গুৱাহাটী : কাইলৈ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ উৰুকা । গছৰ ডালত বহি কুলিয়ে দিছে বসন্তৰ আগমনৰ বতৰা । ঢোলৰ গুমগুমনি, পেঁপাৰ তিহিটিত এতিয়া উখল-মাখল এতিয়া ৰাজ্যৰ আকাশ বতাহ ।
অসমত বিহুৰ প্ৰস্তুতি তুংগত উঠিছে ৷ ঢুলীয়া-নাচনীৰ পৰা আৰম্ভ কৰি কণ্ঠশিল্পীসকল এতিয়া ব্যস্ত বিহুৰ আখৰাত । বিহুলৈ সকলোৱে প্ৰস্তুতি চলাই থকাৰ মাজতে ৰাজ্যৰ কেইগৰাকীমান অভিনেত্ৰীয়ে তেওঁলোকৰ অনুৰাগীসকলৈ আনিছে এটা ভাল খবৰ । ৰাজ্যৰ ১৬ গৰাকী জনপ্ৰিয় অভিনেত্ৰীক এইবাৰ বিহুমঞ্চত ৰাইজে দেখিবলৈ পাব নাচনী ৰূপত ।
১৬ গৰাকীকৈ জনপ্ৰিয় অভিনেত্ৰীৰ নেতৃত্বত জন্ম দিয়া হৈছে এটা নতুন জেং বিহুদল, নাম ‘‘ছেন ফা’’ জেং বিহু দল । অহা ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব তেওঁলোকৰ বিহুৰ অনুষ্ঠান । এই জেং বিহুদলটি সন্দৰ্ভত মণি বৌ খ্যাত জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই ইটিভিৰ ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয়, “পোন প্ৰথমবাৰৰ বাবে আমি ১৬ গৰাকী অভিনেত্ৰী একেলগে লগ হৈ একেখন মঞ্চত এটা অনুষ্ঠান জন্ম দিয়াৰ প্ৰচেষ্টা কৰিছো । এনেই বাৰু আমি পৃথকে পৃথকে বিহু অনুষ্ঠান কৰো, এইবাৰো কৰা হ'ব, যদিও গোটেই কেইগৰাকী লগ গৈ এয়া প্ৰথম প্ৰচেষ্টা ।’’

‘‘জেং বিহু আমাৰ বিহুৰে এটা অংশ আৰু এইটো আমাৰ এটা পুৰণি পৰম্পৰা । কিন্তু কংক্ৰিটৰ নগৰীৰ বহুতে এই পৰম্পৰাৰ বিষয়ে নাজানে ৷ সেয়ে আমি হয় চোতালত, নহ’লে মঞ্চত- বিশেষকৈ গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে জেং বিহু প্ৰস্তুত কৰিবলৈ আগবাঢ়িছো । মইয়ো এইবাৰ প্ৰথমবাৰৰ বাবে জেং বিহু নাচিম ।” পাপৰি বৰাই কয় ৷
কেনেদৰে গঠন হ’ল এই বিহু দলটি ?
এই সন্দৰ্ভত অভিনেত্ৰী পাপৰি বৰাই কয়, “আচলতে এটা চাহৰ আদ্দাৰ পৰা জন্ম হয় এই বিহুদলটিৰ । অভিনেত্ৰী প্ৰিয়ম পল্লৱী, কৃষ্ণা কল্যাণী আৰু ধ্যানী মহনে আলোচনা কৰিলে যে আমি সকলোৱে মিলি জেং বিহু দল এটা গঠন কৰিলে কেনেকুৱা হয় ? তাৰ পাছত তেওঁলোকে মোক ফোন কৰে । কথাটো শুনি মইয়ো সন্মতি দিলো । তেনেদৰে ইজনী-সিজনীকৈ লগ হৈ এই বিহুদলটিৰ জন্ম হ’ল । প্ৰথম অৱস্থাত ৩০ গৰাকীমান অভিনেত্ৰী গোট খাইছিল যদিও বিভিন্ন কাৰণত তথা বিহুৰ কাৰণতেই আমি ১৬ জনী থাকিলো ।”

কোন কোন থাকিব এই দলটোত ?
নৃত্য পৰিচালক জ্বলি বৰাৰ ওচৰত প্ৰশিক্ষণ লৈছে দলটোৱে । দলটোত থাকিব অভিনেত্ৰী পাপৰি বৰা, প্রিয়ম পল্লৱী, কৃষ্ণা কল্যাণী, ভ্রান্তী মেধি, গায়ত্ৰী বৰা, গায়ত্ৰী বড়ো, প্ৰিয়া বিকাশ, ধ্যানী মহন, কৰিশ্মা কোঁৱৰৰ সহিতে মুঠ ১৬ গৰাকী অভিনেত্ৰী ৷
