ETV Bharat / bharat

Weekly Horoscope For 25th Feb To 2nd March: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 5:23 AM IST

Weekly Horoscope For 25th Feb To 2nd March
আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 25th Feb To 2nd March: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি : এই সপ্তাহত ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনাও আছে । চাকৰিত পদোন্নতি লাভ কৰিব । বিবাহিত লোকসকলে নিজৰ দাম্পত্য জীৱনৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় । আন কাৰোবাৰ কথাৰ বাবে মতানৈক্য হ’ব পাৰে । আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ’ব, মাথো বিভ্ৰান্তিৰ সৃষ্টি হ’বলৈ নিদিব । শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে এই সপ্তাহটো ভাল । যদি আপুনি নিজৰ ঘৰ ক্ৰয় কৰিব বিচাৰে, তেন্তে এই সময়ছোৱা ভাল । আপোনাৰ বাকী থকা কামবোৰো সম্পূৰ্ণ হৈ উঠিব । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । এই সপ্তাহত আপোনাৰ ওপৰত পৰিয়ালৰ অধিক দায়িত্ব আহি যাব পাৰে । অবিবাহিতসকলৰ বিয়াৰ কথা চলিব পাৰে ।

বৃষ ৰাশি : এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে শুভ । বৈবাহিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব । আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে । প্ৰেমৰ সম্পৰ্কত থকাসকলে প্ৰেমাস্পদক এৰি অন্যমনস্ক হোৱাৰ সম্ভাৱনা আছে । শিক্ষাৰ মানেই কেৱল পঢ়া-শুনাতে নহয় সামাজিক জীৱনতো সময় অতিবাহিত কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । বিদেশৰ পৰা শিক্ষাৰ সুযোগ পাব । চাকৰিয়াল লোকসকল চাকৰিৰ ক্ষেত্ৰত সুখী । ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি লাভ কৰিব, যাৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰিব আৰু তেওঁলোকৰ আৰ্থিক স্থিতি সবল হ’ব । বিনিয়োগৰ বাবে বিশেষ ভাল সময় নহয় । কাৰোবাৰ পৰামৰ্শ লৈহে বিনিয়োগ কৰাটো ভাল । স্বাস্থ্যৰ বিশেষ যত্ন লওক । আপোনাৰ ওপৰত পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে । মাতৃৰ সংগ লাভ ।

মিথুন ৰাশি : এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলে জীৱনত কিছু উত্থান-পতন দেখিবলৈ পাব । আন কোনো ব্যক্তিৰ বাবে প্ৰেমৰ সম্পৰ্কত মতানৈক্য হ’ব পাৰে । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । ঘৰত পূজা-পাঠ, যাগ-যজ্ঞৰ আয়োজন হ’ব পাৰে ৷ আপুনি নিজৰ কথা-বতৰাত মধুৰতা বজাই ৰাখিব লাগিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । সম্পূৰ্ণ মনোযোগেৰে পঢ়া-শুনা কৰিব লাগিব । এইটো সপ্তাহত আপুনি ধন সম্পৰ্কীয় লেনদেন অতি ভাবি-চিন্তি কৰিব লাগিব । সন্তানৰ বাবেও বহু ধন ব্যয় কৰিব লাগিব । আৰ্থিক স্থিতি ভাল হ’ব । নতুন কাম কৰিবলৈ পাব, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । চাকৰীয়ালসকলে জ্যেষ্ঠসকলৰ লগত কথা-বতৰাৰ ক্ষেত্ৰত মধুৰতা বজাই ৰাখক । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ যোগ, যিয়ে এক নতুন পৰিচয়ৰ সৃষ্টি কৰিব ।

কর্কট ৰাশি : এই সপ্তাহত কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলে ঘৰুৱা জীৱনত সুখ আৰু শান্তি অনুভৱ কৰিব । পৰিয়ালৰ সহযোগিতা পাব । এই সময়ত আপুনি পৰিয়ালৰ সৈতে সময় কটাব আৰু ধন সঞ্চয় কৰিবলৈ শিকিব, যাতে ভৱিষ্যতে কোনো সমস্যাৰ সন্মুখীন নহয় । আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ’ব । অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব । শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰিব, যাৰ পৰা তেওঁলোকে লাভ অৰ্জন কৰিব আৰু তেওঁলোকৰ আৰ্থিক স্থিতি সবল হ’ব । চাকৰি কৰা লোকসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব । পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব । আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব । পৰিয়ালৰ সকলো সদস্যই একেলগে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব । ঘৰৰ সাজ-সজ্জাৰ বাবে আপুনি বহুত ধন ব্যয় কৰিব । সন্তানৰ শিক্ষাৰ বাবেও বহু ধন ব্যয় হ’ব ।

সিংহ ৰাশি : এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত কম মনোনিৱেশ কৰিব, যাৰ ফলত তেওঁলোকে আকাংক্ষিত পৰিণাম নাপাব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । যিসকল যুৱক-যুৱতীয়ে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকৰ কঠিন পৰিশ্ৰম সফল হ’ব । দাম্পত্য জীৱনত সামঞ্জস্য বজাই ৰাখক । আপোনাৰ সংগীৰ সৈতে কিছু সময় কটাওক, যিকোনো পুৰণি অসন্তোষ আঁতৰ কৰক । আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল হ’ব । আপোনাৰ জীৱনলৈ অহংভাৱ আহিবলৈ নিদিব । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । চাকৰি কৰা লোকসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব । ব্যৱসায় কৰা লোকসকলে ব্যৱসায় আগবঢ়াই নিবলৈ বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ পৰা সহায় ল’ব । আপুনি নতুন যোগাযোগ লাভ কৰিব । আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব । ব্যয়ো লগতে অধিক হৈ থাকিব । স্বাস্থ্যৰ বাবেও খৰচ কৰিবলগীয়া হ’ব পাৰে । আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে খৰচ কৰিব ।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো অতি শুভ হ’ব । প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব । আপুনি আপোনাৰ প্ৰেমাস্পদক আপোনাৰ পৰিয়ালৰ সৈতেও চিনাকি কৰাই দিব । আপোনাৰ দাম্পত্য জীৱন সুখেৰে ভৰা হ’ব । পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যাব, য’ত সকলো অতি সুখী হৈ পৰিব । এই সপ্তাহটো আপোনাৰ বাবে ব্যয়বহুল হ’ব । যদি আপুনি কিছু মাটি কিনাৰ কথা ভাবিছে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে শুভ । শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব । যদি আপুনি কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে আপুনি আৰু অধিক কষ্ট কৰিব লাগিব । ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাত সাফল্য লাভ কৰিব । চাকৰিয়াল লোকসকলে চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব । জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ সহযোগিতা লাভ কৰিব । অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব ।

তুলা ৰাশি : এই সপ্তাহত তুলা ৰাশিৰ লোকসকলে নিজৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব । আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব । আপুনি আপোনাৰ জীৱন সংগীক কোনো নতুন কাম আৰম্ভ কৰিবলৈ বাধ্য কৰিব পাৰে । পিতৃয়ে আপোনাৰ ব্যৱসায়ত ধন ব্যয় কৰিব । আৰ্থিক স্থিতি অধিক সবল হ’ব৷ এগৰাকী বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ বাকী থকা ধনো লাভ কৰিব । নতুন মানুহৰ লগত যোগাযোগ হ’ব । আপুনি আপোনাৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব । আপোনালোকে কৰা কামৰ শলাগ লোৱা হ’ব । পৰিয়ালৰ সহযোগিতা থাকিব । আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমময় সময় কটাব । আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ’ব, কিন্তু আন কোনো ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ জীৱনলৈ মতানৈক্য আনিব পাৰে, সাৱধানে থাকক । চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পোৱা যাব । উচ্চ শিক্ষাৰ বাবে সময় শুভ । শ্বেয়াৰ বজাৰত দীৰ্ঘকালীন বিনিয়োগ কৰিব পাৰে । নতুন বাহনৰ বাবে অধিক ধন ব্যয় হ’ব ।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে এই সপ্তাহটো অতি শুভ হ’ব । দাম্পত্য জীৱনত সুখ-শান্তি বিৰাজ কৰিব । অবিবাহিতসকলে নিজৰ পছন্দৰ জীৱন সংগী লাভ কৰিব । প্ৰেমৰ সম্পৰ্কলৈ কোনো পুৰণি সংগী উভতি আহিব, যিয়ে জীৱনলৈ অগাধ প্ৰেমৰ জোৱাৰ কঢ়িয়াই আনিব । বতৰ সলনি হোৱাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব । কোনো দীৰ্ঘকালীন বিনিয়োগ কৰিব পাৰে । ব্যৱসায়ত বিদেশৰ পৰা নতুন চুক্তি লাভ কৰিব । চাকৰিয়ালসকলে নতুন চাকৰিৰ কথা নভবাই ভাল । নতুন চাকৰিৰ প্ৰস্তাৱো আহিব । এই সপ্তাহত আপুনি নিজৰ বাবেও যথেষ্ট ধন ব্যয় কৰিব । মাটিও কিনিব পাৰে । পৰিয়ালৰ সকলোৱে একেলগে কাম কৰা দেখা যাব । মানসিক শান্তিৰ বাবে ধৰ্মীয় অনুষ্ঠানত কিছু সময় কটাব । ঘৰলৈ নতুন অতিথি আহিব, যাৰ ফলত পৰিয়ালত এক সুখৰ পৰিৱেশ বৰ্তি থাকিব ।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক/জাতিকাসকলে এই সপ্তাহত কোনো সু-খবৰ শুনিবলৈ পাব ৷ পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব । ঘৰলৈ আলহীৰ আগমণ ৷ শুভ কাৰ্য আয়োজন কৰা হ’ব । ভ্ৰাতৃ-ভগ্নীৰ সহযোগিতা থাকিব । আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব । আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব । আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব । নতুন চাকৰিৰ প্ৰস্তাৱো পাব । নিবনুৱা লোকসকলেও ভাল কৰ্মসংস্থাপন লাভ কৰিব । আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ সময় কটাব । আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ’ব । ব্যৱসায় কৰা লোকসকলে ব্যৱসায়ত নতুন পদ্ধতি গ্ৰহণ কৰিব । শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবৰ বাবে সময় সঠিক নহয় । এই সপ্তাহত আপুনি সঞ্চয় ভালদৰে কৰিব পাৰিব, কাৰণ আপুনি অ’ত-ত’ত অযথা খৰচ কমকৈ কৰিব ।

মকৰ ৰাশি : বিবাহিত লোকসকলে জীৱন সংগীৰ সৈতে সময় কটাবলৈ বাহিৰলৈ যাব পাৰে । এই সময়ছোৱাত আপোনালোকে পৰস্পৰৰ সৈতে নিজৰ মনৰ কথা পাতিবলৈ সময় উলিয়াই ল’ব । কামৰ ব্যস্ততাৰ বাবে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ মাজত মতানৈক্য হ’ব পাৰে ৷ ব্যস্ততাৰ বাবে আপুনি নিজৰ সংগীৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভেদ আহিব আৰু আপোনালোকৰ সম্পৰ্ক তিক্ত হৈ পৰিব পাৰে । পেচাগত আৰু ব্যক্তিগত জীৱন দুয়োটাৰ মাজত সামঞ্জস্য বৰ্তাই ৰাখিব ।

কুম্ভ ৰাশি : এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে উদ্যমপূ্ৰ্ণ হ’ব । আপুনি আপোনাৰ বাকী থকা কামবোৰ আগৰ তুলনাত কম সময়ত সম্পূৰ্ণ কৰিব । চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব । আৰ্থিক স্থিতি ভাল হ’ব । চাকৰি কৰা লোকসকলে নিজৰ উৰ্ধতন বিষয়াৰ পৰা প্ৰশংসা শুনিব । নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব । অবিবাহিত লোকসকলে নিজৰ পছন্দৰ জীৱন সংগী বিচাৰি পাব । বিবাহিত লোকসকলে নিজৰ পুৰণি মতভেদবোৰ পাহৰি জীৱনত আগবাঢ়ি যাব । সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব । শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে সাফল্য লাভ কৰিব । প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে অধিক কষ্ট কৰি সাফল্য অৰ্জন কৰিব । মাটি-বাৰী আৰু শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে এই সপ্তাহটো ভাল৷ ঋণ ল’ব বিচাৰিলে আপুনি সেয়া সহজেই পাব ।

মীন ৰাশি : প্ৰেমৰ সম্পৰ্কৰ বাবে এই সপ্তাহটো খুব সুখপূৰ্ণ হ’ব । প্ৰেমাস্পদৰ সৈতে থকা বিচ্ছেদ নাইকিয়া কৰি দুয়ো একেলগে আগবাঢ়ি যাব । অবিবাহিত লোকলৈ বিবাহৰ প্ৰস্তাৱ আহিব । শুভ কাৰ্যৰ আয়োজন কৰা হ’ব । পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব । বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত সুখ-শান্তিৰে থাকিব । এই সপ্তাহত আপোনাৰ অযথা খৰচ হ’ব । যদিও আয়ো বৃদ্ধি হ’ব । শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ সময় শুভ । চাকৰি সলনি কৰিব বিচৰা লোকসকলৰ বাবে শুভ সময় । ব্যৱসায় কৰা লোকসকলে নতুন সুযোগ লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতি হ’ব । আপুনি নিজৰ সুনাম চৌদিশে বিয়পাই দিয়াত সফল হ’ব । আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ অধিক উন্নত হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.