ETV Bharat / entertainment

জেং লাগিল জেংবিহুত, বিত্তীয় অনিয়মত জড়িত কোন ?

টকা লৈ নিজৰ জেংবিহুৰ দলকে প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰিয়ম পল্লৱীসহ ৩ গৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে ।

Allegations of financial irregularities in Jeng Bihu team of actresses
জেং লাগিল জেংবিহুত, বিত্তীয় অনিয়মত জড়িত কোন ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 22, 2025 at 8:51 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰঙালী বিহুৰ পূৰ্বে ১৮ গৰাকী অভিনেত্ৰীয়ে একত্ৰিত হৈ জন্ম দিছিল 'ছেনফা জেংবিহু' নামৰ এটা জেংবিহুৰ দল । অসমত জেং বিহুৰ সংস্কৃতি অব্যাহত ৰাখিবৰ বাবে এই প্ৰয়াস আছিল তেওঁলোকৰ ।

১৮ গৰাকী অভিনেত্ৰীৰ ভিতৰত অন্যতম আছিল প্ৰিয়ম পল্লৱী । বিগত ১৪ এপ্ৰিলৰ পৰা অনুষ্ঠান আৰম্ভ কৰা এই জেংবিহু দলটিৰ বিহু দুই তিনিদিন যোৱাৰ পিছতে আৰম্ভ হ'ল সংঘাত । কেইগৰাকীমান অভিনেত্ৰীৰ বিৰুদ্ধে সেই দলৰে ১১ গৰাকী অভিনেত্ৰীয়ে উত্থাপন কৰিছে বিত্তীয় অনিয়মৰ অভিযোগ ।

জেং লাগিল জেংবিহুত, বিত্তীয় অনিয়মত জড়িত কোন ? (ETV Bharat Assam)

অভিযোগ অনুসৰি দলৰ মেনেজাৰ এনিশা হাজৰিকা আৰু অভিনেত্ৰী প্ৰিয়ম পল্লবীয়ে দলটোৰ নামত অনুষ্ঠানসমূহে প্ৰদান কৰা মাননীৰ ক্ষেত্ৰত সৃষ্টি কৰিছে ব্যাপক অনিয়মৰ । দলৰ আন সদস্যসকলক ফাঁকি দি মেনেজাৰ এনিশা হাজৰিকা আৰু প্ৰিয়ম পল্লৱীয়ে সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন । আনহাতে যেতিয়া এই কথা পোহৰলৈ আহে তাৰ পাছত দলৰ এই ১১ গৰাকী সদস্যক নজনোৱাকৈ সেই টকাৰে অইন এটা বিহু দলক লগত লৈ 'ছেনফা দল'ৰ নামত বিহুৰ অনুষ্ঠান কৰাৰো অভিযোগ প্ৰিয়ম পল্লৱীৰ বিৰুদ্ধে ।

মঙলবাৰে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ দলটোৰ মুঠ ১১ গৰাকী সদস্যাৰ । এই সন্দৰ্ভত অভিনেত্ৰী গায়ত্ৰী বৰাই কয়, "ৰঙালী বিহুৰ পূৰ্বে আমাৰ এই দলটি গঠন হৈছিল । কেইখনমান অনুষ্ঠানত আমি অংশগ্ৰহণ কৰাৰ পাছত অনুষ্ঠানৰ বিষয়ববীয়াই প্ৰদান কৰা টকা আৰু আমাক এনিশা হাজৰিকা আৰু প্ৰিয়ম পল্লৱীয়ে জনোৱা ধনৰ মাজত বহু পাৰ্থক্য দেখা পাওঁ । তাৰ পাছত আমি নিজাববীয়াকৈ অনুসন্ধান চলাওঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।"

লগতে হিচাপৰ খতিয়ান হিচাবে তেওঁলোককে জনাই, "বঙাইগাঁও অনুষ্ঠানৰ নামত বিহু সমিতিয়ে প্ৰদান কৰিছিল ১ লাখ টকা, কিন্তু ইয়াৰ পৰিৱৰ্তে এই অনুষ্ঠানৰ পৰা সমিতিয়ে প্ৰদান কৰা ধনতকৈ কম ৰাশিৰ ধনৰ কথাহে দলটোক জানিবলৈ দিয়া হয় । আনহাতে ফণীভূষণ চৌধুৰীৰ বাসগৃহত অনুষ্ঠান পৰিৱেশন নামত প্ৰদান কৰা হৈছিল নগদ ৫০ হাজাৰ টকা আৰু খা-খৰচৰ বাবত ৩ হাজাৰ টকা, ইয়াৰ পৰিবৰ্তে দলটোক ৩০ টকা প্ৰদান কৰা হয় বুলিহে জানিবলৈ দিয়া হয় ।"

কেৱল এয়াই নহয়, অন্যান্য বহু অনুষ্ঠানতে একেই অনিয়মৰ কৰাৰ অভিযোগ উত্থাপন প্ৰিয়ম পল্লৱী আৰু এনিশা হাজৰিকাৰ বিৰুদ্ধে । ইফালে অভিনেত্ৰী বিউটি তালুকদাৰে যেতিয়া এইক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰাছিল তেতিয়া এনিশা হাজৰিকাই পথৰ মাজতে অপদস্থ কৰাৰো অভিযোগ উত্থাপন কৰে বিউটি তালুকদাৰে ।

আনহাতে এনিশা হাজৰিকা, প্ৰিয়ম পল্লৱীৰ লগতে অভিনেত্ৰী ভ্ৰান্তি মেধি, কৃষ্ণা কল্যাণী, পাপৰি বৰা ওৰফে মণি বৌ জড়িত থকাৰ অভিযোগ । অৱশ্যে এইক্ষেত্ৰত প্ৰিয়ম পল্লৱীৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও বৰ্তমানলৈকে নিজৰ মুখ খোলা নাই প্ৰিয়ম পল্লৱীয়ে । ইফালে অভিযোগ কৰা ১১ গৰাকীৰ ভিতৰত আছে অভিনেত্ৰী গায়ত্ৰী বৰা, পৰিশ্মা কোঁৱৰ, পিংকি শৰ্মা, টিনা তালুকদাৰ, গায়ত্ৰী বড়ো, মিলাক্ষী, বিউটি তালুকদাৰ, ধনশ্ৰী, ধ্যানী মহন, ময়ুৰী আৰু মিমাক্ষী ।

লগতে পঢ়ক: নাচনীৰ ৰূপত এইবাৰ ১৬গৰাকী জনপ্ৰিয় অভিনেত্ৰী - ASSAMESSE ACTRESSES JENG BIHU

গুৱাহাটী বিহু সন্মিলনী : ৭৩ বছৰীয়া ঐতিহ্যৰ এক গৌৰৱময় যাত্ৰা - GUWAHATI BIHU SANMILANI