ETV Bharat / entertainment

অন্তঃসত্ত্বা অৱস্থাত নিজকে কেনেদৰে ব্যস্ত ৰাখিছে দীপিকাই ? - DEEPIKA PADUKONE

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 12:53 PM IST

DEEPIKA PADUKONE : দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ফেব্ৰুৱাৰীত তেওঁলোক অচিৰেই পিতৃ-মাতৃ হ’ব বুলি ঘোষণা কৰিছিল ৷ গৰ্ভধাৰণৰ সময়তেই এইবাৰ দীপিকাই এক নতুন দক্ষতা শিকাৰ আভাস সামাজিক মাধ্য়মত ভাগ বাটোৱাৰা কৰিছে ৷

DEEPIKA PADUKONE
অন্তঃসত্ব অৱস্থাত নিজকে কেনেদৰে ব্যস্ত ৰাখিছে দীপিকাই ?

চিটাৰা ডেস্ক, 17 এপ্ৰিল : মাতৃ হ’ব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অচিৰেই পিতৃ-মাতৃ হ’ব বুলি ঘোষণা কৰিছিল ৷ তাৰ পিচৰ পৰাই দীপিকাই অন্তঃসত্ত্বাৰ দিনবোৰ উপভোগ কৰি আছে ৷ দীপিকাই নিজকে ব্যস্ত ৰাখিবলৈ বিভিন্ন কাৰ্যকলাপত জড়িত হৈ আছে ।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁ নতুনকৈ শিকি থকা এক কাৰিকৰী কামৰ এক আভাস শ্বেয়াৰ কৰিছিল ৷ দীপিকাই নতুনকৈ থ্ৰেড ডিজাইন কৰি থকা দেখা গৈছিল ফটোখনত ৷

দীপিকাই পোষ্টটোৰ কেপশ্যন লিখে যে, "আশা কৰো মই এই কাম সম্পূৰ্ণ কৰি দেখুৱাবলৈ সক্ষম হম ৷"

দীপিকা পাডুকনে আহিবলগীয়া সন্তানক আদৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ সেয়েহে তেওঁ এইকেইটা দিনত নিজকে স্বাস্থ্যৱান আৰু ব্যস্ত ৰাখিবলৈ নতুনকৈ এম্ব্ৰইডাৰী শিকাৰ সিদ্ধান্ত লৈছিল । এগৰাকী ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকীৰ এম্ব্ৰইডাৰী সন্দৰ্ভত মন্তব্য কৰে যে, 'এইটো ফুলকাৰী এম্ব্ৰইডাৰী, এগৰাকী মহিলা গৰ্ভৱতী হ’লে তেতিয়া ই তেওঁৰ সন্তানক উপহাৰ হিচাপে প্ৰদান কৰে ।"

উল্লেখ্য যে, দীপিকাক অচিৰেই আহিবলগীয়া ছবি কাল্কি ২৮৯৮ এডিত দেখা যাব । ইয়াৰ উপৰিও, দীপিকাক ৰোহিত ছেট্টীৰ 'সিংঘম এগেইন'তো দেখা যাব ৷

ৰণবীৰ সিং আৰু দীপিকা পাডুকন ২০১৮ চনত ইটালীত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহৰ পিচতহে তেওঁলোক দুয়োজনে প্ৰকাশ কৰিছিল যে দুয়োয়ে বিবাহৰ পূৰ্বে ছয় বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল । তাৰ পিচৰেপৰাই অনুৰাগীয়ে দম্পতীটোৰ ভাল খবৰৰ বাবে আগ্ৰহেৰে ৰৈ আছিল ৷ এই বৰ্ষৰ ছেপ্টেম্বৰ মাহত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ প্ৰথমটো সন্তান জন্ম দিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: ৩৮ বছৰ বয়সত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন; জানি লওক ৩০ বছৰৰ পিচত গৰ্ভধাৰণৰ জটিলতাসমূহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.