বিগ বি অমিতাভ বচ্চনলৈ লতা মংগেশকাৰ বঁটা 2024 - Amitabh Bachchan
Amitabh Bachchan: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২৪ এপ্ৰিলত লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হ'ব ।

Published : April 17, 2024 at 10:45 AM IST
চিটাৰা ডেস্ক, 17 এপ্ৰিল : বলীউডৰ প্ৰবীণ অভিনেতা তথা বিগ বি অমিতাভ বচ্চনলৈ লতা মংগেশকাৰ বঁটা 2024 ঘোষণা কৰা হৈছে । মেগাষ্টাৰগৰাকীক অহা 24 এপ্ৰিলত মুম্বাইৰ প্ৰভুকুঞ্জত থকা তেওঁৰ বাসগৃহত এই বঁটা প্ৰদান কৰা হ’ব । চলিত বৰ্ষত পণ্ডিত হৃদয়নাথ মংগেশকাৰ, ঊষা মংগেশকাৰ আৰু আদিনাথ মংগেশকাৰে এই বঁটা ঘোষণা কৰে ৷
ভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা
মংগেশকাৰ ফাউণ্ডেচনে প্ৰতি বছৰে সংগীত, নাটক, কলা, চিকিৎসা, সাংবাদিকতা আৰু সামাজিক কামৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ভিত্তিত বিশিষ্ট ব্যক্তিক এই বঁটাৰে সন্মানিত কৰি আহিছে । যোৱা 34 বছৰত, এতিয়ালৈকে প্ৰায় 212 জন ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হৈছে । বঁটা প্ৰদান অনুষ্ঠানৰ পিচত সংগীত, থিয়েটাৰ আৰু নৃত্যৰ লগত জড়িত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । এই বঁটা প্ৰতি বছৰে মাত্ৰ এজন ব্যক্তিক প্ৰদান কৰা হয় । যিসকলে দেশ, মানুহ আৰু সমাজৰ বাবে অতুলনীয় কাম কৰিছে অথবা অৱদান আগবঢ়াইছে তেওঁলোকক এই সন্মানেৰে সন্মানিত কৰা হয় ।
"লতা মংগেশকাৰ বঁটা" ঘোষণা কৰাৰ পিচতেই অমিতাভ বচ্চনে চলচ্চিত্ৰ উদ্যোগৰ ফালৰ পৰা অভিনন্দন লাভ কৰিছে । অমিতাভ বচ্চন আৰু স্বৰ্গীয় গায়িকা লতা মংগেশকাৰৰ মাজত এক বিশেষ সম্পৰ্ক আছিল । লতা মংগেশকাৰে অমিতাভৰ বহুতো চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছিল । অমিতাভ বচ্চনেও লতা মংগেশকাৰক মাতৃৰ দৰে সন্মান কৰে বুলি বহুকেইটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল । চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অমিতাভ বচ্চনক এই বছৰৰ লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হ'ব।
২০২২ চনৰ পৰা স্বৰ্গীয় লতা মংগেশকাৰৰ স্মৃতিত লতা দীননাথ মংগেশকাৰ বঁটা প্ৰদান কৰা অহা হৈছে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কণ্ঠশিল্পী আশা ভোঁছলেই লাভ কৰিছে এই বঁটা ৷ এই বছৰ বলীউডৰ বিগ বি অমিতাভ বচ্চনক এই বঁটা প্ৰদান কৰা হ'ব।
লগতে পঢ়ক: চীনত মুক্তি পাব 12th ফেইল : 20 হাজাৰতকৈও অধিক পৰ্দাত দেখা যাব ছবিখন - 12th Fail in China

