ETV Bharat / entertainment

মুম্বাইৰ সংগীতানুষ্ঠানত অনুৰাগীয়ে নিকৰ প্ৰতি দেখুওৱা মৰমত আবেগিক হৈ পৰিল প্ৰিয়ংকা চোপ্ৰা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 5:09 PM IST

Priyanka Chopra Post: প্ৰিয়ংকা চোপ্ৰাৰ কণ্ঠশিল্পী স্বামী নিক জ’নাছ বৰ্তমান মুম্বাইত আছে । আচলতে লোলাপালুজা সংগীত মহোৎসৱৰ বাবে মুম্বাইত আছে নিক । ইফালে নিক জ’নাছৰ কনচাৰ্টৰ প্ৰতি লাভ কৰা অপৰিসীম মৰম দেখি আৱেগিক হৈ পৰে প্ৰিয়ংকা চোপ্ৰা ।

Crowd Goes Berserk as Nick Jonas Sings in Mumbai; Priyanka Chopra thanks Mumbai
প্ৰিয়ংকা চোপ্ৰা মুম্বাইবাসীক জনালে ধন্যবাদ

চিটাৰা ডেস্ক, ২৮ জানুৱাৰী: বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা গায়ক নিক জ’নাছ বৰ্তমান তেওঁৰ শহুৰেকৰ ঘৰত অৰ্থাৎ মুম্বাইত আছে । দৰাচলতে নিক আৰু তেওঁৰ ভাতৃদ্বয় জো জ’নাছ আৰু কেভিন জ’নাছ বৰ্তমান লোলাপালুজা সংগীত মহোৎসৱৰ বাবে মুম্বাইত আছে ।

তাপসী পান্নুৰ পোষ্ট

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰাৰ সৈতে বিবাহৰ ৬ বছৰ পিচত প্ৰথমবাৰৰ বাবে ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰে নিক জ’নাছে ৷ ইফালে প্ৰথমবাৰৰ বাবে মুম্বাইত নিকৰ কনচাৰ্ট চাবলৈ ভিৰ কৰেহি লাখ লাখ লোকে ৷ অনুৰাগীয়ে সুন্দৰকৈ উপভোগ কৰে নিকৰ সংগীতানুষ্ঠান ৷ সম্প্ৰতি এই কনচাৰ্টৰ ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । এনে পৰিস্থিতিত এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰিয়ংকা চোপ্ৰাই । অভিনেত্ৰীগৰাকীয়ে মুম্বাই আৰু তেওঁৰ অনুৰাগীসকলক বিশেষ ভাৱে ধন্যবাদ জনাইছে।

প্ৰিয়ংকা চোপ্ৰাই জনালে ধন্যবাদ

স্বামী নিক জ’নাছৰ কনচাৰ্টে নিজৰ দেশ আৰু নিজৰ চহৰত লাভ কৰা অপৰিসীম মৰম দেখি আবেগিক হৈ পৰে প্ৰিয়ংকা চোপ্ৰা ৷ কনচাৰ্টৰ এটা ভিডিঅ’ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই, য’ত নিকক মঞ্চত গীত গাই থকা পৰিলক্ষিত হয় আৰু অনুৰাগীয়ে পটভূমিত তেওঁক 'জিজু-জিজু' অৰ্থাৎ ভিনদেউ বুলি চিঞৰি থকা দেখা যায় ৷ নিকৰ প্ৰতি মুম্বাইবাসীয়ে দেখুৱা মৰমত আপ্লুত হৈ পৰে প্ৰিয়ংকা ৷ এই ভিডিঅ’টোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “মাই হাৰ্ট থেংকছ মুম্বাই”।

অনুৰাগীৰ উপৰিও অভিনেত্ৰী তাপসী পান্নুৱেও নিক জ’নাছক ভিনদেউ বুলি টেগ কৰিছে । ভাইৰেল হৈ পৰিছে তাপসীৰ এটা ভিডিঅ’, য’ত তেওঁ আইচক্ৰীম খাই কৈছে যে ভিনদেউ মঞ্চত আছে ।

ইফালে শনিবাৰে নাটাছা পুনাৱালাই জ’নাছ ব্ৰাদাৰ্ছৰ বাবে এক বিশেষ পাৰ্টিৰ আয়োজন কৰিছিল, য’ত বহু চলচ্চিত্ৰ তাৰকাই অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: বনকৰা যুৱকক প্ৰহাৰ কৰা সন্দৰ্ভত ৰাহত ফাতেহ আলী খানে দিলে স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.