কি কি পালো, কি কি পাম: সৰ্বমুঠ ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি
এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে ।

Published : February 28, 2025 at 9:11 PM IST
গুৱাহাটী: "২০১৮ ত আৰম্ভ হোৱা সপোন এটাৰ প্ৰথম খোজটো আমি অধিক আগবাঢ়ি এডভাণ্টেজ আছাম ২.oত এটা বুনিয়াদ গঢ়িলো । অহা চাৰি বছৰ নিৰন্তৰভাৱে কাম কৰিলে এডভাণ্টেজ আছাম ২.০ ক আমি কাৰ্যত ৰূপায়ণ কৰিব পাৰিম ।" ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ খতিয়ান দাঙি ধৰি এক বাস্তৱ অভিমুখী মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
এডভাণ্টেজ আছাম ২.০ৰ সপোন, প্ৰত্যাশা, বাস্তৱ আৰু প্ৰত্যাহ্বান সবিশেষ দাঙি ধৰি শুকুৰবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "এডভাণ্টেজ আছাম ২.০ত সৰ্বমুঠ ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা আহিছে । আগন্তুক ৪ বছৰ নিৰন্তৰ কাম কৰিলে এয়া সফল হ'ব । আমাৰ বিজেপি চৰকাৰৰ এটা সিদ্ধান্ত আছিল প্ৰতি ৪ বছৰৰ মূৰে মূৰে এডভাণ্টেজ আছাম আয়োজন কৰা হ'ব । এডভাণ্টেজ আছাম ৩.০ আয়োজন কৰাৰ সময়ত অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব ।"
এডভাণ্টেজ আছামৰ প্ৰতি দেশ-বিদেশৰ উদ্যোগপতি আৰু বাণিজ্যিক প্ৰতিনিধিৰ ব্যাপক সহাৰিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ যিদৰে আহ্বান জনালে সেয়া বিৰল । ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনাইছো ।" লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বৈদেশিকো ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এডভাণ্টেজ আছাম ২.০ সফল কৰাৰ ক্ষেত্ৰত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে যিদৰে বিদেশী ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক লগত লৈ নেতৃত্ব দিলে তাৰ বাবে কৃতজ্ঞতা জনাইছো ।" এডভাণ্টেজ আছাম ২.০ত সহযোগ কৰা অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলকো কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে ।
কেনেকৈ আৰম্ভ কৰিছিল প্ৰস্তুতি ?
২০২৪ৰ পৰা পৰিকল্পনা কৰা এই সন্মিলনখন ব্যাপকভাৱে সফল হোৱা বুলি মন্তব্য কৰি এডভাণ্টেজ আছাম ২.০ৰ প্ৰস্তুতি পৰ্বৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই সন্মিলনখন অনুষ্ঠিত হোৱাৰ পূৰ্বে ২৪০ খন B2G (Business to Government) বৈঠক অনুষ্ঠিত কৰিছিল । ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৮০ খন বৈঠক অনুষ্ঠিত হৈছিল ।"
কিমান সহাৰি লাভ কৰিলে এডভাণ্টেজ আছাম ২.০ত ?
এই এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ দুটা দিনত ৫ লাখ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকাৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱ লাভ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰি কয়, "এই সন্মিলনখনত ১,১০০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত হৈছিল । মুঠ ৬২ টা Diplomatic Mission জড়িত হৈছিল । দেশৰ সৰ্বমুঠ ৮ হাজাৰ উদ্যমীয়ে এই এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰে । এক বৃহৎ ৮২,৭০০ বৰ্গফুট এলেকাত এই সন্মিলনখন অনুষ্ঠিত হ'ল । মুঠ ২০০ খন বিপণিয়ে প্ৰদৰ্শনীত অংশ লৈছিল ।"
২০২৭ত আমেৰিকাত বিনিয়োগৰ ৰোড শ্ব'ৰ পৰিকল্পনা:
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "৯ খন ৰাষ্ট্ৰই সহযোগী ৰাষ্ট্ৰ হিচাপে এডভাণ্টেজ আছাম ২.০লৈ সহাৰি জনাইছিল । ইউৰোপৰ পৰা ৩৩, এছিয়াৰ পৰা ১২০, আফ্ৰিকাৰ পৰা ২২ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল ।" আমেৰিকা চৰকাৰৰ ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া চলি থকাৰ বাবে এই বিনিয়োগ সন্মিলনত সহযোগী হোৱাত অসুবিধাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, "২০২৭ ত আমেৰিকাত বিনিয়োগ সন্দৰ্ভত এক ৰোড শ্ব' কৰাৰ পৰিকল্পনা কৰা হৈছে ।"
কিয় অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহী বিনিয়োগকাৰীসকল ?
এডভাণ্টেজ আছামৰ সমান্তৰালভাৱে দেশৰ আন চাৰিখনকৈ ৰাজ্যই পাতিছে বিনিয়োগ সন্মিলন । তেন্তে অসমত উদ্যোগপতিসকল বা ব্যৱসায়িক গোটসমূহে প্ৰতিশ্ৰুতি অনুসাৰে বিনিয়োগ কৰাৰ সম্ভানীয়তা কিমান ? কিয় অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহী ব্যৱসায়িক টাইকুনসকল ? এই লৈ সংবাদমেলত গভীৰ আশাবাদী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "অসম এতিয়া অতি শান্তিপূৰ্ণ আৰু নিৰাপদ ৷ অসমত যোৱা তিনি বছৰত এহেজাৰ মানুহ গোট খোৱা এটাও প্ৰতিবাদ হোৱা নাই । ৰাজ্যৰ সমৰ্থবান যু্ৱ প্ৰজন্ম এতিয়া অসমৰ এম্বেচাদৰ । প্ৰচুৰ সম্ভাৱনা আছে । সেয়ে অসমত এতিয়া বিনিয়োগকাৰীসকল বিনিয়োগৰ বাবে আগ্ৰহী হৈছে ৷"
এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ পৰা বাহিৰৰ ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা যুৱ প্ৰজন্মৰো কথা উল্লেখ কৰি কয় , "ক’ভিডৰ সময়ত আমি ৰাজ্যৰ বাহিৰত থকা অসমৰ যুৱক-যুৱতীসকলক দুহাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিলো । তেতিয়া ২০০০ টকাৰ বাবে ৭ লাখে অনলাইন আবেদন জনাইছিল । এইসকলক ৰাজ্যলৈ ঘূৰাই আনিব পৰাটোও হ’ব বৃহৎ সফলতা ।"
মুখ্যমন্ত্ৰীৰ মতে প্ৰত্যহ্বান কি ?
এডভাণ্টেজ আছাম 2.o ক লৈ প্ৰত্যাশা যিমান, তাৰ সমান্তৰালভাৱে প্ৰত্যাহ্বানো কম নহয় ৷ মুখ্যমন্ত্ৰী [ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে, বিনিয়োগকাৰীৰ বাবে উপযুক্ত ভূমিৰ ব্যৱস্থা কৰাটোৱেই হ’ব অসম চৰকাৰৰ মূল প্ৰত্যাহ্বান । মুখ্যমন্ত্ৰীগৰাকীৰ কয়, "বিনিয়োগকাৰীসকলে নিজৰ সুবিধা অনুসৰি ভূমি বিচাৰিব ৷ আমি ভূমিখিনিৰ ব্যৱস্থা কৰি দিবই লাগিব । আমি আশা কৰো এইবাৰ ক’তো ৰাইজে মাটিৰ ক্ষেত্ৰত আপত্তি নকৰিব । আমি মূল কৃষিভূমিসমূহ স্পৰ্শ নকৰো ।"
আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে ভূমিৰ ব্যৱস্থা কৰাটোৰ লগতে আন এক প্ৰত্যাহ্বান হ’ল বিনিয়োগকাৰীলৈ আগবঢ়াবলগীয়া সা-সুবিধাসমূহ ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "আমি কিমান সা-সুবিধা আগবঢ়াব পাৰিম তাৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰিব এডভাণ্টেজ আছাম ২.oৰ কাৰ্যকৰীকৰণ ৷ এই সময়ত বিনিয়োগ সন্মিলন পতা আন ৪ খন ৰাজ্যৰ সৈতেও বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৷ গতিকে আমি ন্যূনতম সা-সুবিধাখিনি দিব পাৰিব লাগিব ৷ বিনিয়োগকাৰীক দিবলগীয়া সা-সুবিধাৰ লগতে ভূমিৰ উপযুক্ত ব্যৱস্থা আৰু কাম কৰাৰ সঠিক পৰিৱেশ প্ৰদান কৰাটোও আমাৰ বাবে হ’ব অন্যতম প্ৰত্যাহ্বান ৷"
এডভাণ্টেজ আছাম ২.oৰ প্ৰধান বিনিয়োগৰ প্ৰস্তাৱসমূহ :
এডভাণ্টেজ আছাম ২.oৰ প্ৰধান বিনিয়োগৰ প্ৰস্তাৱসমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে সেইসমূহৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত এইবাৰৰ ভ্ৰমণত উল্লেখ কৰা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো প্ৰকল্পৰ বাবে ১২ হাজাৰ কোটি টকা ঘোষণাৰ কথা ৷ লগতে সদৰী কৰিলে ৰে’ল, উৰণকে আদি কৰি বিভিন্ন খণ্ডত বিনেয়োগ কৰা চৰকাৰী খণ্ডৰ বিনিয়োগৰ কথা । তাৰ ভিতৰত গুৱাহাটী ৰে'ল ষ্টেচন উন্নত কৰি প্ৰস্তাৱিত এক বিশাল আই টি পাৰ্কৰ বাবে ৩০০ কোটি টকা ঘোষণা কৰা হৈছে । ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে অসমৰ বাবে মুঠ ৭,২০০ কোটি টকা ঘোষণা কৰে । কেন্দ্ৰীয় যোগাযোগ আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১,২০০ কোটি টকা ঘোষণা কৰে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ১,৫০০ কোটি টকা ঘোষণা কৰে । বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত বিভাগটোৰ তৰফৰ পৰা ৪,৮০০ কোটি টকা ঘোষণা কৰে ।
আম্বানীৰ বিনিয়োগৰ সবিশেষ :
ইয়াৰ উপৰি দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীয়ে ৫০ হাজাৰ কোটি টকা ঘোষণা কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্বি আংলঙত শীঘ্ৰে NIPER প্ৰকল্পৰ বাবে ৰিলায়েন্সক ভূমি আবণ্টন দিব চৰকাৰে । গুৱাহাটীত এখন ছেভেন ষ্টাৰ অবেৰয় হোটেল নিৰ্মাণ কৰিব ৰিলায়েন্সে । অসমৰ বস্ত্ৰ ঐতিহ্য ক্ষেত্ৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে ৰিলায়েন্স গ্ৰুপে কাম কৰিব । কিন্তু ব্যৱসায়িক ক্ষেত্ৰত নহয়, এয়া হ’ব তেওঁলোকৰ সমাজসেৱাৰ অংশ ।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে টাটা গ্ৰুপৰ অসমত বিনিয়োগৰ বিষয়েও ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "টাটা গ্ৰুপে জাগীৰোডৰ ছেমি কণ্ডাক্টৰৰ সমান্তৰালকৈ ইলেক্ট্ৰ'নিক সামগ্ৰী নিৰ্মাণৰ এক প্ৰকল্পও অসমত কৰিব বিচাৰিছে । ৩০ হাজাৰ কোটিৰে হ'ব এই প্ৰকল্প । ইয়াত বৃহৎ সংখ্যক নিযুক্তি সম্ভৱ হৈ উঠিব ৷" অসমত টাটাই এখন পূৰ্ণাংগ তাজ হোটেল নিৰ্মাণ কৰিব বুলিও মন্তব্য আগবঢ়াই মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷
বেদান্ত গ্ৰুপে বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি :
এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰত মুঠ ৮৫,০০০ কোটি টকাৰ বিনিয়োগ হ'ব অসমত । হাইড্ৰ’কাৰ্বনৰ ক্ষেত্ৰত বিনিয়োগ হোৱাৰ ফলত অসমত আই টি আই পঢ়া হাজাৰ হাজাৰ ল'ৰা-ছোৱালীয়ে সংস্থাপন পাব ।" আনহাতে, দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ বিনিয়োগ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "গৌতম আদানীয়েও ৰাজ্যত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব । আদানী গ্ৰুপৰ বিভিন্ন কাম ইতিমধ্যে অসমত চলি আছে । আদানী গ্ৰুপে এয়াৰপ'ৰ্টৰ লগতে এৰ'চিটী নিৰ্মাণৰ কথা ঘোষণা কৰিছে । সেয়ে গুৱাহাটীত এৰ'চিটী নিৰ্মাণ কৰিলে বহুক্ষেত্ৰত সুবিধা হ'ব ৷" লগতে মুখ্যমন্ত্ৰীয়ে জনাই যে প্ৰতিৰক্ষা,পথ, চিমেণ্ট উদ্যোগৰ ক্ষেত্ৰতো কাম কৰিব আদানী গ্ৰুপে ।
অসমৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ হ'ব :
অসমৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি ) প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় , "অসমৰ বৰ্তমান মুঠ ঘৰুৱা উৎপাদন হৈছে ৬ লাখ ৪৩ হাজাৰ কোটি টকা । অৰুণাচলত নিৰ্মিত আৰু প্ৰস্তাৱিত ৬ টাকৈ বিদ্যুৎ উৎপাদনকাৰী প্ৰকল্পৰ বাবে অসমত বৃদ্ধি পাইছে চিমেণ্ট উদ্যোগৰ প্ৰয়োজনীয়তা । সেয়ে অহা ৫ বছৰত অসম তৃতীয় বৃহৎ চিমেণ্ট উৎপাদনকাৰী ৰাজ্য হ'ব ।" লগতে তেওঁ কয়, "অসমৰ বাঁহক ভালকৈ প্ৰয়োগ কৰিব পাৰিলে সেউজ শক্তিৰ ক্ষেত্ৰখনত সেউজ অৰ্থনীতি গঢ় লৈ উঠিব । তেল আৰু গেছৰ ক্ষেত্ৰখনত যিদৰে ৮৫ হাজাৰ কোটি টকা বিনিয়োগৰ কথা কোৱা হৈছে সেয়া যদি সম্ভৱ হয় তেন্তে অসমৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ হ'ব ।" এডভাণ্টেজ আছাম ২.০ত ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটিৰ বিনিয়োগ সঁচাকৈ হ'লে অসমত ২ লক্ষাধিক চাকৰি মুকলি হ'ব বুলিও সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
চিকিৎসাখণ্ডৰ প্ৰাণকেন্দ্ৰ হ’ব গুৱাহাটী:
গুৱাহাটীয়ে মেডিকেল হাব হিচাপে গঢ় ল’ব বুলি মন্তব্য় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "দেশৰ আগশাৰীৰ চিকেৎসা খণ্ডৰ প্ৰতিষ্ঠান মেডান্টা গ্ৰুপে ৫০০ খন বিচনাযুক্ত ছুপাৰস্পেচিয়েলিটি হাস্পতাল, ২০০ খন বিচনাযুক্ত শিশু-মাতৃ হাস্পতাল আৰু এখন লেমন ট্ৰি হোটেল স্থাপনৰ পোষকতা কৰিছে ।" তেওঁ কয় যে ইয়াৰ ফলত যকৃৎ সংৰোপনৰ বাবে হায়দৰাবাদ, বেংগালুৰু আদিলৈ যাব নালাগে অসম আৰু উত্তৰ-পূবৰ ৰোগীসকল । আনহাতে, লীলাৱতী হাস্পতালেও আমেৰিকাৰ এটা প্ৰতিষ্ঠানৰ সৈতে লগ হৈ গুৱাহাটীত কেন্সাৰ হাস্পতাল স্থাপনৰ পোষকতা কৰিছে । লগতে হেল্থ চিটী হাস্পতাল গ্ৰুপে অসমত আয়ুৰ্বেদিক হাস্পতাল স্থাপন কৰিব বিচাৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আশা যে স্বাক্ষৰিত এই চুক্তিসমূহৰ ৭০ শতাংশও যদি পূৰ্ণ হয় তেতিয়াহ'লে অসম বহুদূৰ আগুৱাই যাব ।

