ETV Bharat / entertainment

নক্সালবাদীক প্ৰতিশোধ ল’বলৈ আহি আছে অদা শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:43 PM IST

Updated : Feb 6, 2024, 4:55 PM IST

Bastar The Naxal Story Teaser: অদা শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘বস্তৰ-দ্য নক্সাল ষ্ট’ৰী’ৰ টিজাৰ মুকলি ।

Bastar Teaser: Adah Sharma Turns Warrior Against Naxals in Sudipto Sen's Film
বস্তৰ দ্য নক্সাল ষ্ট’ৰী টিজাৰ

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: ‘দ্য কেৰালা ষ্ট’ৰী’ৰ পিচত পুনৰ আন এটা সমস্যাক লৈ উভতি আহিছে অদা শৰ্মা । আজি মুক্তি লাভ কৰিছে ছবিখনৰ টিজাৰ ৷ অদা শৰ্মাৰ বহু প্ৰত্যাশিত ছবিখনৰ শিৰোনাম হৈছে ‘বস্তৰ-দ্য নক্সাল ষ্ট’ৰী’ । এই টিজাৰত অদাই নক্সালবাদীৰ প্ৰকৃত মুখ উদঙাই দিয়া দেখা যায় । ‘বস্তৰ’ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ লগে লগে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

টিজাৰত কি দেখুওৱা হৈছে ?

টিজাৰৰ আৰম্ভণিতে অদা শৰ্মা অভিনীত চৰিত্ৰটোৱে কৈছে, ‘‘পাকিস্তানৰ সৈতে আমাৰ মুখামুখিত ৮ হাজাৰ ৭৩৮ জোৱান শ্বহীদ হৈছে । কিন্তু আপুনি জানেনে যে আমাৰ দেশত নক্সালবাদীয়ে ১৫ হাজাৰৰো অধিক জোৱানক হত্যা কৰিছে । আমাৰ ৭৩ জন সৈনিকক বস্তৰত নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু তাৰ পিচত জেএনইউত উদযাপন কৰা হৈছিল ।’’

ইয়াৰ চৰিত্ৰটোৱে কয়,‘‘জে এন ইউ বিশ্ববিদ্যালয়ে আমাৰ জোৱানৰ শ্বহীদ উদযাপন কৰিছিল । এনে চিন্তা ক’ৰ পৰা আহে ? এই নক্সালবাদীসকলে বস্তৰত ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে । তেওঁলোকক সমৰ্থন কৰি আছে ডাঙৰ চহৰৰ বাওঁপন্থী উদাৰবাদীসকলে । বাওঁপন্থীসকলক ৰাস্তাত থিয় কৰাই ৰাজহুৱাভাৱে গুলীচালনা কৰিম । তাৰ পিচত তাক ফাঁচী কাঠত ওলমাই দিব । জয় হিন্দ ।’’

আদা শৰ্মাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এই টিজাৰটো শ্বেয়াৰ কৰিছে । টিজাৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে , ‘‘এই কাহিনীটো সেইসকল লোকৰ বিষয়ে, যাৰ হাতত নিৰীহ লোকৰ তেজৰ দাগ লাগিছে । 'বস্তৰ- দ্য নক্সাল ষ্ট'ৰী টিজাৰ' মুক্তি পালে । ’’

উল্লেখ্য যে, এই ছবিখন পৰিচালনা কৰিছে সুদীপ্ত সেনে । এই ছবিখন ২০২৪ চনৰ ১৫ মাৰ্চত মুক্তি পাব । ইয়াৰ পূৰ্বে অদা শৰ্মাক ‘দ্য কেৰালা ষ্ট’ৰী’ত দেখা গৈছিল । ছবিখনে বক্স অফিচত ভংগ কৰিছিল অভিলেখ । এই ছবিখনৰ পৰাই অধিক লাইমলাইটলৈ আহিছিল অভিনেত্ৰী অদা শৰ্মা ।

লগতে পঢ়ক: সন্দেহৰ আৱৰ্তত সাতজন লোক, পংকজ ত্ৰিপাঠীয়ে উদঙাব হত্যাকাৰীৰ মুখ

Last Updated : Feb 6, 2024, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.