ETV Bharat / entertainment

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া তথ্যচিত্ৰ ফেহুঁজালি - Assamese documentary film Fehujali

author img

By ANI

Published : Jun 11, 2024, 1:28 PM IST

Assamese documentary film Fehujali : মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব হতাশাগ্ৰস্ত যুৱক-যুৱতীৰ ওপৰত আধাৰিত অতি প্ৰশংসিত অসমীয়া তথ্যচিত্ৰ ‘ফেহুঁজালি’ । ২১ জুনত প্ৰদৰ্শিত হ’ব এই ছবিখন ।

Assamese documentary film Fehujali
অসমীয়া তথ্যচিত্ৰ ফেহুঁজালি (ETV Bharat)

চিটাৰা ডেস্ক, 11 জুন : ইতিমধ্যে ২০২৪ চনৰ ২৮ মাৰ্চত অনুষ্ঠিত হৈ যোৱা সপ্তম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰি উল্লেখযোগ্য স্থান দখল কৰিছে ফেহুঁজালিয়ে । অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বাৰা প্ৰযোজিত 'ফেহুঁজালি' পৰিচালনা কৰিছে ড৹ পাৰ্থ সাৰথি মহন্তই যি বৰ্তমান আইজিপি (বিশেষ টাস্ক ফ'ৰ্চ) হিচাপে নিযুক্ত হৈ আছে ৷ ছবিখনৰ ইংৰাজী উপশীৰ্ষক ড৹ জোভিয়াল কলিতাই প্ৰস্তুত কৰিছে ।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, আইপিএছ জি পি সিঙে ছবিখনৰ গুৰুত্বপূৰ্ণ বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, "আমি কিছুমান ডেকা ল'ৰা আৰু ছোৱালীক সন্ত্ৰাসবাদী গোটৰ শিবিৰত যোগদান কৰা দেখিছোঁ, তেওঁলোক বিভিন্ন ধৰণৰ ছলনাৰ মাজত আৱদ্ধ হৈ পৰিছিল । আমি এনে প্ৰচাৰ অভিযানৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা সকলৰ হতাশাগ্ৰস্ত জীৱনৰ সঁচা কাহিনী ৰাজহুৱা ক্ষেত্ৰলৈ অনাৰ সিদ্ধান্ত লৈছিলো । তেওঁলোকে তেওঁলোকৰ জীৱনৰ এই কাহিনী একেধৰণৰ যুৱক-যুৱতীৰ সৈতে ভাগ বতৰা কৰিব বিচাৰিছিল যাতে তেওঁলোকে কৰা একেভুল দুনাই নহয় । আমাৰ যুৱক-যুৱতীসকলক বাস্তৱ জগতখন সন্দৰ্ভত জাগ্ৰত কৰাৰ এইটো প্ৰয়াস আমাৰ ।’’

পৰিচালক ড৹ মহন্তই চলচ্চিত্ৰখনৰ বৰ্ণনা ব্যাখ্যা কৰি কয়, "তথ্যচিত্ৰখনে ৰাজ্যখনৰ ভিতৰৰ প্ৰান্তীয় যুৱক-যুৱতীসকলৰ জীৱন সংগ্ৰাম দেখুৱাই, উগ্ৰপন্থী দলবোৰে আৰ্থিক প্ৰলোভনকে ধৰি বলপূৰ্বক পদ্ধতি ব্যৱহাৰ কৰি নিযুক্তিৰ কৌশল হিচাপে তেওঁলোকক ফান্দত পেলোৱা কাহিনী বৰ্ণনা কৰে ছবিখনে ।’’

‘‘অসমক ভাৰতৰ পৰা মুক্ত কৰাৰ তেওঁলোকৰ কথিত অভিযানৰ অসাৰ্থকতা উপলব্ধি কৰাৰ পিচত এই যুৱক-যুৱতীসকলে সন্মুখীন হোৱা হতাশা উপস্থাপন কৰা হয় ছবিখনত ৷ তেওঁলোক ঘৰলৈ উভতি অহা যাত্ৰাটো ভগ্ন সপোন আৰু নতুনকৈ বুজি উঠা স্পষ্টতাৰ মাজত আৱদ্ধ হৈ থাকে ।’’ ড৹ মহন্তই কয় ৷

তথ্যচিত্ৰখনে ৰাজ্যখনৰ দুখীয়া যুৱক-যুৱতীসকলৰ দুৰ্দশাৰ বিষয়ে উপস্থাপন কৰিছে, যাক উগ্ৰপন্থী গোটবোৰে ধনৰ প্ৰলোভনকে ধৰি বিভিন্ন বলপূৰ্বক কৌশলৰ জৰিয়তে সম্ভাৱ্য নিযুক্তি হিচাপে লক্ষ্য কৰি লৈছে ।

এবাৰ অন্তৰ্ভুক্ত হোৱাৰ পিচতে এই যুৱক-যুৱতীসকলে অসমক ভাৰতৰ পৰা মুক্ত কৰিবলৈ তেওঁলোকৰ তথাকথিত অভিযানৰ অসাৰ্থকতা অতি সোনকালেই বুজি উঠে । তেওঁলোকে উপলব্ধি কৰে যে তেওঁলোক কিছুমান বিদেশী শক্তিৰ দ্বাৰা মিছা দেশপ্ৰেম দেখুৱাই শোষণ কৰা বন্ধকী ৷ তাৰ পাচত আৰম্ভ হয় তেওঁলোকৰ ঘৰলৈ উভতি অহাৰ যাত্ৰা ।

তথ্যচিত্ৰখনে ব্যাপক প্ৰশংসা লাভ কৰিছে ৷ ইয়াৰ শক্তিশালী ব্যাখ্যা আৰু প্ৰভাৱশালী বাৰ্তাৰ বাবে দৰ্শকে যথেষ্ট শলাগ লৈছে । ১৫ জুনৰ পৰা ২১ জুনলৈ অনুষ্ঠিত হ’ব এই মহোৎসৱ ।

জনপ্ৰিয়ভাৱে এম আই এফ এফ নামেৰে পৰিচিত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ফৰ ডকুমেণ্টৰী, শ্বৰ্ট ফিকশ্যন এণ্ড এনিমেশ্যন ১৯৯০ চনত বি আই এফ এফ নামেৰে আৰম্ভ হৈছিল আৰু পিছলৈ পুনৰ এম আই এফ এফ নামেৰে নামকৰণ কৰা হয় । ইয়াৰ আয়োজন কৰিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে । এম আই এফ এফৰ আয়োজক সমিতিৰ নেতৃত্বত আছে সচিব, আই এণ্ড বি আৰু ইয়াত বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্ব, তথ্যচিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ সংবাদ মাধ্যমৰ বিষয়াসকলো অন্তৰ্ভুক্ত হৈ আছে ।

চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইট অনুসৰি, "এমআইএফএফে সমগ্ৰ বিশ্বৰ তথ্যচিত্ৰ নিৰ্মাতাসকলক সাক্ষাৎ, ধাৰণা বিনিময়ৰ সুবিধা দিয়াৰ লগতে তথ্যচিত্ৰ, চুটি আৰু এনিমেশ্যন চলচ্চিত্ৰৰ সহ-প্ৰযোজনা আৰু বিপণনৰ সম্ভাৱনা অন্বেষণ কৰা আৰু লগতে বিশ্ব চলচ্চিত্ৰৰ তুলনাত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দৃষ্টিভংগী বহল কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে ।’’

লগতে পঢ়ক : সপ্তম নতুন দিল্লী বোলছবি মহোৎসৱত ‘ফেঁহুজালি’লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান - fehujali documentary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.