গুৱাহাটী : ফাগুনে লঠঙা কৰা গছবোৰত কুঁহিপাত ওলাইছে । গছৰ ডালত কুলিৰ বিননিয়ে দিছে বসন্তৰ আগমনৰ বতৰা । বসন্তৰ পৰশত পুনৰ যৌৱনা হৈছে প্ৰকৃতি । চাওঁতে চাওঁতে আহি পালেহি হেপাঁহৰ ৰঙালী । অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে প্ৰতিগৰাকী অসমীয়া । অসমীয়া নৱবৰ্ষক লৈয়ো উচাহ-উদ্দীপনাৰে ভৰি পৰিছে সকলোৰে মন ৷
উজনিৰ পৰা নামনিলৈ চলিছে বিহুৰ প্ৰস্তুতি । গাঁৱৰ জীয়ৰী-বোৱাৰী ব্যস্ত এতিয়া তাঁতৰ শালত । অসমীয়াৰ গৌৰৱ ৰঙালীক আদৰিবলৈ এতিয়া প্ৰস্তুতি চলাইছে সকলোৱে । সাজু হৈছে বিহু সন্মিলনীসমূহো । ঠায়ে ঠায়ে বিহু সন্মিলনীসমূহে অনুষ্ঠিত কৰিছে বিহু কৰ্মশালা ।
ৰাজ্যৰ ভিন্ন ঠাইৰ দৰে গুৱাহাটীতো অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ পূৱ-গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত বিগত ১ এপ্ৰিলৰ পৰা ১২ এপ্ৰিলৈ অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা । অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ মুখ্য প্রশিক্ষক হিচাপে আছে ভাৰত কলা ৰত্ন বঁটা প্ৰাপক, অসম বিহুৱতী আৰু বিহু সম্রাজ্ঞী ড্রীমলী গগৈ ।
উক্ত কৰ্মশালাখনৰ সন্দৰ্ভত মন্তব্য কৰি বিহু সম্রাজ্ঞী ড্রীমলী গগৈয়ে কয়, “প্ৰতি বছৰৰ দৰে এই বছৰো পূৱ-গুৱাহাটী বিহু সন্মিলনীয়ে আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে । এখন বৃহৎ কৰ্মশালা ইয়াত অনুষ্ঠিত হৈছে । য'ত কণমানি নাচনীজনীৰ পৰা আদহিয়া মহিলালৈকে অংশগ্ৰহণ কৰিছে । ইয়াতে ঢোলৰ প্ৰশিক্ষণো দিয়া হৈছে । বৰ বিহুৱা চক্ৰপাণি শইকীয়াই দিছে ঢোলৰ প্ৰশিক্ষণ । দুটা শাখাত মুঠ ৫ৰ পৰা ৬শ প্ৰশিক্ষণাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে । কংক্ৰিটৰ মহানগৰীত এতিয়া এনেদৰে এখন খেলপথাৰ দিয়া হৈছে । তেওঁলোকেও আমাৰ কৃষিভিত্তিক উৎসৱ ৰঙালী বিহুৰ যিটো উৎসাহ সেইটো ল’বলৈ চেষ্টা কৰিছে । শুদ্ধ ৰূপত ভংগীমাৰ পৰা আৰম্ভ কৰি পদচালনা, বিহুনাম, যোৰানামকে ধৰি ঢোলৰ বোলবোৰ শুনি শিকিবলৈ চেষ্টা কৰিছে । আমি নথৈ আনন্দিত যে তেওঁলোকে কেৱল এনেদৰে মঞ্চ পৰিৱেশনেই নহয়, আমাৰ জাতীয় সত্তাটো বজাই ৰাখিব বুলি আমি আশাবাদী ।”
মুঠৰ ওপৰত এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সকলো ৷
লগতে পঢ়ক : ‘বাৰুকৈ’ত মৰ্মিতাৰ কণ্ঠ-নৃত্যভংগী-চকুৰ চাৱনিয়ে মুহিছে নেটিজেনক