ETV Bharat / entertainment

ৰামলালাক দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত অমিতাভ বচ্চন

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 3:35 PM IST

Amitabh Bachchan At Ram Mandir: ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত হৈছে অমিতাভ বচ্চন ৷

Amitabh Bachchan Offers Prayers At Ram Mandir In Ayodhya
অযোধ্যাত উপস্থিত অমিতাভ বচ্চন

চিটাৰা ডেস্ক, ৯ ফেব্ৰুৱাৰী: ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত হৈছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন । ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে অভিনেতাগৰাকীৰ ভিডিঅ’ আৰু ছবি । ভিডিঅ’ত মেগাষ্টাৰগৰাকীয়ে ৰামলালাৰ আশীৰ্বাদ লোৱা দেখা গৈছে । শুকুৰবাৰে অযোধ্যা ভ্ৰমণ কৰে অমিতাভ বচ্চনে । ৰাম মন্দিৰ উদ্বোধনৰ পিচত প্ৰথমবাৰৰ বাবে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ গৈছে অভিনেতাগৰাকী । ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ-প্ৰতিষ্ঠা কাৰ্যসূচীত অংশ লৈছিল বিগ বিয়ে । উল্লেখ্য যে, ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

অযোধ্যাত অমিতাভ বচ্চন

ইফালে আজি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত অমিতাভ বচ্চনক ৰাম মন্দিৰ চৌদিশ ভ্ৰমণ কৰা দেখা গৈছে । এই সময়চোৱাত নিৰাপত্তাৰক্ষীয়ে আগুৰি ৰখা দেখা গৈছে বিগ বিক ৷ ইয়াৰ পিচত তেওঁ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। মন্দিৰলৈ যোৱাৰ সময়ত তেওঁ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি থকা দেখা গৈছিল । খবৰ অনুসৰি বিগ বিয়ে উত্তৰ প্ৰদেশত গহনা ব্ৰেণ্ডৰ নতুন শ্ব’ৰুম উদ্বোধন কৰিবলৈ গৈছে । তেওঁ এই ব্ৰেণ্ডটোৰ ব্ৰেণ্ড এম্বেছাদৰ ।

বিগ বিয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল

ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত অমিতাভ বচ্চনে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ গৈছিল । পুত্ৰ অভিষেক বচ্চনৰ সৈতে অযোধ্যালৈ গৈছিল বিগ বি । প্ৰাণ প্ৰতিষ্ঠাৰ পিচত তেওঁ এক্সত কিছুমান ছবি শ্বেয়াৰ কৰিছিল । এই অনুষ্ঠানলৈ বলীউড, ক্ৰীড়া আৰু ৰাজনীতিৰ পৰা হাজাৰ হাজাৰ অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল।

অযোধ্যাত সম্পত্তি ক্ৰয় কৰিছে বিগ বিয়ে !

ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অমিতাভে অযোধ্যাৰ চেভেন ষ্টাৰ এনক্লেভতো মাটি ক্ৰয় কৰা বুলি জানিব পৰা গৈছে । ৰাম মন্দিৰৰ পৰা প্ৰায় ১৫ মিনিটৰ দূৰত্বত ১০ হাজাৰ বৰ্গফুটৰ প্লট ক্ৰয় কৰিছে ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ সন্দৰ্ভত ৰজনীকান্তৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.