ETV Bharat / entertainment

আকৌ এবাৰ অনুৰাগীৰ হৃদয় জয় কৰিলে এ আৰ ৰহমানে

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:06 PM IST

AR Rahman: অস্কাৰ বঁটা বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানে বৰ্তমান আধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰয়াত কণ্ঠশিল্পীৰ কণ্ঠ পুনৰুজ্জীৱিত কৰাৰ কাম কৰি আছে । প্ৰথমবাৰৰ বাবে ৰজনীকান্ত অভিনীত ছবি ‘লাল চালাম’ৰ ‘থিমিৰ য়েজুদা’ গীতত AIৰ সহায়ত প্ৰয়াত গায়কসকলৰ কণ্ঠ ব্যৱহাৰ কৰিব ।

AR Rahman uses AI to recreate voices of late singers
এ আইৰ সহায়ত এই প্ৰয়াত গায়কসকলৰ কণ্ঠ সৃষ্টি

চিটাৰা ডেস্ক, ৩০ জানুৱাৰী: এ আৰ ৰহমান ভাৰতৰ শ্ৰেষ্ঠ গায়ক, সংগীত সুৰকাৰ, সংগীতজ্ঞ আৰু গীতিকাৰ । দুবাৰকৈ অস্কাৰ, পদ্ম ভূষণ, পদ্মশ্ৰী, গ্ৰেমী বঁটা, বাফতাৰ দৰে বহু বঁটা লাভ কৰা এ আৰ ৰহমানক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই । কিন্তু এতিয়া আকৌ সংগীতজ্ঞজনে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ এক নতুন প্ৰজেক্টৰ কাম কৰি আছে । এ আৰ ৰহমানেই সেইজন ব্যক্তি যিয়ে প্ৰথমে ভাৰতৰ সংগীত জগতত অটো টিউনৰ ট্ৰেণ্ড আৰম্ভ কৰিছিল । এতিয়া তেওঁৰ সৃষ্টিশীলতাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ তেওঁ প্ৰয়াত কণ্ঠশিল্পীসকলৰ কণ্ঠ পুনৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ।

প্ৰয়াত কণ্ঠশিল্পীৰ কণ্ঠ সৃষ্টি

ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য ৰজনীকান্তৰ পৰিচালনাত নিৰ্মিত ‘লাল চালাম’ ছবিখনত নিজৰ সৃষ্টিশীলতাৰে দুজন প্ৰয়াত কিংবদন্তিৰ কণ্ঠ পুনৰ সৃষ্টি কৰিছে এ আৰ ৰহমানে । এই ছবিখনত ৰহমানে AIৰ সহায়ত প্ৰয়াত গায়কসকলৰ কণ্ঠ সকলোকে শুনাবলৈ চেষ্টা কৰিব । সংগীত শিল্পীগৰাকীৰ এই সৃষ্টিশীলতাক ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা কৰা হৈছে । শিল্পীগৰাকীয়ে নিজেই এই তথ্য এক্সত শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে, এই ছবিখনৰ পৰা মুকলি হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ জোৰদাৰ একশ্যন লুক আৰু টিজাৰ । আকৌ এবাৰ অনুৰাগীয়ে থালাইভাক জোৰদাৰ একশ্যন দৃশ্য কৰা দেখিব এই ছবিখনত ।

গীতটোৰ সন্দৰ্ভত স্পষ্টীকৰণ দিলে এ আৰ ৰহমানে

এ আৰ ৰহমানে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে স্পষ্ট কৰি দিছে যে AI ব্যৱহাৰ কৰাটো ক্ষতিকাৰক নহয়, যেতিয়ালৈকে ইয়াৰ সঠিক ব্যৱহাৰ হয় । লগতে কণ্ঠশিল্পীগৰাকীয়ে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালৰ পৰাও অনুমতি লৈ এই কাম কৰা বুলি কয় । ৰহমানে এক্সত পোষ্ট শ্বেয়াৰ কৰি কয়, ‘‘আমি তেওঁলোকৰ পৰিয়ালৰ পৰা অনুমতি লৈ তেওঁলোকৰ ভইচ এলগৰিদম ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত পাৰিতোষিক প্ৰেৰণ কৰিছো । আমি সঠিকভাৱে ব্যৱহাৰ কৰিলে প্ৰযুক্তি কোনো ভাবুকি বা আমনিদায়ক নহয় । #সন্মান #নষ্টালজিয়া ।’’

কোন আছিল বম্বা বক্য আৰু শ্বাহুল হামিদ ?

ভকীয়াৰাজ ওৰফে বম্বা বক্য আছিল তামিল চিনেমাৰ এজন সুপৰিচিত প্লেবেক গায়ক আৰু সুৰকাৰ । বম্বাই ৰহমানৰ সৈতে বহু ছবিত কাম কৰিছে । ৰজনীকান্তৰ ২.০ ছবিৰ জৰিয়তে বক্যই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । পুল্লিনংগল গীত গাই তেওঁ জনপ্ৰিয় হৈ উঠে । কিন্তু দুৰ্ভাগ্যবশতঃ ২০২২ চনত ৪১ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । বম্বা বক্যৰ দৰে শ্বাহুল হামিদো আছিল তামিল চিনেমাৰ এজন জনপ্ৰিয় গায়ক, যিয়ে এ আৰ ৰহমানৰ সৈতে কাম কৰিছিল । তেওঁ ৰহমানৰ সৈতে বহু টিভি জিংগলতো সহযোগিতা কৰিছিল । কিন্তু ১৯৯৭ চনত পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয় । জানিব পৰা এই দুয়োগৰাকীৰ কণ্ঠ AI ৰ দ্বাৰা পুনৰ সৃষ্টি কৰা হ’ব ৷

লগতে পঢ়ক: ইলন মাস্কক সমৰ্থন কংগনাৰ, দেৱতা-ঋষিৰ বিষয়ে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.