ETV Bharat / entertainment

বনকৰা যুৱকক প্ৰহাৰ কৰা সন্দৰ্ভত ৰাহত ফাতেহ আলী খানে দিলে স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:50 AM IST

Rahat Fateh Ali Khan Apologises: বনকৰা যুৱকক নিৰ্মম প্ৰহাৰ কণ্ঠশিল্পী ৰাহত ফাতেহ আলী খানৰ ৷ ইয়াৰ পিচত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিডিঅ’ ৷ এতিয়া ভিডিঅ’ শ্বেয়াৰ কৰি ক্ষমা খুজিছে ৰাহত ফাতেহ আলী খানে ।

Assault Video: Singer Rahat Fateh Ali Khan Apologises
ৰাহত ফাতেহ আলী খানে দিলে স্পষ্টীকৰণ

চিটাৰা ডেস্ক, ২৮ জানুৱাৰী: পাকিস্তানী কণ্ঠশিল্পী ৰাহত ফাতেহ আলী খানক লৈ শেহতীয়াকৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে । টুইটাৰত কণ্ঠশিল্পীগৰাকীৰ এটা ভিডিঅ’ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে, য’ত কণ্ঠশিল্পীগৰাকীয়ে নিজৰ বনকৰা যুৱকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰা দেখা যায় ৷ ভিডিঅ’টোত দেখা পোৱা অনুসৰি বনকৰা ল’ৰাটোক চেণ্ডেলেৰ কোবাই কোবাই টেবুলত ৰখা বটলটো ক’লৈ গ’ল বুলি প্ৰশ্ন কৰে ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যাপকভাৱে ট্ৰ’ল কৰে ৰাহত ফাতেহ আলী খানক । আনকি পাকিস্তানৰ জনসাধাৰণেও এই ভিডিঅ’টো চাই কণ্ঠশিল্পীগৰাকীক ব্যাপকভাৱে সমালোচনা কৰে ।

উল্লেখ্য যে, এজন ব্যৱহাৰকাৰীয়ে ৰাহত ফাতেহ আলী খানৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অবিৰতভাৱে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে অতি কম সময়ত এই ভিডিঅ’টো ভাইৰেল হৈ পৰে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতে এতিয়া এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ এটা ভিডিঅ’ শ্বেয়াৰ কৰি বনকৰা যুৱকজনৰ ওচৰত ক্ষমা খোজে ৰাহত ফাতেহ আলী খানে ৷

ৰাহাতে শ্বেয়াৰ কৰা ভিডিঅ’টোত, তেওঁৰ কাষত থিয় হৈ থকা দেখা গৈছে বনকৰা যুৱক আৰু তেওঁৰৰ পিতৃক ৷ ভিডিঅ’টোত ৰাহতে প্ৰথমে বনকৰা যুৱকজনৰ ওচৰত ক্ষমা খোজে, তাৰ পিচত কয়, ‘‘আপোনালোকে দেখা ভিডিঅ’টোত এজন মাষ্টৰ আৰু এজন শিষ্যৰ মাজত হোৱা পাৰস্পৰিক সম্পৰ্কৰ বিষয় হে । মোৰ লগত থিয় হৈ আছে মোৰ সন্তান, মোৰ শিষ্য । এজন গুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক এনেকুৱা যে শিষ্যই ভাল কাম কৰিলে তেওঁক ভাল পায় আৰু ভুল কৰিলে তেওঁৰ বিচাৰ কৰে ।’’

ইয়াৰ পিচত বনকৰা যুৱকজনে কয়, ‘‘ভিডিঅ’টোত কোৱা বটলটো সুৰাৰ বটলৰ বিষয়ে কোৱা নাই, তেওঁ হোলী পানীৰ বটল (পবিত্ৰ পানী)ৰ কথা হে কৈছে । মই সেই বটলটো ক’ত ৰাখিছিলো পাহৰিলোঁ । তেওঁ মোৰ গুৰু, তেওঁ মোক বহুত ভাল পায় । ভিডিঅ’টো চাই মানুহে যি ভাবি আছে তেনেকুৱা একোৱেই হোৱা নাই ৷ মোৰ ওস্তাদ জীক বদনাম কৰাৰ প্ৰয়াস কৰা হৈছে । তেওঁ মোক বহুত ভাল পায় । মই তেওঁৰ লগত বহুদিনৰ পৰা আছো । ’’

ইয়াৰ পিচত ৰাহত ফাতেহ আলী খানে কয়,’’ মই তেওঁৰ ওচৰত ক্ষমা খুজিছো ।’’ কিন্তু বনকৰা যুৱকজনে কয়, ‘‘তেওঁ মোতকৈ ডাঙৰ, তেওঁৰ প্ৰতি মোৰ মৰম আৰু সন্মান আছে । ’’

লগতে পঢ়ক: প্ৰাক্তন স্বামী শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ পাচত ছানিয়াৰ প্ৰথমটো পোষ্ট শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.