ETV Bharat / entertainment

বিবাহ বিচ্ছেদৰ সন্দৰ্ভত অংকিতা লোখাণ্ডেৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 2:23 PM IST

Ankita lokhande: ‘বিগ বছ ১৭’ত অংকিতা লোখাণ্ডেৰ এটা নেদেখা ৰূপ দেখা গৈছিল । শ্ব’টোত তেওঁৰ নতুন ৰূপ বহুতে ভাল পোৱাৰ বিপৰীতে স্বামী বিকি জৈনৰ সৈতে তেওঁৰ কাজিয়া দেখি বহুতে বিচলিত হৈ পৰিছিল । এতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ কাজিয়া আৰু বিবাহ বিচ্ছেদৰ বিষয়ে স্পষ্টীকৰণ দিছে ।

Ankita Lokhande reacted to her divorce from husband Vicky Jain
বিবাহ বিচ্ছেদৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ অংকিতা লোখাণ্ডেৰ

চিটাৰা ডেস্ক, ৮ ফেব্ৰুৱাৰী: স্বামী-ব্যৱসায়ী বিকি জৈনৰ সৈতে ‘বিগ বছ ১৭’ অংশগ্ৰহণ কৰিছিল অভিনেত্ৰী অংকিতা লোখাণ্ডে ৷ কিন্তু বিগ বছত স্বামীৰ সৈতে হোৱা কাজিয়া আৰু মতবিৰোধৰ বাবেই প্ৰত্যেক দিনা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল অংকিতা লোখাণ্ডেই । শ্ব’টোত থকাৰ সময়ত এই দম্পতীয়ে নিজৰ সম্পৰ্কত বহুতো উত্থান-পতন দেখিছে । ইফালে বিগ বছত তেওঁলোকৰ কাজিয়া চোৱাৰ পিচত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুয়োকে ব্যাপকভাৱে সমালোচনা কৰিছিল ৷ ইফালে গ্ৰেণ্ড ফিনালেৰ মাত্ৰ কেইদিনমান আগতে মিড উইক ইভিকশ্যন এলিমিনেশ্যনত বিকিক শ্ব’ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল, তাৰ পিচত অংকিতাই অকলে ফাইনেললৈ যাত্ৰা কৰিছিল । এতিয়া অংকিতাই নিজৰ যাত্ৰা আৰু শ্ব’টোত সংঘটিত হোৱা মতবিৰোধৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷

স্পষ্টীকৰণ দিলে অভিনেত্ৰীগৰাকীয়ে

শেহতীয়াকৈ অভিনেত্ৰী অংকিতা লোখাণ্ডেই ‘বিগ বছ ১৭’ত বিবাহ বিচ্ছেদৰ কথা কৈছিল । এই সন্দৰ্ভত তেওঁ এতিয়া স্পষ্টীকৰণ দিছে । পিটিআইৰ সৈতে হোৱা কথা-বতৰাত অভিনেতাগৰাকীয়ে কয় যে তেওঁ অধিক বুজাবুজি কৰা উচিত আছিল । অংকিতাই কয় যে শ্ব’টোত তেওঁৰ লগত যিয়েই নহওক কিয়, স্বামী বিকি জৈনৰ সৈতে তেওঁৰ সম্পৰ্ক অধিক শক্তিশালী হৈ পৰিছে বুলি অনুভৱ কৰে ।

অংকিতাই ক’লে, ‘‘বহু বছৰ আমি বন্ধু আছিলো ৷ তাৰ পিচত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিলো ৷ আমি কিছু কথা ধেমালিতে কৈছিলো, কিন্তু মানুহে ইয়াক গুৰুত্বসহকাৰে ল’লে । মই বুদ্ধিমান নহয়, সেয়ে মই অধিক বুদ্ধিমান হোৱাটো প্ৰয়োজন আৰু মই কথা কওঁতে সাৱধান হ’ব লাগিব ৷ কি কৈ আছোঁ সেয়া ভাবিব লাগিব ৷ এতিয়াও শিকি আছো । আমাৰ সম্পৰ্ক ইমান মজবুত নহ’লে হয়তো আমি কাজিয়াও নকৰিলোহেঁতেন ।’’

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘‘পাৰ্থক্য মাথোঁ এইটোৱেই যে আমাৰ কাজিয়াবোৰে টিভিত স্থান লাভ কৰিছিল, যিটো হয়তো আন স্বাভাৱিক দম্পতীৰ ক্ষেত্ৰত নহ’বও পাৰে । এই সকলোবোৰৰ বাবেই আমাৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিছে। মই ক’ত ভুল কৰি আছিলো বুজিব পাৰিলো আৰু তেওঁ ক’ত ভুল কৰি আছে বুজিব পাৰিলে । আমি আগতকৈও শক্তিশালী হৈ পৰিছো ।’’

লগতে পঢ়ক: বিধু বিনোদ চোপ্ৰাই কিয় ক’লে মই এতিয়া শান্তিৰে মৃত্যুবৰণ কৰিব পাৰিম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.