ETV Bharat / entertainment

লোকসংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ মঞ্চই মঞ্চই তেজপুৰৰ নক্ষত্ৰ - Folk cultural band Nakshatra

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 7:43 PM IST

অসমীয়া লোকসংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ মঞ্চই মঞ্চই ঘূৰিলে নক্ষত্ৰ ৷ সাংস্কৃতিক নগৰীত জন্মলাভ কৰা নক্ষত্ৰই লাভ কৰিছে দৰ্শকৰ অফুৰন্ত মৰম-আশীৰ্বাদ ৷

FOLK CULTURAL BAND NAKSHATRA
তেজপুৰৰ নক্ষত্ৰ
লোকসংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ মঞ্চই মঞ্চই তেজপুৰৰ নক্ষত্ৰ

তেজপুৰ, ১৬ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে অসমীয়াই উদযাপন কৰি আছে বাপতি সাহোন ৰঙালী বিহু । কেউফালে নিৰ্বাচনী বতাহ যদিও ম্লান পেলাবলৈ সক্ষম হোৱা নাই বিহুৰ উন্মাদনা ৷ বিহুবলীয়া অসমীয়াই পূৰ্বৰ দৰেই উদযাপন কৰি আছে হেঁপাহৰ বিহুটি ৷ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ আছে বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহো ৷

বিহু দলৰ সমান্তৰালকৈ আন সাংস্কৃতিক দলসমূহেও অব্যাহত ৰাখিছে বিহুৰ অনুষ্ঠান ৷ সাংস্কৃতিক নগৰী তেজপুৰত জন্মলাভ কৰা ‘নক্ষত্ৰ-এক অবিৰত যাত্ৰা’ নামৰ লোকবাদ্য পৰিৱেশনৰ দলটোৱে অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী লাভ কৰিবলৈ সক্ষম হৈছে ৷ তেজপুৰৰ এদল সৃষ্টিশীল তৰুণ-তৰুণীৰ সৃষ্টিশীলতাৰে সমুজ্জ্বল এই ‘নক্ষত্ৰ’৷

নিজৰ সংস্কৃতিৰ প্ৰতি অত্যন্ত টান থকা নৱ প্ৰজন্মৰ প্ৰতিভাশালী ২৫ গৰাকী যুৱক-যুৱতী একত্ৰিত হৈ সাংস্কৃতিক দল ‘নক্ষত্ৰ’ক প্ৰাণ দিছে ৷ ইতিমধ্যে সাংস্কৃতিক দলটোৱে মঞ্চত পৰিৱেশন কৰা লোক সংগীত, শংকৰী, সত্ৰীয়া ওজাপালি, বিহু ,বাগৰুম্বা, চাহ জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰে আপ্লুত কৰিছে শ্ৰোতা-দৰ্শকক ।

বৰতাল, মাদল, ডবা, কাঁহ, খোল, ঢোল, বাঁহী আদি পৰিৱেশন কৰি দলটোৱে ৰজনজনাই তুলিছে ব’হাগৰ সাংস্কৃতিক মঞ্চ ৷ নতুনৰ প্ৰতিশ্ৰুতি কঢ়িয়াই অনা ব’হাগৰ এই বিনন্দীয়া বতৰত বৰ্ণিল অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰৰে ৰাইজক সন্মোহিত কৰিছে নক্ষত্ৰই ৷

বড়ো, হাজং, ৰাভা, সত্ৰীয়া আৰু ওজাপালিৰ বুটা বাছি মঞ্চত সৃষ্টি কৰিছে সমন্বয়ৰ ৰামধেনু ৷ ইতিমধ্যে তেজপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন মঞ্চত আৰম্ভ হৈছে নক্ষত্ৰ- এক অবিৰত যাত্ৰা দলটোৰ অনুষ্ঠান পৰিৱেশন ৷ উল্লেখ্য যে অহা ২৭ এপ্ৰিলত নতুন দিল্লীত সাংস্কৃতিক দলটোৱে অনুষ্ঠান পৰিৱেশন কৰিব ।

লগতে পঢ়ক: শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.