ETV Bharat / entertainment

কৃষ্ণা অভিষেকে নিশ্চিত কৰিলে ভগ্নী আৰতি সিঙৰ বিয়াৰ খবৰ

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:06 PM IST

Arti Singh Wedding: টিভি অভিনেত্ৰী আৰতি সিঙৰ বিবাহৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে । ইয়াৰ মাজতে তেওঁৰ ভাতৃ কৃষ্ণা অভিষেকে অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ নিশ্চিত কৰিছে ।

Comedian Krushna Abhishek confirmed the news of his sister Arti singhs wedding
আৰতিৰ বিয়াত মোমায়েক গোবিন্দাক দিব নে নিমন্ত্ৰণ

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: জনপ্ৰিয় কমেডিয়ান কৃষ্ণা অভিষেকৰ ভগ্নী টিভি অভিনেত্ৰী আৰতি সিঙৰ বিবাহৰ খবৰে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে । আগন্তুক এমাহৰ ভিতৰত অতি সোনকালেই প্ৰেমিক দীপক চৌহানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অভিনেত্ৰীগৰাকী । অৱশ্যে এই সন্দৰ্ভত আৰতিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে অহা নাই । কিন্তু এতিয়া আৰতিৰ ককায়েক অৰ্থাৎ কৃষ্ণাই এই খবৰ নিশ্চিত কৰিছে ।

ভগ্নী আৰতি সিঙৰ বিবাহ নিশ্চিত কৰিছে কৃষ্ণাই

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কৃষ্ণা অভিষেকে আৰতি সিঙৰ বিবাহ সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰে। সাক্ষাৎকাৰত কৃষ্ণাই আৰতিৰ বিবাহৰ খবৰটো সঁচা বুলি কৈছে । কেৱল এয়াই নহয়, কৃষ্ণাই প্ৰথম অতিথিৰ নামো প্ৰকাশ কৰিছে, যাক তেওঁ আৰতিৰ বিয়াৰ প্ৰথম কাৰ্ড পঠিয়াব ।

কৃষ্ণাই সাক্ষাৎকাৰত হাঁহি হাঁহি কয়, ‘‘মই আৰতিক বুজাই থাকো যে বিয়াত বেছি টকা খৰচ কৰিব নালাগে । অৱশ্যে আমি এতিয়াও অপেক্ষা কৰি আছো বিয়াৰ আনুষ্ঠানিক ঘোষণালৈ । এই সন্দৰ্ভত আমি অতি সোনকালে আপোনালোকক সকলো সবিশেষ দিম ।’’

কৃষ্ণাক সোধা হৈছিল যে তেওঁৰ গোবিন্দা মামা এই বিয়াত উপস্থিত থাকিব নেকি ? এই বিষয়ে কমেডিয়ানজনে ক’লে,‘‘ তেওঁ আমাৰ পৰিয়ালৰ সদস্য আৰু তেওঁ হ’ব প্ৰথমজন ব্যক্তি যিয়ে বিয়াৰ বাবে নিমন্ত্ৰণ লাভ কৰিব । তেওঁৱে প্ৰথম নিমন্ত্ৰণ পাব । তেওঁ মোৰ মোমায়েক । হয়, বহু কথাত আমাৰ মাজত মিল নাই কিন্তু সেয়া বেলেগ বিষয় । কিন্তু প্ৰথম বিয়াৰ কাৰ্ডখন তেওঁৰ হাতলৈ হে যাব আৰু তেওঁ নিশ্চয় বিয়ালৈ আহিব । এইখন আৰতিৰ বিয়া আৰু তেওঁ তাইক বহুত ভাল পায় । ’’

কৃষ্ণা-গোবিন্দাৰ মাজত কিয় মনোমালিন্য চলি আছিল ?

যোৱা কেইবছৰমানৰ পৰা কৃষ্ণা আৰু গোবিন্দাৰ মাজত মনোবিৰোধ চলি আছে । দুয়ো পৰিয়ালে কোনো কাৰো সৈতে কথা নাপাতে, কিন্তু ইয়াৰ পিচতো কৃষ্ণাই অতি আত্মবিশ্বাসী যে তেওঁৰ মোমায়েক গোবিন্দা আৰু মামীয়েক সুনীতা আৰতিৰ বিয়াত নিশ্চয় উপস্থিত থাকিব । খবৰ অনুসৰি আৰতি সিঙৰ বিবাহ এপ্ৰিল-মে’ মাহত হ’ব । সম্প্ৰতি আৰতিয়ে ইয়াৰ বাবে গন্তব্যস্থান বিচাৰি আছে ।

লগতে পঢ়ক: বিবাহৰ ১২ বছৰৰ পিচত বিচ্ছেদৰ সিদ্ধান্ত ল’লে ঈশা দেওল-ভৰত তখতানীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.