ETV Bharat / entertainment

ভুৱা ৰাজনৈতিক বিজ্ঞাপনৰ বিৰুদ্ধে এজাহাৰ দাখিল আমিৰ খানৰ - Aamir Khan Fake Video

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 3:44 PM IST

Aamir Khan Fake Video
ভুৱা ৰাজনৈতিক বিজ্ঞাপনৰ বিৰুদ্ধে এজাহাৰ দাখিল আমিৰ খানৰ

Aamir Khan Fake Video: যোৱা ১৬ এপ্ৰিলত বলীউডৰ অভিনেতা আমিৰ খানৰ এটা ৰাজনৈতিক বিজ্ঞাপন সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ ইয়াৰ পিচতে এই ভিডিঅ’টো ভুৱা বুলি বিজ্ঞাপনটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অভিনেতাগৰাকীয়ে ৷ ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে একৃ আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে ৷

চিটাৰা ডেস্ক, 16 এপ্ৰিল : দেশত বৰ্তমান সময়ত নিৰ্বাচনৰ গৰম বতাহ অব্যাহত আছে ৷ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে দেশৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে ৷ সামাজিক মাধ্যমতো বিভিন্ন ধৰণে ৰাজনৈতিক প্ৰচাৰ অভিযান অব্যাহত আছে ৷ নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজতে বলীউডৰ চুপাৰষ্টাৰ আমিৰ খানৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

ভিডিঅ'টোত, দংগলৰ তাৰকাগৰাকীক এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰচাৰ কৰা দেখা গৈছে ৷ এই ভিডিঅ'টো পোহৰলৈ অহাৰ লগে লগে অভিনেতাগৰাকীৰ চকুত পৰে ৷ লগে লগে তেওঁ পদক্ষেপ লয় আৰু ভিডিঅ'টো ভুৱা বুলি কয় ৷ ইয়াৰ লগতে, অভিনেতাগৰাকীয়ে আনুষ্ঠানিকভাৱে এক বিবৃতিও প্ৰকাশ কৰিছে ৷ আমিৰ খানে ইতিমধ্যে মুম্বাই আৰক্ষী থানাত ভুৱা ভিডিঅ'টোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

আমিৰ খানৰ আনুষ্ঠানক মুখপাত্ৰগৰাকীয়ে এটা বিবৃতি জাৰি কৰি উল্লেখ কৰে, 'আমি স্পষ্ট কৰিব বিচাৰো যে আমিৰ খানে তেওঁৰ ৩৫ বছৰৰ কেৰিয়াৰত কেতিয়াও কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই ৷ তেওঁ যোৱা কেইবাটাও নিৰ্বাচনত নিৰ্বাচন আয়োগৰ জনসজাগতা প্ৰচাৰৰ জৰিয়তে জনসজাগতা বৃদ্ধিৰ বাবে তেওঁৰ প্ৰচেষ্টা উৎসৰ্গিত কৰিছে ৷"

বিবৃতিটোত ভুৱা ভিডিঅ'টোৰ কথা উল্লেখ কৰি তেওঁ কয়,"আমিৰ খানে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক প্ৰচাৰ কৰি আছে বুলি অভিযোগ কৰি শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ'টো দেখি আমি চিন্তিত হৈছো ৷ আমি স্পষ্ট কৰিব বিচাৰো যে এইটো এটা ভুৱা ভিডিঅ' আৰু ই সম্পূৰ্ণৰূপে মিছা ৷ অভিনেতাগৰাকীয়ে বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষক জনাইছে, মুম্বাই আৰক্ষীৰ চাইবাৰ অপৰাধ কোষত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ আমিৰ খানে সকলো ভাৰতীয় নাগৰিকক ওলাই আহি ভোট দিয়াৰ লগতে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সক্ৰিয় অংশ হ'বলৈ আহ্বান জনাব বিচাৰে ৷"

আমিৰ খানে শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন পত্নী-চলচ্চিত্ৰ নিৰ্মাতা কিৰণৰ সৈতে 'মিছিং লেডিজ' ৰ প্ৰযোজনা কৰিছিল ৷ ছবিখনত নীতিন্সী গোৱেল, প্ৰতিভা ৰাণ্টা, স্পৰ্শ শ্ৰীবাস্তৱ আৰু ৰবি কিষাণে অভিনয় কৰিছে ৷

লগতে পঢ়ক: বিশেষ পোষ্টাৰযোগে অমৰ সিং চমকিলালৈ শ্ৰদ্ধাঞ্জলি আমুলৰ - Amar Singh Chamkila

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.