ETV Bharat / bharat

এই কাৰণতে প্ৰতি বছৰে উদযাপন কৰা হয় ৰ’জ ডে’

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:38 AM IST

Rose Day 2024: প্ৰতি বছৰে ৭ ফেব্ৰুৱাৰীৰ দিনটোত ৰ’জ ডে’ পালন কৰা হয় । আজিৰ দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি নিজৰ প্ৰেম আৰু বিশ্বাস প্ৰকাশ কৰে । কিন্তু আপুনি জানেনে যে এই দিনটোৰ বিশেষত্ব ? ইয়াক উদযাপনৰ আঁৰৰ কাৰণ আৰু মোগল যুগৰ সৈতে ইয়াৰ সম্পৰ্ক সম্বন্ধে জানো আহক-

What is the Importance of  Rose Day 2024?
এই কাৰণতে প্ৰতি বছৰে উদযাপন কৰা হয় ৰ’জ ডে’

ফেব্ৰুৱাৰী মাহৰ আগমণৰ লগে লগে পৃথিৱীখন ৰোমান্টিক অনুভৱেৰে ভৰি পৰে । আজিৰ পৰা আৰম্ভ হ’ল ভেলেণ্টাইন উইক । সেইবাবেই এই মাহটোক প্ৰেমৰ মাহ বুলিও কোৱা হয় । প্ৰেমিক যুগলে অতি আগ্ৰহেৰে অপেক্ষা কৰে এই সময়লৈ । এই সাতদিনীয়া ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হয় ৰ’জ ডে’ৰ পৰা । য'ত প্ৰতিহাল প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ আজিৰ দিনটোত বজাৰত বিভিন্ন প্ৰকাৰৰ গোলাপৰ যথেষ্ট চাহিদা আছে ৷ কিন্তু প্ৰেমিক যুগলৰ বাবে এই সুন্দৰ দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল জানেনে? যদি নাজানে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে-

এইদৰেই হৈছিল ৰ’জ ডে’ৰ আৰম্ভণি

ৰ’জ ডে’ত প্ৰেমিক যুগলে গোলাপ ফুল দি ইজনে আনজনক নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ কিন্তু জনাই দিও যে এই দিনটোৰ আৰম্ভণি মোগল যুগৰ পৰাই হৈছিল ৷ কোৱা হয় যে, মোগল বেগম নুৰজাহান ৰঙা গোলাপৰ প্ৰতি অতি আকৰ্ষিত আছিল ৷ এনে অৱস্থাত তেওঁক সন্তুষ্ট কৰিবলৈ জাহাংগীৰে প্ৰতিদিনে টন টনকৈ সতেজ গোলাপ পঠিয়াইছিল ৷

একে সময়তে এই কথাও কোৱা হয় যে ৰাণী ভিক্টোৰিয়াইও স্বামী ৰাজকুমাৰ এলবাৰ্টক গোলাপ ফুলেৰে নিজৰ প্ৰেম প্ৰকাশ কৰিছিল ৷ ৰাণী ভিক্টোৰিয়াৰ সময়ৰ পৰাই মানুহে নিজৰ আপোনজনক বিশেষ অনুভৱ কৰাবলৈ ৭ ফেব্ৰুৱাৰীৰ পৰা গোলাপ ফুল দিবলৈ আৰম্ভ কৰিছিল আৰু আজিও এই পৰম্পৰা অব্যাহত আছে ৷

ৰ'জ ডে' কিয় পালন কৰা হয় ?

এই দিনটোত ইজনে আনজনক গোলাপ ফুল দিয়াটো প্ৰেম প্ৰকাশৰ এক মাধ্যম ৷ ইয়াৰ পৰা বুজা যায় যে আপুনি এই সম্পৰ্কক মূল্য দিয়ে ৷ উল্লেখ্য যে, বহুলোকে এইটো ভাবে যে এই দিনটো কেৱল প্ৰেমিক-প্ৰেমিকাৰ বাবেহে কিন্তু বাস্তৱত তেনে নহয় আপোনাৰ পিতৃ-মাতৃ বা বন্ধু-বান্ধৱীৰ বা আপোনাৰ কোনো আত্মীয়ৰ সৈতেও এই দিৱস পালন কৰি তেওঁলোকক বিশেষ অনুভৱ কৰাব পাৰে ৷

লগতে পঢ়ক: খাদ্যৰ তালিকাত যোগ কৰক এই ৫বিধ খাদ্য, কেতিয়াও ভাগৰুৱা অনুভৱ নকৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.