ETV Bharat / entertainment

যশ ৰাজ ফিল্মছৰ বেনাৰত বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু অহান পাণ্ডে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:24 PM IST

Ahaan Panday in Yash Raj Films: ছবিজগতত আন এক নতুন মুখ চিনাকী কৰাবলৈ সাজু হৈছে আদিত্য চোপ্ৰা । চাংকি পাণ্ডেৰ ভতিজা আৰু অনন্যাৰ ভাতৃ অহান পাণ্ডে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ।

Ahaan Panday to Debut with Mohit Suri's Love Story, to Play Quintessential Romantic Hero
বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু অহান পাণ্ডে

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেৰ সম্পৰ্কীয় ভাতৃ অহান পাণ্ডে হঠাৎ চৰ্চালৈ আহিছে । দৰাচলতে যশ ৰাজ ফিল্মছৰ বেনাৰত বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে অহান । ‘আশিকি ২’ ছবিখনৰ পৰিচালক মোহিত ছুৰীয়ে অহানৰ সৈতে নিৰ্মাণ কৰিব ছবি । অহানৰ এইখন চিনেমা যুৱ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হ’ব । চলিত বছৰৰ শেষৰ ফালে এই ছবিখন ছবিগৃহলৈ অনাৰ প্ৰস্তুতি চলি আছে ।

যশ ৰাজ ফিল্মছৰ পৰা ছবিজগতলৈ ঢাপলি মেলিব অহানে

এইখিনিতে উল্লেখ কৰিব লাগিব যে, যশ ৰাজ ফিল্মছে বহু নতুন নতুন মুখ ছবিজগতত চিনাকি কৰাই দিছে আৰু সেইসকল অভিনেতা-অভিনেত্ৰী এতিয়া বলীউডৰ ডাঙৰ তাৰকা হিচাপে পৰিগণিত হৈছে । অনুষ্কা শৰ্মাৰ পৰা ৰণবীৰ সিঙলৈ নাম এই তাৰকাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে । ৰণবীৰ-অনুষ্কাই ২০১০ চনত ‘বেণ্ড বাজা বাৰাত’ ছবিৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল । এতিয়া যশ ৰাজে ছবিজগতখনক অহান পাণ্ডেক চিনাকি কৰাই দিয়াৰ বাবে সাজু হৈছে ৷

পাঁচ বছৰ ধৰি যশ ৰাজৰ লগত জড়িত হৈ আছে অহান !

বাণিজ্যিক সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা পাঁচ বছৰ ধৰি যশ ৰাজ ফিল্মছৰ সৈতে জড়িত হৈ আছে অহান পাণ্ডে । বহু বছৰৰ পাচত আকৌ এবাৰ নতুন মুখ মুকলি কৰিবলৈ সাজু হৈছে যশ ৰাজে । ৱাই আৰ এফে এই পাঁচ বছৰত অহান পাণ্ডেক এজন উন্নত অভিনেতা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে ।

মোহিত ছুৰীৰ এই ছবিখনে আলোড়নৰ সৃষ্টি কৰিব !

সূত্ৰৰ পৰা জানিব পৰা মতে, মোহিত ছুৰীৰ ছবিখনৰ বাবে অহান পাণ্ডেক নিৰ্বাচিত কৰা হৈছে । অহানে ৰোমান্টিক নায়ক হিচাপে ছবিখনত আত্মপ্ৰকাশ কৰিব । মোহিত ছুৰীৰ এই ছবিখন যুৱ প্ৰেম কাহিনী ভিত্তিক চিনেমা হ’ব পাৰে । অৱশ্যে ছবিখনৰ শিৰোনাম এতিয়াও নিৰ্ণয় কৰা হোৱা নাই । ২০২৪ চনৰ শেষৰ ফালে ডাঙৰ পৰ্দাত দেখা পোৱা যাব অহান পাণ্ডেক ।

উল্লেখ্য যে, পৰিচালক মোহিত ছুৰীয়ে বলীউডক বহু ৰোমান্টিক হিট ছবি দিছে । এই ছবিসমূহৰ ভিতৰত আশিকি ২, এক ভিলেইন, হামাৰী আধুৰী কাহানী আদি বহু ছবি । এতিয়া নতুন নায়কৰ সৈতে আন এখন ৰোমান্টিক ছবি মুকলি কৰিবলৈ সাজু হৈছে পৰিচালকজনে ।

লগতে পঢ়ক: পাঠানৰ পিচত এইবাৰ বেদাত দেখা যাব জন আব্ৰাহামৰ একশ্যন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.