হিন্দুস্তান পাৱাৰৰ বিনিয়োগে ৰাজ্যৰ নৱীকৰণ শক্তি খণ্ডক ত্বৰান্বিত কৰিব
হিন্দুস্তান পাৱাৰে ৬২০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰাৰ লগে লগে অসমৰ নৱীকৰণ শক্তি খণ্ডৰ আকাংক্ষা বৃদ্ধি পাইছে ।

Published : March 4, 2025 at 10:17 AM IST
গুৱাহাটী : হিন্দুস্তান পাৱাৰে অসমত অত্যাধুনিক শক্তি আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰকল্পত ৬২০ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে । দেশৰ শক্তি খণ্ডৰ বৃহৎ উদ্যোগটোৱে এই কৰাৰ পিছতে অসমৰ নৱীকৰণ শক্তি খণ্ডৰ প্ৰতি থকা আকাংক্ষাই এক নতুন উৎসাহ লাভ কৰিছে ।
শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত কোম্পানীটোৱে এই বিষয়ত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে । ইয়াৰ ফলত বহনক্ষম শক্তি সমাধান ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে ।
উল্লেখ্য যে হিন্দুস্তান পাৱাৰ হৈছে এক আগশাৰীৰ স্বতন্ত্ৰ শক্তি উৎপাদক । এই কোম্পানীটোৱে উচ্চ বিকাশশীল ভাৰতীয় বজাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । লগতে নৱীকৰণযোগ্য আৰু পৰিৱৰ্তনশীল বিদ্যুৎ উৎপাদন সম্পদৰ ক্ষেত্ৰত বিশ্বজুৰি সুনাম আছে ।
আগন্তুক তিনি বছৰত 5 গিগাৱাট শক্তি ক্ষমতাত উপনীত হোৱাৰ হিন্দুস্তান পাৱাৰৰ এক উচ্চাভিলাষী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বিনিয়োগে 100 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ বিকাশৰ লগতে 100 মেগাৱাটৰ এক অত্যাধুনিক বেটাৰী শক্তি সঞ্চয় প্ৰণালীৰ বিকাশক উৎসাহিত কৰিব ।
কোম্পানীটোৰ অধ্যক্ষ ৰাতুল পুৰীয়ে কয় যে যদিও তেওঁলোকে সৌৰ প্ৰকল্পৰ বাবে ৫০০ কোটি টকা আৰু বেটাৰী সংৰক্ষণ সুবিধাৰ বাবে ১২০ কোটি টকা বিনিয়োগ কৰিব, কিন্তু ই অসমৰ নৱীকৰণযোগ্য শক্তি যাত্ৰাত এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে চিহ্নিত কৰিব ।
অসম চৰকাৰৰ সহযোগত বিকশিত হ'বলগীয়া এই প্ৰকল্পসমূহে কেৱল ৰাজ্যখনৰ শক্তি আন্তঃগাঁথনি বৃদ্ধি কৰাই নহয়, লগতে ৫,০০০ তকৈও অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব । যাৰ ফলত অৰ্থনৈতিক বিকাশ আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি পাব বুলি তেওঁ কয় ।
"আমি গৌৰৱান্বিত যে হিন্দুস্তান পাৱাৰ হৈছে ২০১৬ চনত অসমত বৃহৎ সৌৰশক্তি প্ৰকল্প বিকশিত কৰা প্ৰথম কোম্পানী আৰু কোম্পানীটোৱে নৱীকৰণযোগ্য শক্তিৰ নতুন যুগত ৰাজ্যখনৰ বিকাশৰ যাত্ৰাৰ চালক হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।" তেওঁ কয় । লগতে কয় যে অসমৰ গতিশীল যি দৃশ্যপট ই এক অবিশ্বাস্য সুযোগ প্ৰদান কৰে আৰু কোম্পানীটোৱে ৰাজ্যখনৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি গভীৰ কৰিবলৈ উৎসাহিত হৈছে । ৰাজ্যখনৰ বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰা আৰু ইয়াৰ উচ্চাকাংক্ষী নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যত অৰিহণা যোগোৱাটো কোম্পানীটোৰ উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে হিন্দুস্তান পাৱাৰে ভাৰতৰ প্ৰথম ৫ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰু এছিয়াৰ প্ৰথম ৩০ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশেৰে উদ্যোগৰ মান আগবঢ়াই নিছে ।
পুৰীয়ে কয় যে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োখন বজাৰতে শক্তিশালীভাৱে পদাৰ্পণেৰে কোম্পানীটোৱে সমগ্ৰ ভাৰত, জাৰ্মানী, ইটালী, জাপান, ইউ কে আৰু আমেৰিকাত সফলতাৰে প্ৰকল্পসমূহ সম্পাদন কৰিছে ।
উদ্ভাৱনক স্থিৰতাৰ সৈতে সংমিশ্ৰণ কৰি কোম্পানীটো বিশ্বজুৰি শক্তি পৰিৱৰ্তনৰ শীৰ্ষত আছে আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত এক মুখ্য অংগ হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে ।

