ETV Bharat / entertainment

গুৱাহাটী বিহু সন্মিলনী : ৭৩ বছৰীয়া ঐতিহ্যৰ এক গৌৰৱময় যাত্ৰা

অসমৰ প্ৰথমখন মঞ্চবিহু সন্মিলনী, গুৱাহাটী বিহু সন্মিলনী । আজিৰ পৰা ৭৪ বছৰৰ পূৰ্বে কেনেদৰে আৰম্ভণি হৈছিল এই বিহু সন্মিলনীৰ ?

Guwahati Bihu Sanmilani
ড্রীমলী গগৈ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 10, 2025 at 6:06 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ প্ৰাচীনতম বিহু সন্মিলনীসমূহৰ ভিতৰত অন্যতম হ’ল লতাশিলত অনুষ্ঠিত হোৱা গুৱাহাটী বিহু সন্মিলনী । এসময়ৰ গছৰ তলৰ বিহু আহি মঞ্চ পাইছিলহি । কিন্তু সেই গছৰ তলৰ বিহু আহি কেতিয়া মঞ্চ পালেহি, তাক লৈ বহু সময়ত বহু বিতৰ্ক হোৱা দেখা যায় । এই সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন মন্তব্য চলি থকিলেও গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত বিহুখনেই প্ৰথম মঞ্চবিহু‌ হিচাপে স্বীকৃতি লাভ কৰি আহিছে ।

১৯৫২ চনত গুৱাহাটীত সংগঠিতভাৱে বিহু উদযাপন কৰাৰ উদ্দেশ্যেৰে আৰম্ভ হোৱা এই সন্মিলনীখনে এতিয়া ৭৩ বছৰৰো অধিক সময় ধৰি অসমীয়া লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ।

ড্রীমলী গগৈৰ ভাষ্য (Photo : ETV Bharat Assam)

দীৰ্ঘদিন ধৰি লতাশিল বিহুৰ সৈতে জড়িত সমাজকৰ্মী কৈলাশ শৰ্মাই এই সন্মিলনীৰ ইতিহাস সন্দৰ্ভত মন্তব্য কৰি কয়, “ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ প্ৰায় ৪ বছৰৰ পাছত উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এখন সভা অনুষ্ঠিত হৈছিল । এই সভাত স্বাধীনতা সংগ্ৰামীৰ পৰা আৰম্ভ কৰি ক্ৰীড়া-সাহিত্য-সমাজ-সংস্কৃতিৰ লগত জড়িত প্ৰায়ভাগ লোকেই উপস্থিত আছিল । ডাঃ ভূৱনেশ্বৰ বৰুৱা, প্ৰবীণ ফুকন, বিৰিঞ্চি কুমাৰ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, ৰাধা গোবিন্দ বৰুৱা, ধীৰেন বৰুৱা, ক্ষীৰোদা কান্ত বিষয়া, লক্ষ্যধৰ চৌধুৰী, সূৰ্য কুমাৰ ভূঞা, যুগল দাস, প্ৰবোধ দাসকে ধৰি বিভিন্ন ব্যক্তিয়ে তাত অংশগ্ৰহণ কৰি সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ এখন পতাকাৰ তললৈ অহাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । এনেদৰেই আৰম্ভণি হৈছিল গুৱাহাটী বিহু সন্মিলনীৰ ।”

উল্লেখ্য যে, অসমৰ মঞ্চমুখী বিহুৰ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী সভাপতি আছিল ডাঃ ভূৱনেশ্বৰ বৰুৱা আৰু সম্পাদক আছিল প্ৰবীণ ফুকন । এই বিহু সন্মিলনীৰ পতাকা তথা পতাকাৰ সৈতে সংলগ্ন হৈ পৰা দীপ্তিময় প্ৰতীকটো অংকন কৰিছিল প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাই । আনহাতে বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ গীতটো লিখিছিল পুৰুষোত্তম দাসে ।

১৯৫২ চনতে পুৰুষোত্তম দাসৰ কণ্ঠেৰে নিগৰি ওলোৱা ‘শ্ৰীময়ী অসমী’ গীতটো তাহানিৰে পৰা অসমৰ প্ৰত্যেকটো বিহু সন্মিলনীৰ হিয়াৰ আমঠু হৈ পৰা পৰিলক্ষিত হৈছে । এই বিহু সন্মিলনীৰ মুখ্য উদ্দেশ্য আছিল অসমৰ লোক-সংস্কৃতিৰ সাধকসকলক এখন মঞ্চ প্ৰদান কৰা ।

এই বিহুমঞ্চতে ‘ঢোলৰ ওজা’ মঘাই ওজাই প্ৰথম মঞ্চত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল । কামৰূপীয়া ঢুলীয়া সংস্কৃতি, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে এইখন বিহুমঞ্চই প্ৰতি বছৰে বিহু কুঁৱৰী, বিহু ৰাণী আৰু বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে ।

গুৱাহাটী বিহু সন্মিলনীৰ পৰা বিহু সম্ৰাজ্ঞী খিতাপ দখল কৰা ভাৰত কলা ৰত্ন বঁটাপ্ৰাপক, অসম বিহুৱতী আৰু বিহু সম্রাজ্ঞী ড্রীমলী গগৈয়ে তেওঁৰ সেই সময়ৰ অনুভৱ ব্যাখ্যা কৰি কয় যে গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ তেওঁ ২০০২ চনতে লাভ কৰিবলৈ সক্ষম হৈছিল । সেই সময়ত, সেই বর্ষটোতে বসন্ত ৰাণী, বৰ বিহুৱতী, বিহু কুঁৱৰী, বৰদৈচিলা আদি সন্মান দিয়া হৈছিল ৷ সেই সন্মানৰ মানপত্ৰসমূহৰ লগতে প্ৰথম পুৰস্কাৰ লাভ কৰাৰ পাছতহে বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাত যোগদান কৰিবলৈ দিয়া হৈছিল ।

তেওঁ লগতে কয় যে, ২০০০ চনৰ পৰা প্ৰশ্নৰ শিতান আৰম্ভ হৈছিল । তেওঁৰ ভাগ্যত পৰা তিনিটা প্ৰশ্নৰ উত্তৰেই তেওঁ ভালদৰে দিব পাৰিছিল । তেতিয়াৰ দিনত এতিয়াৰ দৰে কৃত্ৰিমতা নাছিল । সেইসময়ত খুব এটা সুন্দৰ অনুভৱ আছিল বুলি ব্যক্ত কৰে তেওঁ ৷

গুৱাহাটী বিহু সন্মিলনী কেৱল এটি সাংস্কৃতিক অনুষ্ঠান নহয়, ই অসমীয়া জাতিৰ আত্ম-অস্তিত্ব আৰু পৰম্পৰাৰ এক প্ৰতীক । গুৱাহাটী বিহু সন্মিলনীক বাদ দি চহৰীয়া মঞ্চবিহু হ'ব নোৱাৰে । আগন্তুক বৰ্ষত এইখন বিহু সমিতিয়ে ৭৫ সংখ্যক বৰ্ষত ভৰি দিব । এই দীঘলীয়া যাত্ৰা কেৱল এটি উৎসৱৰ ইতিহাস নহয়, ই অসমীয়া জাতিৰ সাংস্কৃতিক গৌৰৱৰ এক জ্যোতিৰূপ ।

লগতে পঢ়ক : কংক্ৰিটৰ নগৰীৰ মাজমজিয়াত অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম এদল নৱ-প্ৰজন্ম