ETV Bharat / entertainment

হিন্দী, তামিল, তেলুগু, বঙালী ভাষাত ডাব হ’ব বীৰাঙ্গনা সাধনী

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 3:03 PM IST

Birangana Sadhani: পূৰ্ণগতিত চলিছে অসমীয়া ছবি "বীৰাঙ্গনা সাধনী"ৰ চিত্ৰগ্ৰহণ । ইয়াৰ মাজতে আহিছে এক সুখবৰ । হিন্দী, তামিল, তেলুগু আৰু বঙালী ভাষাত ডাব হ’ব ছবিখনৰ ।

Assamese film Birangana Sadhani will be dubbed in Hindi, Tamil, Telugu and Bengali
ডাব হ’ব বীৰাঙ্গনা সাধনী

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: পূৰ্ণগতিত চিত্ৰগ্ৰহণ চলি আছে অসমীয়া ছবি ‘বীৰাঙ্গনা সাধনী’ৰ ৷ ইয়াৰ মাজতে এতিয়া ইয়াৰ সৈতে জড়িত আন এক সুখবৰ আহিছে । ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা ছবি ‘বীৰঙ্গনা সাধনী’ৰ ডাব হ’ব হিন্দী, তামিল, তেলুগু আৰু বঙালী ভাষাত ।

বলীউডৰ এটি আগশাৰীৰ প্ৰডাকশ্যন হাউছে ‘বীৰাঙ্গনা সাধনী’ৰ চিত্ৰগ্ৰহণৰ কিছু ফুটেজ দেখিয়েই ছবিখন সমগ্ৰ ভাৰতবৰ্ষত হিন্দী, তামিল, তেলুগু আৰু বঙালী ভাষাত মুক্তি দিয়াৰ বাবে আগবাঢ়ি আহিছে । সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে নিৰ্মাতাগোষ্ঠীৰ । যি খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ছবিপ্ৰেমী ৰাইজক ।

উল্লেখযোগ্য যে, অসমীয়া ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ থকা বীৰাঙ্গনা সকলৰ ভিতৰত অন্যতম হৈছে বীৰাঙ্গনা সতী সাধনী । বীৰাঙ্গনাৰ সতী সাধনীৰ জীৱনগাথা তথা ত্যাগৰ কাহিনীৰে নিৰ্মাণ হৈ আছে বিশ্বজিৎ বৰাৰ ‘বীৰাঙ্গনা সাধনী’ । প্ৰায় ৮-১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ছবিখনত তিনিটা পৰ্যায়ত যুদ্ধৰ দৃশ্যাংশ থাকিব । ইতিমধ্যে ছবিখনৰ প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণৰ সফল ভাৱে সমাপ্তি ঘটিছে ।

এই ছবিখনত মহাৰাণী ৰুক্মিণী দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী মলয়া গোস্বামীয়ে । আনহাতে সুৰধ্বজ পালৰ এক জটিল চৰিত্ৰত দেখা যাব অসমৰ নাট্যজগত আৰু ৰূপালী পৰ্দাত খলকনি তোলা অভিনেতা মৃদুল চুতীয়াক । মহামন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিব বিশিষ্ট অভিনেতা তপন দাসে ।

লগতে নীতিপালৰ ৰূপত দেখিবলৈ পোৱা যাব মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ লুকানন্দক । লুকানন্দ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান দখলকাৰী, ১৪ বছৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিক্ৰমাৰ পৰিপূৰ্ণ এগৰাকী অভিনেতা, পৰিচালক তথা মডেল । ইফালে মুক্তিৰ পূৰ্বেই ছবিখনৰ প্ৰতি সকলোৱে দেখুওৱা এই সঁহাৰি তথা সমাদৰ সঁচাকৈ উল্লেখনীয় । আহিবলগীয়া এই নতুন ছবিখনৰ বাবে এতিয়া আশাবাদী সকলো।

লগতে পঢ়ক: চেলেঞ্জত যতীন বৰাৰ সৈতে দেখা বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.