ETV Bharat / bharat

জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 10:14 AM IST

Weekly Horoscope For 7th April To 13th April
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 7th April To 13th April : কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি : এই সপ্তাহটো অবিবাহিত লোকসকলৰ বাবে শুভ ৷ বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে । প্ৰেম সম্পৰ্কত কোনো নতুনত্ব নাই । বিবাহিতসকলৰ গাৰ্হস্থ্য জীৱনত তৃতীয় ব্যক্তিৰ বাবে সমস্যাৰ উৎপত্তি হ’ব ৷ আৰ্থিক স্থিতি ভাল । আপুনি বিনিয়োগ কৰিলে লাভজনক হ’ব । কৰ্মক্ষেত্ৰত সুখবৰ লাভ কৰিব । ব্যৱসায়ীসকলৰ বাবে শুভ ৷ উচ্চ শিক্ষাৰ বাবে শুভ ৷ শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি কৰিব । স্বাস্থ্য অলপ দুৰ্বল হ’ব । দৈনন্দিন ৰুটিন পৰিৱৰ্তন কৰক । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । বন্ধু-বান্ধৱীৰ লগত ভ্ৰমণৰ যোগ আছে । ঋণ লোৱাৰ পৰা বিৰত থাকক।

বৃষ ৰাশি : এই সপ্তাহটো আপোনালোকৰ শুভ ৷ প্ৰেম সম্পৰ্ক শুভ । বিবাহিত লোকসকলৰ জীৱনত সুখ-শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিব ৷ ধন সঞ্চয় কৰিবলৈ শিকক ৷ আৰ্থিক দিশত শুভ । ব্যৱসায়ত নতুন লেন-দেন প্ৰাপ্ত কৰিব । কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ এই সপ্তাহত আপোনাৰ স্বাস্থ্য শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ যদিও, পঢ়াত অন্যমনস্ক হ’ব পাৰে । পৰিয়ালৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰিব লগা হ’ব পাৰে । গৃহ সাজ-সজ্জা আৰু মেৰামতিৰ বাবে আপুনি ধন ব্যয় কৰিব ।

মিথুন ৰাশি : অবিবাহিত লোকসকলে জীৱন সংগী বাছি ল’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত তিক্ততা থাকিব । বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হ’ব । আৰ্থিক দিশত শুভ । ব্যয় অব্যাহত থাকিব। উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷ আপুনি নিজৰ পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব । সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰক । ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ যোগ আছে ৷ নিবনুৱাসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব ।

কর্কট ৰাশি : পৰিয়ালৰ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰক । প্ৰেমৰ সম্পৰ্ক সুখৰ হ’ব । এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ। ধন লাভৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি মজবুত হ’ব ৷ আধৰুৱা কাম সম্পূৰ্ণ হ’ব । চাকৰিয়ালসকলৰ বাবে এই সময়খিনি দুৰ্বল । ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে শুভ। কোনো ডাঙৰ কৃতিত্ব লাভ কৰিব । স্বাস্থ্যৰ যত্ন লওক।

সিংহ ৰাশি : এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ । জীৱন সংগীৰ সৈতে সময় কটাওক । প্ৰেমত সাৱধান হওক ৷ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ ব্যৱসায়ত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । চাকৰিয়াসকলৰ বাবে শুভ। যাত্ৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে । দূৰ-সম্পৰ্কীয় আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব । চাকৰিয়ালসকলে চাকৰি সলনি কৰাক লৈ বিভ্ৰান্ত হ’ব পাৰে । নিজৰ প্ৰিয় কামবোৰ কৰক ৷ মাতৃৰ সংগ লাভ কৰিব।

কন্যা ৰাশি : এই সপ্তাহটো শুভ ৷ পাৰিবাৰিক জীৱনত সুখ বিৰাজ কৰিব । জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হৈ থাকিব পাৰে । প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল নহ’ব । নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ যোগ আছে । চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে । ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰয়াস সফল হ’ব । মনটোক চঞ্চল হ’বলৈ নিদিব । ৰাজনীতিত সফলতাৰ সম্ভাৱনা আছে । ভাতৃ-ভগ্নীৰ মাজত চলি থকা বিবাদৰ অন্ত পৰিব । সন্তানৰ ভুল সংগই পিতৃ-মাতৃক অশান্তি দিব পাৰে । সন্তানৰ দাবী পূৰণ কৰক ৷ সন্তানৰ সৈতে সময় অতিবাহিত কৰক ৷

তুলা ৰাশি : কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে । জীৱন সংগীৰ আচৰণ অলপ সলনি হ’ব পাৰে । আৰ্থিক স্থিতি মিশ্ৰিত ৷ আয় বাঢ়িব, কিন্তু ব্যয়ো বেছি হ’ব । এই সপ্তাহটো চাকৰিয়ালৰ বাবে মধ্যমীয়া । নিবনুৱা লোকসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে শুভ । উচ্চ শিক্ষাৰ বাবে শুভ। বিদেশত শিক্ষা লাভৰ সুযোগ আছে । ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ব্যৱসায় শুভ ৷ ঘৰত পূজা-পাতলৰ আয়োজন কৰা হ'ব ।

বৃশ্চিক ৰাশি : এই সপ্তাহটো উত্থান-পতন হ’ব । প্ৰেমৰ বাবে শুভ ৷ বিবাহিতসকলৰ বাবে শুভ ৷ কোনো ব্যক্তিৰ হস্তক্ষেপে বিবাদৰ সৃষ্টি কৰিব । বিনিয়োগৰ ক্ষেত্ৰত শুভ । ব্যৱসায়ত শুভ। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলে গুৰুৰ সান্নিধ্য লাভ কৰিব ৷ স্বাস্থ্য শুভ ৷ দৈনন্দিন সময়সূচীত মৰ্নিং ৱাক, যোগাভ্যাস আৰু ধ্যান অন্তৰ্ভুক্ত কৰক ৷ পিতৃৰ সৈতে সময় পাৰ কৰক ৷

ধনু ৰাশি : প্ৰেমত উত্থান-পতন হ’ব । ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে । বিবাহিত লোকসকলে সমস্যাৰ সন্মুখীন হ’ব । জীৱন সংগীৰ নতুন পৰিকল্পনাত সহায় কৰক ৷ ধন লাভ কৰিব ৷ ব্যৱসায়ত শুভ ৷ উচ্চ শিক্ষাৰ বাবে সময় শুভ। পৰিয়ালৰ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত যোগদান কৰক ৷ ভাতৃৰ সহযোগিতা প্ৰাপ্ত কৰিব ।

মকৰ ৰাশি : প্ৰেম সম্পৰ্কৰ বাবে সময় অতি শুভ । আপোনাৰ আৰু প্ৰিয়জনৰ মাজৰ দূৰত্ব কমি আহিব । গাৰ্হস্থ্য জীৱনত অন্য কোনো ব্যক্তিৰ হস্তক্ষেপৰ ফলত বিবাহিত লোকসকলে মানসিক চাপ অনুভৱ কৰিব । সন্তান প্ৰাপ্তিৰ সুখ লাভ কৰিব । পৈতৃক ব্যৱসায় কৰি থকাসকলে ব্যৱসায়লৈ কিছু পৰিৱৰ্তন আনক । দিনক দিনে আয় বৃদ্ধি হ’ব । চাকৰিয়াল লোকসকলে চাকৰি সলনি কৰাৰ সুযোগ পাব । শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ প্ৰতি অতি আগ্ৰহী হ’ব। যদি আপুনি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপুনি সাফল্য লাভ কৰিব । স্বাস্থ্য কুশলে থাকিব । ঘৰত শুভকাৰ্যৰ আয়োজন কৰক ৷

কুম্ভ ৰাশি : এই সপ্তাহত আপুনি উদ্যমেৰে পাৰ কৰিব । পৰিয়ালত সুখ বিৰাজ কৰিব । জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ আৰু কিছু দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত কৰা হ’ব, সেইসমূহ সুচাৰুৰূপে পালন কৰক । ঘৰৰ পৰা ওলাই যাওঁতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ চৰণ স্পৰ্শ কৰি তেওঁলোকৰ আশীৰ্বাদ লৈ ওলালে আপোনাৰ সকলো কাম সম্পূৰ্ণ হ’ব। আৰ্থিক স্থিতি শুভ । ব্যৱসায়িক অংশীদাৰৰ পৰা লাভান্বিত হ’ব ৷ বিদেশত ব্যৱসায়ৰ লগতে ভ্ৰমণৰ সুবিধা লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে শুভ ৷

মীন ৰাশি : এই সপ্তাহটো অতি উত্তম । জীৱন সংগীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সহযোগিতা লাভ কৰিব। ভাতৃ-ভগ্নীৰ মাজত চলি থকা মতানৈক্যৰ অন্ত পৰিব । প্ৰেমৰ সম্পৰ্ক ভাল হ'ব । আৰ্থিক স্থিতি অধিক মজবুত হ’ব ৷ পূৰ্বতে কৰা বিনিয়োগৰ লাভ প্ৰাপ্ত কৰিব। নিজ সন্তানৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব। উচ্চ শিক্ষাৰ বাবে সময় অতি শুভ। ভ্ৰমণৰ বাবে ধন ব্যয় হ’ব। সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰক । বতৰ পৰিৱৰ্তনৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.