ETV Bharat / bharat

বনৌষধিৰে দুৰাৰোগ্যকো প্ৰত্যাহ্বান: অৰুণাচলৰ য়ানুং জাম লেগ’লৈ পদ্মশ্ৰী সন্মান

Yanung Jamoh Lego: অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছঘাটৰ য়ানুং জাম লেগ’লৈ ভাৰত চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী সন্মান ৷ সন্মান লাভৰ পাছতে সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক ধন্যবাদ জ্ঞাপন য়ানুং জাম লেগ’ৰ ৷ জানো আহক সবিশেষ...

Yanung Jamoh Lego Padma shri
অৰুণাচলৰ য়ানুং জাম লেগ’লৈ পদ্মশ্ৰী সন্মান
author img

By ETV Bharat Assamese Team

Published : January 28, 2024 at 9:42 PM IST

2 Min Read
Choose ETV Bharat
অৰুণাচলৰ য়ানুং জাম লেগ’লৈ পদ্মশ্ৰী সন্মান

জোনাই, ২৮ জানুৱাৰী : অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাট GTC নিবাসী, বিজ্ঞান বিষয়ত স্নাকোত্তৰ ডিগ্ৰীধাৰী য়ানুং জামহ লেগ’লৈ ভাৰত চৰকাৰে আগবঢ়াইছে পদ্মশ্ৰী সন্মান ৷ বনৌষধি গৱেষণাৰে নিজকে নিয়োজিত কৰি বিভিন্ন ৰোগৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়াই অহাৰ বাবে য়ানুং জামহ লেগ’লৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

উল্লেখ্য যে কঠোৰ পৰিশ্ৰমেৰে পাছিঘাটৰ পাহাৰৰ বুকুত থকা বনৌষধি গছৰ পাত, শিপা আদিৰ পৰা বিগত প্ৰায় ৩০ বছৰ ধৰি বন ঔষধ প্ৰস্তুত কৰি বহু দুৰাৰোগ্য ৰোগৰ চিকিৎসা কৰি আহিছে য়ানুং জামহ লেগে’ । বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ভাৰাক্ৰান্ত হোৱা দুখীয়া-নিচলাৰ বাবে ভগৱানস্বৰূপ য়ানুং জাম লেগ’ ৷

ভাৰত চৰকাৰৰ পৰা সন্মান লাভৰ পাছতে সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে য়ানুং জামহ লেগে’ ৷

পদ্মশ্ৰী সন্মানপ্ৰাপকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি মোৰ চিকিৎসা সেৱাৰ বিষয়ে অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰচাৰ কৰিছে ৷ সেয়ে মই দেশৰ বিভিন্ন ৰাজ্যৰ মানুহৰ মাজত জনাজাত হৈ পৰিছোঁ ৷ বিশেষকৈ অসমৰ সংবাদ মাধ্যমে বিভিন্ন সময়ত মোৰ চিকিৎসা সেৱাৰ বিষয়ে প্ৰচাৰ কৰি আহিছে ৷ গতিকে দেশৰ বিভিন্ন ৰাজ্য মানুহে মোৰ চিকিৎসা সেৱাৰ বিষয়ে অৱগত হৈ চিকিৎসা গ্ৰহণৰ বাবে আহে আৰু বহু ৰোগী আৰোগ্যও হৈছে ৷’’

উল্লেখযোগ্য যে প্ৰকৃতিয়েই ৰক্ষক, যদিহে প্ৰকৃতিৰ সৈতে থাকে আত্মিক সম্পর্ক । অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাছিঘাটৰ য়ানুং জাম লেগে’ প্ৰকৃতিৰ সৈতে গঢ়ি তুলিছে তেনে এক নিবিড় সম্পর্ক । জানিব পৰা মতে সৰুৰে পৰা য়ানুং জাম লেগ’ আকৰ্ষিত আছিল বনৌষধৰ প্ৰতি ৷

বিভিন্ন বনৌষধৰ গুণাগুণৰ ওপৰত গৱেষণা কৰা য়ানুং জাম লেগ’ৰ দাবী যে কেন্সাৰৰ দৰে দুৰাৰোগ্যও তেখেতে সহজেই চিকিৎসা কৰে । ইফালে য়ানুং জাম লেগ’ৰ বন ঔষধৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা, ফ্ৰান্স, ছুইজাৰলেণ্ড আদিৰ দৰে আগশাৰীৰ দেশতো চলি আছে য়ানুং জাম লেগ’ৰ বনৌষধৰ চিকিৎসা ।

আনহাতে য়ানুং জাম লেগ’ৰ বনৌষধৰ ঔদ্যোগৰ লগত জড়িত হৈ কুৰিৰো অধিক স্থানীয় লোকে লাভ কৰিবলৈ সক্ষম হৈছে উপাৰ্জনৰ পথ ৷

লগতে পঢ়ক: পদ্মশ্ৰী বঁটাপ্ৰাপক সৰ্বেশ্বৰ বসুমতাৰীক দল-সংগঠনৰ সম্বৰ্ধনা