ETV Bharat / entertainment

নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণৰ সফল সামৰণি

Northeast International Fashion Week: গুৱাহাটীত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণৰ সফল সামৰণি পৰিল ৷

8th edition of North East International Fashion Week successfully concluded in Guwahati
নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণ
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 11:17 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩০ জানুৱাৰী: সফল সামৰণি পৰিল উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্ৰত্যাশিত নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)ৰ অষ্টম সংস্কৰণৰ । ২০২৪ চনৰ ২৭ আৰু ২৮ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুলৰ চৌহদত অনুষ্ঠিত হৈছিল এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানটি ৷

8th edition of North East International Fashion Week successfully concluded in Guwahati
নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণ

উল্লেখ্য যে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ভাৰত তথা বহিঃৰাষ্ট্ৰৰ উচ্চাকাংক্ষী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰসকলে । এক মহৎ উদ্দেশ্য সন্মুখত ৰাখি এই ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ স্বকীয় সৃষ্টিসমূহ প্ৰদৰ্শন কৰে । দুদিনীয়া অনুষ্ঠানটোত এন ই আই এফ ডব্লিউয়ে "ফেশ্বন ফৰ অল্" শীৰ্ষক প্ৰাৰম্ভিক বিষয়বস্তুৰে এক সমৃদ্ধিশালী মঞ্চৰ জৰিয়তে ডিজাইনাৰ, শিশু, কিশোৰ আৰু ফেশ্বন অনুৰাগীসকলক তেওঁলোকৰ ফেশ্বনৰ প্ৰতি থকা আবেগ প্ৰদৰ্শন কৰিবলৈ সুযোগ দিয়ে ।

8th edition of North East International Fashion Week successfully concluded in Guwahati
নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণ

এই অনুষ্ঠানটোত সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰীসকলে ফেশ্বনৰ প্ৰতি তেওঁলোকৰ ভালপোৱা আৰু আগ্ৰহ প্ৰদৰ্শন কৰে ৷ কেৱল ইমানেই নহয়, লগতে এটা সামাজিক উদ্দেশ্যৰ প্ৰতিও তেওঁলোকে সমৰ্থন আগবঢ়ায় । সামাজিক বিষয়বস্তুক জড়িত কৰাৰ ক্ষেত্ৰত এন ই আই এফ ডব্লিউৰ চলি অহা পৰম্পৰাৰ সৈতে সংগতি ৰাখি এই সংস্কৰণৰ মূল লক্ষ্য হিচাপে বাছনি কৰা হৈছিল পশু আশ্ৰয় শিবিৰ, বয়সস্থ জীৱ-জন্তু তুলি লোৱা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা । বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত বেচৰকাৰী সংস্থা পি ই টি একে ধৰি বিভিন্ন পশু কল্যাণ সংস্থাৰ সহযোগত এন ই আই এফ ডব্লিউৱে জীৱ-জন্তুৰ কল্যাণৰ পোষকতাত অগ্ৰণী ভূমিকা পালন কৰি অহাৰ লগতে সিঁহতৰ মংগলৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি আহিছে ।

8th edition of North East International Fashion Week successfully concluded in Guwahati
নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণ

এনইআইএফডব্লিউ ২০২৪ৰ নেতৃত্ব প্ৰদান কৰে উত্তৰ-পূবৰ চহকী হস্ততাঁত শিল্পৰ বিশ্ব ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰসিদ্ধ বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষে । ফেশ্বনৰ প্ৰতি থকা আগ্ৰহ আৰু ইতিবাচক সামাজিক প্ৰভাৱ সৃষ্টিৰ প্ৰতি সমৰ্পণেৰে ঘোষে কেৱল দৰ্শকক মোহিত কৰাই নহয়, বৰঞ্চ অভূতপূৰ্ব ধৰণেৰে সামাজিক সচেতনতাক প্ৰসাৰিত কৰি অনুষ্ঠানটোক সাফল্যৰ নতুন শিখৰত আৰোহণ কৰোৱাৰ চেষ্টা কৰে ৷

লগতে পঢ়ক: পাৰ্থ সাৰথি মহন্ত পৰিচালিত ফেহুঁজালিলৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান