ETV Bharat / entertainment

গণৰাজ্য দিৱসত অনুৰাগীক এনেদৰে শুভেচ্ছা জনালে চেলিব্ৰিটিয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:04 AM IST

Updated : Jan 26, 2024, 12:08 PM IST

Republic Day 2024: আজি গণৰাজ্য দিৱস ৷ ছ’চিয়েল মিডিয়াত গণৰাজ্য দিৱসত অনুৰাগীক অভিনন্দন জনাইছে বলীউডৰ চেলিব্ৰিটিসকলে ।

75th Republic Day, Anupam kher to Akshay kumar and other celebs extended heartiest wishes
গণৰাজ্য দিৱস ২০২৪

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: আজি ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশবাসীয়ে আজি উদযাপন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস । এই ক্ষেত্ৰত পিচপৰি থকা নাই বলীউডৰ তাৰকাসকল ৷ প্ৰতি বছৰৰ দৰে এইবাৰো বলীউডৰ তাৰকাসকলে অনুৰাগীক গণৰাজ্য দিৱসত অভিনন্দন জ্ঞাপন কৰিছে ।

অনুপম খেৰ

প্ৰবীণ অভিনেতা অনুপম খেৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছে, য’ত দেশৰ জোৱানসকলে পেৰেড কৰা দেখা গৈছে ।

পোষ্টটো শ্বেয়াৰ কৰি অনুপম খেৰে কেপচনত লিখিছে, ‘‘গণৰাজ্য দিৱসৰ দিনা সকলো ভাৰতীয়লৈ অশেষ অভিনন্দন আৰু শুভেচ্ছা ! বম্বে চেপাৰ্ছৰ আখৰাৰ এই ভিডিঅ’টো হোৱাটছএপ ফৰৱাৰ্ডৰ পৰা আহিছে । এই ইউনিটৰ নেতৃত্বত আছে মহিলা বিষয়া ৰুচি যাদৱ । এই ভিডিঅ’টোৰ পটভূমিত এজন সাধাৰণ ভাৰতীয় নাগৰিকৰ কণ্ঠ ৰেকৰ্ডিং কৰা হৈছে । সেই কণ্ঠত কিমান গৌৰৱ আছে ! এয়া আজিৰ ভাৰতৰ গৌৰৱ ! জয় হিন্দ ! ভাৰত মাতা কী জয়’’ ।

অক্ষয় কুমাৰ

প্ৰত্যেক বাৰৰ দৰে এইবাৰো অক্ষয় কুমাৰে সকলো দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছে । এই বিশেষ দিনটোত অক্ষয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ য’ত তেওঁৰ লগতে টাইগাৰ শ্ৰফকো দেশপ্ৰেমৰ ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে ।

ভিডিঅ’টোত এই দুয়োগৰাকী তাৰকাক হাতত জাতীয় পতাকা লৈ সাগৰৰ পাৰত দৌৰি থকা দেখা গৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি খিলাড়ি কুমাৰে কেপচনত লিখিছে, ‘‘নতুন ইণ্ডিয়া, নতুন আত্মবিশ্বাস, নতুন দৃষ্টিভংগী... আমাৰ সময় আহি পৰিছে । গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ ৷’’

কংগনা ৰনৌত

নিজৰ ইনষ্টা ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি গণৰাজ্য দিৱসৰ সকলোকে অভিনন্দন জ্ঞাপন কৰিছে কংগনাই ।

অমিতাভ বচ্চন

আনহাতে এটা ভিডিঅ' শ্বেয়াৰ কৰি গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছে বিগ বিয়ে ।

চনু ছুদ

এই বিশেষ দিনটো উপলক্ষে ছ’চিয়েল মিডিয়াত কিছু ছবি শ্বেয়াৰ কৰিছে চনু ছুদে, য’ত তেওঁ দেশৰ জোৱানৰ সৈতে সময় কটোৱা দেখা গৈছে ।

জুনিয়ৰ এন টি আৰ

জুনিয়ৰ এন টি আৰেও ছ’চিয়েল মিডিয়াৰ যোগেদি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : মুক্তিৰ দিনা কিমান কোটি টকা উপাৰ্জন কৰিব ফাইটাৰে ? সবিশেষ জানি লওক

Last Updated : Jan 26, 2024, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.