ETV Bharat / entertainment

এদিন বাছ ষ্টেণ্ডত ৰৈ থকাৰ পৰা কেনেকৈ সলনি হৈছিল জেকি শ্ৰফৰ ভাগ্য ?

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 12:58 PM IST

Jackie Shroff Birthday Special, Know unknown facts of Jackie Shroff
জেকী শ্ৰফৰ জন্মদিন

Jackie Shroff Birthday: আজি বলীউডৰ প্ৰবীণ অভিনেতা জেকী শ্ৰফৰ জন্মদিন । এই বিশেষ দিন উপলক্ষে, তেওঁৰ সৈতে জড়িত কিছুমান বিশেষ কথা জানো আহক...

চিটাৰা ডেস্ক, ১ ফেব্ৰুৱাৰী: বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে জেকী শ্ৰফ । ৮০ আৰু ৯০ দশকত তেওঁৰ ছবিয়ে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । একশ্যন হিৰো হিচাপে উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰিছিল জেকীয়ে । অৱশ্যে জেকীক ৰোমান্টিক নায়ক হিচাপেও ভাল পাইছিল দৰ্শকে । বহু সংগ্ৰামৰ অন্তত তেওঁ নিজৰ অন্য এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল । আজি অভিনেতাগৰাকীৰ জন্মদিন ৷ গতিকে এই বিশেষ দিনটোত তেওঁৰ সৈতে জড়িত কিছু নজনা কথা জানো আহক ৷

১৯৫৭ চনৰ ১ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱাকেশ্বৰত জন্মগ্ৰহণ কৰিছিল জেকী শ্ৰফে । তেওঁৰ প্ৰকৃত নাম জয়কিষণ কাকুভাই শ্ৰফ । জেকীয়ে এতিয়ালৈকে প্ৰায় ২৫০ খন ছবিত কাম কৰিছে । অৱশ্যে জেকীৰ জীৱনৰ কাহিনী কোনো ছবিতকৈ কম নহয় ৷ জেকীৰ জন্ম হৈছিল অতি দৰিদ্ৰ পৰিয়ালত । কিন্তু তেওঁ সদায় নিজৰ ওচৰ-চুবুৰীয়া মানুহক সহায় কৰিছিল, গতিকে মানুহে তেওঁক ‘জগ্গু দাদা’ বুলি ক’বলৈ ধৰিছিল । টকাৰ অভাৱত অভিনেতাগৰাকীয়ে একাদশ শ্ৰেণীৰ পিচত পঢ়া-শুনা এৰি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰে । তেওঁ ৰন্ধা-বঢ়াৰ প্ৰতি আকৰ্ষিত আছিল, গতিকে তাজ হোটেললৈ চাকৰি বিচাৰি গৈছিল, যদিও নাপালে চাকৰি ।

এইদৰেই পাইছিল মডেলিঙৰ অফাৰ

এদিন চাকৰি বিচাৰি ঘূৰি ফুৰাৰ সময়ত জেকী বাছ ষ্টেণ্ডত থিয় হৈ আছিল ৷ সেই সময়চোৱাত বাছ ষ্টেণ্ডত থিয় হৈ থকা এজন ব্যক্তিয়ে তেওঁৰ উচ্চতা দেখি সুধিছিল, ‘‘আপুনি মডেলিং কৰিবনে ?’’ ৷ ইয়াৰ উত্তৰত জেকীয়ে কৈছিল, ‘‘আপুনি টকা দিবনে ?’’ ইয়াৰ পৰাই জেকী শ্ৰফৰ ভাগ্য সলনি হৈছিল । এইটোৱেই আছিল জেকীৰ জীৱনৰ টাৰ্ণিং পইন্ট ৷

‘হিৰো’এ ভাগ্য সলনি কৰিলে

১৯৭৩ চনত ‘হীৰা পান্না ছবি’ৰ জৰিয়তে এই উদ্যোগত আত্মপ্ৰকাশ কৰিছিল জেকী শ্ৰফে । এই ছবিখনত তেওঁৰ নেতিবাচক ভূমিকা আছিল । ইয়াৰ পিচত তেওঁৰ ছবি ‘স্বামী দাদা’ মুক্তি পাইছিল, কিন্তু সেয়া সফল নহ’ল । তাৰ পিচত সুভাষ ঘাইৰ ‘হিৰো’ ছবিখনত অভিনয়ৰ সুযোগ পাইছিল । ছবিখন হিট হোৱাৰ লগতে অভিনেতাজন ছুপাৰষ্টাৰ ৰূপে পৰিগণিত হয় । এয়াই আছিল জেকীৰ জীৱনৰ চকা সলনি হোৱাৰ কাহিনী ৷

লগতে পঢ়ক: দক্ষিণৰ পৰা বলীউডলৈকে অভিনয়ৰ জগতখনত নিজৰ দক্ষতা প্ৰমাণ কৰা এইগৰাকী অভিনেত্ৰীক চিনি পাইছে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.