ETV Bharat / entertainment

বেবী বাম্পেৰে সিংঘম এগেইনৰ ছেটত এক্সন চীকুৱেঞ্চ দীপিকা পাডুকনৰ - DEEPIKA PADUKONE BABY BUMP

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 2:25 PM IST

DEEPIKA PADUKONE BABY BUMP : বেবী বাম্পৰ সৈতে শ্বুটিং স্প’টত দেখা গ’ল দীপিকা পাডুকনক ৷ শেহতীয়াকৈ দীপিকাই আহিবলগীয়া ছবি সিংঘম এগেইনৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে ৷ ছবিখনৰ ছেটৰ পৰা শ্বেয়াৰ কৰা কেইবাখনো ছবিত, দীপিকাক ইউনিফৰ্মত এক্সন চীকুৱেঞ্চ কৰি থকা দেখা গৈছে ৷

DEEPIKA PADUKONE BABY BUMP
সিংঘম এগেইনৰ ছেটত দীপিকা পাডুকনে প্ৰদৰ্শন কৰিলে বেবী বাম্প

চিটাৰা ডেস্ক, 17 এপ্ৰিল : অচিৰেই মাতৃত্বৰ সুখ লাভ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকী সিংঘম এগেইন শ্বুটিঙত ব্যস্ত হৈ আছে ৷ ছবিখনৰ ছেটৰ পৰা শ্বেয়াৰ কৰা কেইবাখনো ছবিত, দীপিকাক ইউনিফৰ্মত বেবী বাম্পেৰে এক্সন চীকুৱেঞ্চ কৰি থকা দেখা গৈছে ৷ আৰক্ষীৰ পোছাক পৰিধান কৰি থকা দীপিকাৰ বেবী বাম্প স্পষ্টভাৱে ধৰা পৰিছে ফটোখনত ৷

খাকী পোছাক পিন্ধি, চুলি পৰিপাটিকৈ পিন কৰা, দীপিকাই এটা এক্সন-পেকড দৃশ্যত থকা যেন লাগিছিল ।

দীপিকাই হাই ৱেইষ্ট পেণ্টেত এডাল ডাঙৰ বেল্ট মাৰি বেবী বাম্প লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও সিংঘম এগেইন ছেটৰ পৰা লীক হোৱা ভাইৰেল ফটোসমূহত দীপিকাৰ বেবী বাম্পটো স্পষ্ট হৈছিল । ফেন ক্লাবে শ্বেয়াৰ কৰিছিল এইসমূহ ফটো ৷ ফটোত বন্দী হোৱা দীপিকাক পৰিচালক চেট্টী আৰু ষ্টাণ্ট দলৰ পৰা নিৰ্দেশনা লাভ কৰা দেখা গৈছিল । যদিও দীপিকাই সাহসেৰে দৃশ্যসমূহ প্ৰদৰ্শন কৰিছিল, দীপিকাৰ সুৰক্ষাৰ বাবে ওটা ষ্টাণ্ট দল উপস্থিত আছিল আৰু লগতে শাৰীৰিকভাৱে কোনো ক্ষতি নোহোৱাকৈ সকলো সুবিধা গ্ৰহণ কৰা হৈছিল ৷

সিংঘম এগেইন ছবিখনত এগৰাকী আৰক্ষী হিচাপে দীপিকাৰ আত্মপ্ৰকাশ ঘটিব ৷ য'ত 'লেডী সিংঘম'ৰ চৰিত্ৰত অভিনয় কৰিছে ৷ দীপিকাৰ চৰিত্ৰটোৰ নাম শক্তি ছেট্টী বুলি ছবিখনত উল্লেখ কৰা হৈছে ৷ ছবিখনৰ ফাৰ্ষ্ট লুকৰ পোষ্টাৰখনত দীপিকাক কেইবাটাও জ্বলন্ত শৰীৰৰ এটা স্তুপত বহি থকা দেখা গৈছিল ৷ দীপিকাৰ পিচফালে এটা জ্বলন্ত অট্টালিকা, হাতত পিষ্টল লৈ ভয়ংকৰ অভিব্যক্তিৰে চাই থকা দেখা গৈছিল । পৰিচালক ছেট্টীয়ে তাইৰ চৰিত্ৰটোক সীতা আৰু দুৰ্গা দুয়োৰে ৰূপ হিচাপে বৰ্ণনা কৰিছিল।

বিগত বৰ্ষত হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত সিংঘম এগেইনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল ৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগনে ৷ তেওঁৰ লগত সহ তাৰকা-ৰণবীৰ সিং, কৰীণা কাপুৰ খান, অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফেও অভিনয় কৰিছিল ৷ দীপিকা আৰু স্বামী ৰণবীৰ সিঙে এই বৰ্ষৰ ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাব বুলি আশা কৰিছে ।

লগতে পঢ়ক: অন্তঃসত্ত্বা অৱস্থাত নিজকে কেনেদৰে ব্যস্ত ৰাখিছে দীপিকাই ? - DEEPIKA PADUKONE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.