ETV Bharat / entertainment

বিদ্যালয়ত ৰামায়ণ পঢ়ুুওৱাৰ উপদেশ টিভিৰ ৰামৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 4:03 PM IST

Arun Govil statement on Ramayan: বিদ্যালয়ত ৰামায়ণ পাঠদানৰ ধাৰণাক সমৰ্থন কৰিছে অৰুণ গোভিলে । টিভিৰ ৰামে কয় যে এয়া কেৱল সনাতনী লোকৰ বাবেই নহয় । সকলোৰে বাবে প্ৰয়োজনীয় ।

Arun Govil suggests inclusion of Ramayana in curriculum
ৰামায়ণক বিদ্যালয়ত পঢ়ুৱাৰ উপদেশ টিভিৰ ৰামৰ

চিটাৰা ডেস্ক, ৬ ফেব্ৰুৱাৰী: ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰত অভিনয় কৰি প্ৰত্যেক ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল অৰুণ গোভিল । এই চৰিত্ৰৰে অৰুণ গোভিলে মানুহৰ হৃদয়ত নিজৰ অন্য এক স্থান বনাবলৈ সক্ষম হৈছিল । অৱশ্যে বৰ্তমান অৰুণ গোভিলক বহু বিষয়ত নিজৰ মতামত ব্যক্ত কৰা দেখা যায় । এতিয়া শেহতীয়াকৈ অভিনেতাগৰাকীয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত ধৰ্মীয় গ্ৰন্থ ৰামায়ণ অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে ।

টিভি অভিনেতা অৰুণ গোভিলে প্ৰায়ে ৰামায়ণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা দেখা যায় ৷ এইবাৰ অভিনেতাগৰাকীয়ে ৰামায়ণক শিক্ষাত অন্তৰ্ভুক্ত কৰাৰ ধাৰণাটোক সমৰ্থন কৰিছে । অৰুণ গোভিলে কৈছে,‘‘শিক্ষা ব্যৱস্থাত ৰামায়ণ অন্তৰ্ভুক্ত হ’ব লাগে । ৰামায়ণক কেৱল ধৰ্মীয় বুলি কোৱাৰ কোনো ন্যায্যতা নাই । ৰামায়ণ আমাৰ জীৱন দৰ্শন ।’’

ধৈৰ্য লাভ হয় ৰামায়ণৰ পৰা- অৰুণ গোভিল

ৰামায়ণক শিক্ষাৰ সৈতে সংযোগ কৰাৰ কাৰণো উল্লেখ কৰে অৰুণ গোভিলে । অভিনেতাজনে ৰামায়ণৰ পৰা শিকিবলগীয়া কথাবোৰৰ বিষয়ে কয় । অৰুণ গোভিলে কয়,‘‘ৰামায়ণ আমাৰ জীৱন দৰ্শন । ৰামায়ণে আমাক শিকাই কেনেকৈ জীয়াই থাকিব লাগে, কেৱল আমিয়ে নহয়, সকলোৱে কেনেকৈ জীয়াই থাকিব লাগে সেই কথা শিকায় । ৰামায়ণে আমাক শিকাইছে যে এজন ব্যক্তিয়ে কিমান ধৈৰ্য ধৰিব লাগে আৰু এজন ব্যক্তিয়ে কেনেকৈ শান্তি পাব পাৰে ।’’

অৰুণ গোভিলে ৰামায়ণক সকলোৰে সৈতে সংযোগ কৰে । অভিনেতাজনে কয়,‘‘ৰামায়ণ সকলোৰে বাবে । এয়া কেৱল সনাতনী মানুহৰ বাবেই নহয় । শিক্ষা ব্যৱস্থাত ৰামায়ণ থাকিব লাগে ।’’ ধৰ্মীয় শাস্ত্ৰ ৰামায়ণক শিক্ষাৰ সৈতে সংযোগ কৰাটো অভিনেতাগৰাকীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

উল্লেখ্য যে, ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল টিভিৰ ৰাম অৰুণ গোভিলে । ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হোৱা ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণৰ নিমন্ত্ৰণ লাভ কৰিছিল টিভিৰ ৰাম অৰুণ গোভিলে । উদ্বোধনী অনুষ্ঠানত তেওঁৰ সহ অভিনেত্ৰী দীপিকা চিখলিয়া আৰু সুনীল লাহিৰীৰ সৈতে অংশগ্ৰহণ কৰিছিল অৰুণ গোভিলে ।

লগতে পঢ়ক: অক্ষয় কুমাৰৰ কণ্ঠত মুকলি শম্ভু গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.