ETV Bharat / business

এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অগৰু উদ্যোগত জড়িত ৫ লাখ লোক লাভাৱান্বিত হ'ব

অগৰু উদ্যোগত অচিৰেই সংযোগ হ'ব গেছ পাইপ লাইন । অসম গেছ কোম্পানীৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটিৰ ।

Naharani Co operative Agar Wood and Attar Society
নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2025 at 5:28 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ এ আশাৰ বতৰা লৈ আহিছে উজনি অসমৰ অগৰু উদ্যোগলৈ । নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটিয়ে অসম গেছ কোম্পানীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাত অগৰু ব্য়ৱসায়ীসকলৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ ক্ষেত্ৰত আৰু এখোজ আগুৱালে ।

এই সম্পৰ্কে শনিবাৰে নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটিৰ সম্পাদক মমিৰুল হুছেইনে এক সংবাদমেল সম্বোধন কৰি কয়," এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে বিশেষকৈ অগৰু উদ্যোগলৈ এক আশাৰ ৰেঙনি দেখা পাইছো । এইক্ষেত্ৰত উদ্যোগ মন্ত্ৰী আমাৰ লগত থাকি অসম গেছ কোম্পানীৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাত সহায় কৰিছে । সেইবাবে তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটিৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ পুনৰ কয়," আমাৰ এই নাহৰণী অঞ্চলত যোৱা বছৰ গণনা কৰিছিল উদ্যোগ বিভাগে । সেইমতে ২১৬ টা ডেগৰ তেল নিষ্কাশন কৰা উদ্যোগ আছে । এই অগৰু উদ্যোগৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিশেষকৈ উজনি অসমৰ প্ৰায় ৪.৫০ পৰা ৫ লাখ লোক জড়িত হৈ আছে । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জিলা সামৰি এটা সামগ্ৰী চিনাক্তকৰণৰ ব্যৱস্থা কৰিছে । গোলাঘাট জিলাক অগৰুৰ বাবে নিৰ্দিষ্ট কৰি দিছে, যাৰ দ্বাৰা অগৰু খেতিয়ক আৰু উদ্যোগসমূহ যথেষ্ট পৰিমাণে লাভাৱান্বিত হ'ব । লগতে আমাৰ এই অগৰু উদ্যোগসমূহ চলাই নিয়াৰ ক্ষেত্ৰত আগতে বহু অসুবিধাৰ সৃষ্টি হৈছিল, কিন্তু অসম গেছ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে এই উদ্যোগলৈ অচিৰেই সংযোগ হ'ব গেছ পাইপ লাইন ।‌ "

Naharani Co operative Agar Wood and Attar Society
নাহৰণী সমবায় আগৰ উড এণ্ড আতৰ ছ'চাইটি (ETV Bharat Assam)

আনহাতে, এই সম্পৰ্কে সমবায় সমিতিৰ সভাপতি চিৰাজুল ইছলামে কয়, "১৯৭৩ চনত নাহৰণী আগৰ উড এণ্ড আতৰ ছ'চাইটিয়ে অগৰু ব্যৱসায়ী আৰু খেতিয়কৰ বিভিন্ন সমস্যা লৈ গঠন কৰা এটা অনুষ্ঠান । শেহতীয়াকৈ ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত এডভান্টেজ আছামত আমাৰ আগৰ উড এণ্ড আতৰ ছ'চাইটিৰ সদস্যসকলক প্ৰতিনিধি হিচাপে নিমন্ত্ৰণ জনাইছিল । উক্ত অনুষ্ঠানত আমি উপস্থিত থাকি অগৰু ব্যৱসায়ীৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ উপৰি উদ্যোগ মন্ত্ৰী বিমল বড়াৰ সৈতে আলোচনাত মিলিত হৈ আমাৰ এটা দীৰ্ঘদিনৰ সমস্যা অগৰুৰ তেল নিষ্কাষনত ব্যৱহাৰ কৰা ডেগৰ ইন্ধনৰ খৰচ সম্পৰ্কে আলোচনা কৰো । এই বিষয়ে উদ্যোগ মন্ত্ৰীক অৱগত কৰাৰ পাছত লগে লগে অসম গেছ কোম্পানীৰ বিষয়াৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰো আৰু অহা এপ্ৰিলৰ পৰা গেছ পাইপ লাইনৰ কাম আৰম্ভ কৰিব বুলি কয় । এইক্ষেত্ৰত বিশেষভাৱে আগভাগ লোৱা ক্ৰীড়া সংগঠক পৰীক্ষিত দত্তক ধন্যবাদ জ্ঞাপন কৰিছো ।"

লগতে পঢ়ক:কি কি পালো, কি কি পাম: সৰ্বমুঠ ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি - CM ON ADVANTAGE ASSAM 2

অনুমতিৰ প্ৰয়োজন নাই; সাধাৰণ জনতাৰ বাবে মুকলি এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী - ADVANTAGE ASSAM 2