ETV Bharat / entertainment

১৪ বছৰ বয়সত নিৰ্যাতনৰ বলি হৈছিল ভূমি পেডনেকাৰ, এই কথা খোদ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:13 PM IST

Bhumi Pednekar on harassment: শেহতীয়াকৈ ভূমি পেডনেকাৰে শ্বেয়াৰ কৰিছে তেওঁৰ সৈতে হোৱা নিৰ্যাতনৰ কাহিনী । অভিনেত্ৰীগৰাকীয়ে কয় যে ১৪ বছৰ বয়সত নিৰ্যাতনৰ বলি হৈছিল ।

Bhumi Pednekar opens up about being touched inappropriately
১৪ বছৰ বয়সত নিৰ্যাতনৰ বলি হৈছিল ভূমি পেডনেকাৰ

চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ নিজৰ জোৰদাৰ অভিনয়ৰ বাবে পৰিচিত । কিন্তু সকলোৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত থাকে যিটো হয়তো কোনেও কাৰো সৈতে শ্বেয়াৰ কৰিব নিবিচাৰে ৷ তেনেকৈ ভূমিৰ জীৱনতো সংঘটিত হৈছিল এনে এক ঘটনা যিটো মনত পেলালে আজিও শিহৰিত হৈ পৰে অভিনেত্ৰীগৰাকী ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনত সন্মুখীন হোৱা হাৰাশাস্তিৰ যন্ত্ৰণাদায়ক কাহিনী মুকলিকৈ শ্বেয়াৰ কৰিছে ।

১৪ বছৰ বয়সতে নিৰ্যাতনৰ বলি হৈছিল ভূমি পেডনেকাৰ

বৰ্তমান ভূমি পেডনেকাৰ তেওঁৰ আগন্তুক ছবি ‘ভক্ষক’ৰ বাবে চৰ্চাত আছে । এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাই আছে । এই সময়চোৱাত তেওঁৰ লগত ঘটা এটা ভয়ংকৰ ঘটনাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে কয় যে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁক নিৰ্যাতন চলোৱা হৈছিল । এই ঘটনাই ভূমিক মানসিকভাৱে ভাঙি পেলাইছিল ।

ভূমিয়ে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয়, ‘‘বান্দ্ৰাৰ মেলালৈ যোৱা দিনটো মোৰ এতিয়াও বহুত ভালকৈ মনত আছে । সেই সময়ত মই সৰু আছিলোঁ । মোৰ বয়স প্ৰায় ১৪ বছৰ আছিল । মই মোৰ পৰিয়ালৰ সৈতে সেই মেলালৈ গৈছিলোঁ । মই খোজ কাঢ়ি গৈ থাকোঁতে কোনোবাই বাৰে বাৰে পিঠিত চিকুটি আছিল । কোনোবাই অনবৰতে মোক অনুচিতভাৱে স্পৰ্শ কৰি আছিল । মই বুজি পাইছিলো যে কিবা বেয়া হৈ আছে ৷ পিচলৈ ঘূৰি চাওঁতে তাত কোনো নাছিল । সেই সময়চোৱাত মোৰ সৈতে বিল্ডিঙত থকা আন ল’ৰা-ছোৱালীও আছিল ।’’

অভিনেত্ৰীগৰাকীয়ে লগতে ক’লে, ‘‘সেই সময়ত মই কাকো একো কোৱা নাছিলো কাৰণ এই ঘটনাৰ পিচত মই বিচলিত হৈছিলো ৷ মোৰ কি হৈছিল মই বুজিব পৰা নাছিলো । কিন্তু সেই ব্যক্তিজনে মোৰ শৰীৰটোক যিদৰে স্পৰ্শ কৰিছিল, মোৰ এতিয়াও মনত আছে । আপোনাৰ শৰীৰে এনেবোৰ কথা মনত পেলায় । এইটো এটা আঘাত যাৰ পৰা আপুনি কেতিয়াও আৰোগ্য লাভ কৰিব নোৱাৰে ।’’

ভূমিৰ ৱৰ্ক ফ্ৰণ্ট

৯ ফেব্ৰুৱাৰীত নেটফ্লিক্সত মুক্তি পাবলগীয়া থ্ৰিলাৰ ছবি ‘ভাক্ষক’ত দেখা যাব ভূমিক । এটা সঁচা ঘটনাৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনী । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে । ছবিখনত ভূমিয়ে এগৰাকী মহিলা সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে বালিকা গৃহৰ আঁৰত ছোৱালীৰ বিৰুদ্ধে হোৱা অপৰাধ উদঙাই দিবলৈ চেষ্টা কৰে ।

লগতে পঢ়ক: পুনম পাণ্ডেৰ বিৰুদ্ধে ক্ষোভ চেলিব্ৰিটিৰ, ক’লে- সস্তীয়াৰ প্ৰচাৰৰো সীমা থাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.