰুৱাৰীত সন্ধিয়া ৭ বজাত বন্ধ হ’ব ।

লগতে পঢ়ক : এদিন বাছ ষ্টেণ্ডত ৰৈ থকাৰ পৰা কেনেকৈ সলনি হৈছিল জেকি শ্ৰফৰ ভাগ্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.