ETV Bharat / bharat

Weekly Horoscope For 3rd March to 9th March: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:37 AM IST

Weekly Horoscope For 3rd March to 9th March 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 3rd March to 9th March: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষ শাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো শুভ ৷ পৰিয়ালৰ পৰা সমৰ্থন লাভ ৷ বিবাহিত জীৱন সুখৰ ৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৰ যোগ ৷ বাজেট বনাই নিজৰ সকলো খৰচ চম্ভালিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ ভাগ্য অনুকূল ৷ সন্তানৰ সৈতে সময় কটাব ৷ মাতৃৰ আশীৰ্বাদ ল’ব ৷ নতুন সম্পত্তিতো বিনিয়োগৰ যোগ ৷ স্বাস্থ্যৰ উন্নত ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে সপ্তাহটো শুভ ৷ প্ৰেমত শুভ ৷ ঘৰুৱা জীৱনত কিছু উদ্বেগ থাকিব, কিন্তু নিজৰ বুদ্ধিৰে সেয়া আঁতৰাব পাৰিব ৷ যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিব বিচাৰে, তেন্তে এয়া এক ভাল সময় ৷ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ চাকৰিয়াল লোকসকলৰ বাবে পুৰণি চাকৰি কৰি থকাটোৱেই ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণ কৰি ব্যৱসায়টো আগুৱাই নিয়াত সফল হ’ব ৷ স্বাস্থ্য উন্নত ৷ ব্যয় অধিক ৷ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ যোগ ৷

মিথুন ৰাশি: এই সপ্তাহটো মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে অতি শুভ ৷ পাৰিবাৰিক জীৱন উন্নত ৷ পৰিয়ালৰ সহযোগিতা লাভ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ ঘৰত শুভ কাৰ্যৰ আয়োজন ৷ আৰ্থিক স্থিতি সবল ৷ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ ৷ স্বাস্থ্য উন্নত ৷ চাকৰিত পদোন্নতি ৷ ব্যৱসায়ত সফল ৷ প্ৰেমত শুভ ৷

কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহত শুভ ৷ ঘৰুৱা জীৱন উন্নত ৷ জীৱন সংগীৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেম শুভ ৷ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ আৰ্থিক স্থিতি সবল ৷ চাকৰি পৰিৱৰ্তনক লৈ বিমোৰত পৰিব ৷ ব্যৱসায় বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ সম্পত্তিৰ পৰা আৰ্থিক লাভ ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক/জাতিকাসকলকৰ বাবে সপ্তাহটো শুভ ৷ বিবাহিত গাৰ্হস্থ্য জীৱনত সুখী ৷ প্ৰেমাস্পদৰ সমৰ্থন লাভ ৷ অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব ৷ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ ৷ চাকৰিয়াল লোকসকলে নতুন চাকৰিৰ পিচত দৌৰিব নালাগে, পুৰণি চাকৰিটো কৰি থকাই ভাল হ’ব ৷ ইয়াত আপুনি বহু সুযোগ পাব ৷ ব্যৱসায় শুভ ৷ আৰ্থিক স্থিতি উন্নত ৷

কন্যা ৰাশি: এই সপ্তাহটো কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে অতি শুভ হ'ব ৷ পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব ৷ আৰ্থিক স্থিতি সবল হৈ থাকিব ৷ একে সময়তে ব্যয়ো অধিক হ’ব ৷ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব ৷ অবিবাহিত লোকে নিজৰ জীৱন সংগী বিচাৰি পাব পাৰে ৷ ব্যৱসায়ত শুভ ৷ সম্পত্তি বিনিয়োগৰ যোগ ৷ ভ্ৰমণ যোগ ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক/জাতিকাসকলে এই সপ্তাহটো মধ্যমীয়া ৷ পৰিয়ালত বিবাদ হ’ব পাৰে ৷ কোনো কথাত জীৱন সংগীৰ সৈতে আপোনাৰ তৰ্কা-তৰ্কী হ’ব পাৰে ৷ প্ৰেম সম্পৰ্কতো মতানৈক্য হ’ব পাৰে ৷ স্বাস্থ্য উন্নত কৰিবলৈ হ’লে ৰুটিন সলনি কৰিব লাগিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ বিদেশলৈ গৈ শিক্ষা লাভৰ সুযোগ পাব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ চাকৰিত পদোন্নতিৰ সুযোগ থাকিব ৷ এই সপ্তাহত আপুনি মাটি-বাৰীত বিনিয়োগ কৰিব পাৰিব ৷ যদি আপুনি ঘৰ বা প্লট কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে সেইটোতো আপুনি সফল হ’ব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলে এই সপ্তাহতে নিজৰ আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব, যিটো কাম তেওঁলোকে বহুদিনৰ পৰা কৰিব বিচাৰিছিল ৷ বন্ধু-বান্ধৱীৰ সহযোগিতা লাভ কৰিব ৷ বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনাও কৰিব, যাৰ বাবে অধিক ব্যয় হ’ব পাৰে ৷ চাকৰিত পদোন্নতি লাভ কৰিব ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক স্থিতি ভাল হ’ব যদিও আয় আৰু ব্যয়ো যথেষ্ট হ’ব ৷ আপুনি নিজৰ আৰু পৰিয়ালৰ বাবে কিছু বজাৰ-সমাৰ কৰিব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শিক্ষা লাভৰ বাবে এখন নগৰৰ পৰা আন এখনলৈ যাব পাৰে ৷

ধনু ৰাশি: এই সপ্তাহত ধনু ৰাশিৰ জাতক/জাতিকাসকলে কোনো গুৰুত্বপূৰ্ণ কাম কৰিব, যিটো তেওঁলোকে দীৰ্ঘদিন ধৰি কৰিব পৰা নাছিল ৷ আপুনি জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ মুহূৰ্ত কটাব আৰু কোনো নতুন কাম আৰম্ভ কৰিব, য’ত আপোনাৰ জীৱন সংগীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নত হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত কঠিন পৰিশ্ৰম কৰিলেহে সাফল্য লাভ কৰিব ৷ চাকৰিয়াল লোকসকলে বিষয়াৰ পৰা ভাল খবৰ শুনিব ৷ মাটি-বাৰীত বিনিয়োগ কৰিব পাৰে ৷ যদি আপুনি আগতে কোনো বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাও আপুনি সম্পূৰ্ণ লাভ পাব ৷ নতুন বাহনৰ সুখ প্ৰাপ্তিও হ’ব ৷ ভাতৃ-ভগ্নীৰ শিক্ষাৰ বাবে ধন বিনিয়োগ কৰিব ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ আপুনি নিজৰ সকলো কাম সম্পূৰ্ণ কৰাত সফল হ’ব ৷ পৰিয়ালৰ সহযোগিতা পাব ৷ মাতৃৰ সান্নিধ্য লাভ কৰিব ৷

মকৰ ৰাশি: এই সপ্তাহত মকৰ ৰাশিৰ জাতক/জাতিকাসকলে নিজৰ সম্পৰ্কবোৰৰ প্ৰতি যথেষ্ট যত্নশীল হ’ব লাগিব ৷ বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপৰ ফলত বিবাদ হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সময় কটাওক, ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক ৷ আৰ্থিক স্থিতিৰ উন্নতি হ’ব ৷ দৈনিক আয় বৃদ্ধি পাব ৷ শিক্ষা লাভৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ ভাতৃৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিৰ অন্ত পৰিব ৷ ঘৰত শুভ কাৰ্যৰ আয়োজন কৰা হ’ব ৷ সকলোৱে একেলগে বজাৰ কৰিবলৈ যাব ৷ নতুন আলহীৰ আগমনৰ ফলত পৰিয়ালত এক আনন্দপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ’ব ৷ এতিয়া আপোনাৰ বন্ধুবৰ্গয়ো আপোনাক ধনেৰে সহায় কৰিব ৷ বিনিয়োগ কৰিবলৈ এজন ভাল উপদেষ্টাৰ সহায় লওক ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷ নতুন চাকৰিৰ প্ৰস্তাৱ এটাও আহিব ৷ আপোনাৰ ব্যৱসায় আগবঢ়াই নিয়াত আপোনাৰ ভাতৃয়ে আপোনাক সহায় কৰিব ৷

কুম্ভ ৰাশি: এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে অতি শুভ হ’ব ৷ পৰিয়ালৰ সৈতে কিছু সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব, যিটো ভৱিষ্যতে বহুত কামত আহিব ৷ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিহে সাফল্য লাভ কৰিব ৷ আপোনাৰ সময় নষ্ট কৰা বন্ধুবৰ্গৰ পৰা আঁতৰি থাকিব লাগিব ৷ আৰ্থিক স্থিতি অধিক সবল হ’ব৷ নতুন ঘৰ কিনিব পাৰি ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ বিদেশৰ সৈতে ব্যৱসায় কৰাৰ সুযোগ পাব ৷ চাকৰিত পদোন্নতিৰ সুযোগ থাকিব ৷ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷ যদি আপুনি আগতে কোনো বিনিয়োগ কৰিছিলে, তেন্তে তাৰ পৰাও আপুনি সম্পূৰ্ণ লাভ পাব ৷ অবিবাহিতসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক/জাতিকাসকলৰ কথা ক’বলৈ গ’লে এই সপ্তাহত আপুনি অতি উদ্যমী অনুভৱ কৰিব, যাৰ ফলত আপুনি নিজৰ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব ৷ প্ৰিয়জনৰ আগত নিজৰ অনুভূতি প্ৰকাশ কৰি কিছু সময় একেলগে কটাব পাৰে ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ জীৱন সংগীৰ সৈতে চলি থকা দূৰত্ব কমি যাব ৷ আৰ্থিক স্থিতি উন্নত হ’ব৷ চাকৰিৰ ক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ ব্যৱসায়তো সাফল্য লাভ কৰিব ৷ বিদেশৰ সৈতেও আমদানি-ৰপ্তানিৰ সুযোগ থাকিব ৷ বন্ধু-বান্ধৱীৰ পৰা সু-খবৰ পাব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ চৰকাৰী নথি-পত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লাগিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে ৷ আপোনাৰ ঘৰৰ সাজ-সজ্জাৰ বাবে কিছু বজাৰ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.