ETV Bharat / entertainment

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ ‘‘বৰুৱাৰ সংসাৰ’’ - New York Indian Film Festival

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 1:30 PM IST

Baruar Sansar to be screened at NYIFF : পুনৰ অসমীয়া সংস্কৃতিক জগতৰ বাবে এটা সু-খবৰ । নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2024 ত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ ‘‘বৰুৱাৰ সংসাৰ’’ ৷

New York Indian Film Festival
নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ 'বৰুৱাৰ সংসাৰ'

চিটাৰা ডেস্ক, ২২ এপ্ৰিল : ১৯২৩ চনত মহানগৰী লতাশিল খেলপথাৰৰ সমীপত নিৰ্মাণ কৰা এটা বাসগৃহ । ১০০ বছৰ পুৰণি এই ঘৰটো সাক্ষী হৈ ৰৈছে অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ । সমান্তৰালভাৱে ঐতিহ্যমণ্ডিত এই ঘৰটোৰ পৰাই অসমৰ সামাজিক সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে "বৰুৱা ব্ৰাডাৰ্ছে" ।

এই ঘৰটো হৈছে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱাৰ । এই ৯ গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, খেল তথা ৰাজনীতিৰ দিশৰ সৈতে জড়িত হৈ ৰাজ্যখনলৈ যথেষ্টখিনি অৱদান আগবঢ়াইছে ।

ইফালে পুৰণিকলীয়া এই ঘৰটো আজিও আছে একেই ৰূপত । লতাশিলৰ সেই দিশেৰে পাৰ হৈ যোৱা প্ৰায় প্ৰতিগৰাকী লোকৰ আজিও দৃষ্টি আকৰ্ষণ কৰে সেই বিশেষ ঘৰটোৱে । এই আদৰ্শবান পৰিয়াল আৰু বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ কৰা এখন অসমীয়া তথ্যচিত্ৰ হৈছে "বৰুৱাৰ সংসাৰ" ।

তথ্য চিত্ৰখন নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে । আনহাতে ৭১ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই । এই তথ্যচিত্ৰখনৰ সহযোগী পৰিচালনা ভাস্কৰ জ্যোতি দাসৰ লগতে সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ । সহকাৰী পৰিচালিকা হিচাপে আছিল মনস্বিনী মহন্ত ।

"বৰুৱাৰ সংসাৰ" তথ্যচিত্ৰখনে বিগত বর্ষৰ নৱেম্বৰ মাহত গোৱাত অনুষ্ঠিত হোৱা ৫৪ তম আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভাৰতৰ ইণ্ডিয়ান পেনেৰোমা শাখাত বিশ্ব প্ৰিমিয়াৰত প্ৰদৰ্শিত হ'বলৈ সক্ষম হৈছে । এতিয়া পুনৰ এই তথ্য প্ৰদৰ্শিত হ'বলৈ সাজু হৈছে নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত । অহা ৩০ মে’ৰ পৰা ২ জুনলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱ । মহোৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ১ জুনত প্ৰদৰ্শিত হ'ব তথ্যচিত্ৰ ‘‘বৰুৱাৰ সংসাৰ’’।

লগতে পঢ়ক: ক’লৈ গ’ল মাইনি ? আজিয়েই বিচাৰি যাওক এইকেইটা ছবিগৃহলৈ - New Assamese Film 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.