ETV Bharat / bharat

Weekly Horoscope For 10th To 16th March: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 4:35 AM IST

Weekly Horoscope For 10th To 16th March 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল

Weekly Horoscope For 10th To 16th March: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশি...

মেষ ৰাশি: এই সপ্তাহটো মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত হ’ব ৷ যিসকল লোকে নিজৰ ব্যৱসায় বিস্তাৰৰ চেষ্টা কৰিছিল তেওঁলোকে সাফল্য লাভ কৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰিত পদোন্নতি লাভ কৰিব ৷ নতুন চাকৰিৰ প্ৰস্তাৱ এটাও আহিব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ প্ৰেম সম্পৰ্কত ভুল বুজাবুজিৰ ফলত উত্তেজনা আহিব ৷ বৈবাহিক জীৱনতো কোনো কথাত তৰ্কা-তৰ্কি হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলে ইফালে-সিফালে মনোযোগ দিয়াৰ পৰিৱৰ্তে পঢ়া-শুনাত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিব, যাৰ ফলত তেওঁলোকে সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ ব্যয় অধিক হৈ থাকিব ৷ শ্বেয়াৰ বতাৰত বিনিয়োগ কৰিব পাৰে ৷ মাটি বা ঘৰ কিনিব বিচাৰিলে এই সপ্তাহতে কিনিব পাৰিব ৷ আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন ৷ ঘৰত শুভ কাৰ্য্যৰ আয়োজন কৰা হ’ব ৷ মাতৃৰ সান্নিধ্য লাভ কৰিব ৷

বৃষ ৰাশি: আৰ্থিক স্থিতিৰ বিষয়ে বিবেচনা কৰি এই সপ্তাহটো ভাল হ’ব ৷ চাকৰিত পদোন্নতি পাব ৷ নতুন চাকৰিৰ বাবে সময় উপযুক্ত নহয় ৷ আপুনি কাৰোবাৰ সহায় লৈ ব্যৱসায় আগবঢ়াই নিব পাৰে ৷ বিবাহিত লোকসকলৰ দাম্পত্য জীৱন সুখেৰে ভৰি পৰিব ৷ কেৱল খং নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব, কিন্তু আন কোনো ব্যক্তিৰ বাবে বিবাদ হ'ব পাৰে ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে অধিক কষ্ট কৰিব লাগিব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ বতৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ শিক্ষাৰ বাবে চিনাকি মানুহৰ লগত কথা পাতিব ৷ আপোনাৰ সন্তানৰ পৰা সু-খবৰ পাব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰ্টিত অংশগ্ৰহণ কৰিব ৷

মিথুন ৰাশি: এই সপ্তাহটো প্ৰেম সম্পৰ্কত থকা জাতক-জাতিকাসকলৰ বাবে শুভ হ’ব ৷ আপুনি নিজৰ মনৰ কথা আপোনাৰ সংগীক ক’ব পাৰিব ৷ অবিবাহিতসকলেও এগৰাকী ভাল জীৱন সংগী লাভ কৰিব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন লাগিব ৷ যিসকলে চাকৰি কৰি আছে, তেওঁলোকেও নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ চাকৰি আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে অতি উপকাৰী হ’ব ৷ নতুন মানুহৰ লগত সম্পৰ্ক গঢ়ি উঠিব ৷ নতুন যোগাযোগ পাব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপুনি ঘৰ মেৰামতি কৰাত যথেষ্ট ধন ব্যয় কৰিব ৷ যদি আপুনি মাটি কিনিব বিচাৰে, তেন্তে এই সময়ত কিনিব পাৰে ৷ আপুনি শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰিব পাৰে ৷ আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ অধিক উন্নত হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ ইফালে- সিফালৰ বিক্ষিপ্ততাৰ ফলত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰিব নোৱাৰিব ৷

কর্কট ৰাশি: এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুখপূৰ্ণ হ’ব ৷ বিবাহিত লোকসকলে জীৱন সংগীৰ সৈতে পুৰণি তিক্ততা মচি পেলাই আগবাঢ়িব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ অবিবাহিত লোকে নিজৰ পছন্দৰ জীৱন সংগী পাব ৷ শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ সময় নষ্ট কৰা বন্ধুবৰ্গৰ পৰা আঁতৰি থাকিব লাগিব ৷ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সাফল্য লাভ কৰিব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপুনি নিজৰ সকলো খৰচ আনন্দেৰে কৰিব ৷ শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰিব পাৰে ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ ভ্ৰমণলৈ যোৱাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব ৷ যদি আপোনাৰ কোনো চৰকাৰী কাম স্থগিত হৈ আছিল, তেন্তে সেইটোও সম্পন্ন হ’ব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত তেওঁলোকে নিজৰ সম্পৰ্কত প্ৰেম আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব ৷ প্ৰেম সম্পৰ্কত যথেষ্ঠ সাৱধান হ’ব লাগিব ৷ পৰস্পৰৰ সৈতে সময় কটোৱাটো আপোনালোকৰ বাবে ভাল হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ নতুন প্ৰকল্প এটাত কাম কৰাৰ সুযোগ পাব ৷ স্বাস্থ্যৰ ক্ৰমান্বয়ে উন্নতি হ’ব ৷ এই সপ্তাহত আপুনি নিজৰ বাবে এখন বাহন কিনিব পাৰিব ৷ শ্বেয়াৰ বজাৰত দীৰ্ঘম্যাদী বিনিয়োগ কৰিলে লাভ অৰ্জন কৰিব ৷ চাকৰিয়াল লোকসকলৰ বাবে সপ্তাহটো কঠিন পৰিশ্ৰম আৰু সংগ্ৰামেৰে ভৰা হ’ব, আপোনাৰ কষ্ট সফল হ’ব ৷ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে হঠাতে ডাঙৰ অৰ্ডাৰ পাব পাৰে, য’ত আপুনি লাভ অৰ্জন কৰিব ৷ উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষকৰ পৰা সহায় লাভ কৰিব ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা লোকসকল জয়ী হ’ব ৷

কন্যা ৰাশি: এই সপ্তাহটোৱে কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব ৷ বৈবাহিক জীৱনত আপোনাক সুখী হোৱা দেখা যাব ৷ চলি থকা সকলো সমস্যাৰ অন্ত পৰিব ৷ আপোনাৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ কিছু নতুন গৱেষণাৰ কথা ভাবিব পাৰে ৷ চাকৰি কৰি থকাসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ ব্যৱসায়ৰ বাবে ঘৰৰ পৰা আঁতৰলৈও যাব পাৰে ৷ আপুনি নতুন সুযোগ পাব, যিয়ে আপোনাৰ আৰ্থিক স্থিতি সুদৃঢ় কৰিব ৷ আপোনাৰ স্বাস্থ্য আগৰ তুলনাত ভাল হ’ব, কিন্তু আপুনি নিজৰ নিয়মীয়া পৰীক্ষা-নিৰীক্ষা কৰাই থকাটো ভাল হ’ব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপুনি নিজৰ ঘৰ মেৰামতিৰ বাবেও বহুত ধন ব্যয় কৰিব ৷ যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে, তেন্তে দীৰ্ঘম্যাদী বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ’ব ৷ আপুনি নিজৰ সন্তানৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব ৷

তুলা ৰাশি: এই সপ্তাহত তুলা ৰাশিৰ জাতক-জাতিকাসকলে পৰিয়ালৰ সহায় লাভ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব আৰু ক’ৰবালৈ যোৱাৰ পৰিকল্পনাও কৰিব, য’ত সকলোকে অতি সুখী হোৱা দেখা যাব ৷ আপোনাৰ পাৰিবাৰিক জীৱনত আন কাৰোবাৰ হস্তক্ষেপৰ ফলত বিবাদে দেখা দিব পাৰে ৷ আপোনাৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো কিছু উত্থান-পতন হ’ব ৷ শিক্ষাৰ ক্ষেত্ৰত আপুনি সাফল্য লাভ কৰিব ৷ যিকোনো নতুন বিষয়ৰ প্ৰতি শিক্ষাৰ্থীসকল অতি সচেতন হ’ব ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ আপোনাৰ ব্যৱসায়ৰ ৰৈ যোৱা পৰিকল্পনাসমূহ পুনৰ আৰম্ভ কৰাত আপুনি সফল হ’ব ৷ চাকৰি কৰি থকাসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব আৰু তেওঁলোকৰ পুৰণি চাকৰিটোতো নতুন কিবা এটা শিকিব পাৰিব ৷ মাটি-বাৰী বা সম্পত্তিত বিনিয়োগ কৰিব পাৰে ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবৰ বাবেও সময় ভাল ৷

বৃশ্চিক ৰাশি: এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আগৰ তুলনাত ভাল হ’ব ৷ অবিবাহিত লোকসকলে তেওঁলোকৰ আকাংক্ষিত জীৱন সংগী পাব ৷ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ বিবাহিত লোকসকলক গাৰ্হস্থ্য জীৱনত সুখী যেন লাগিব ৷ জীৱন সংগীয়ে কামত সাফল্য লাভ কৰিব ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ যদি আপুনি কিছু মাটি-বাৰী বা সম্পত্তি কিনিব বিচাৰে, তেন্তে আপোনাৰ বাবে এয়া এক শুভ সময় ৷ আপোনাৰ জীৱন সংগীৰ বাবেও আপুনি আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ এই সপ্তাহটো শ্বেয়াৰ বজাৰৰ বাবে শুভ ৷ ব্যৱসায় কৰা লোকসকলে নতুন চুক্তি লাভ কৰিব ৷ যদি আপোনাৰ কোনো চৰকাৰী কাম স্থগিত আছিল, তেন্তে সেইটোও সম্পূৰ্ণ হ’ব ৷ নতুন চাকৰিৰ প্ৰস্তাৱ এটাও আহিব ৷ শিক্ষাৰ্থীসকলে বন্ধু-বান্ধৱীৰ সৈতে অধিক সময় কটাব, যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ ক্ষতি হ’ব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব, কিন্তু বতৰ পৰিৱৰ্তিত হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব পাৰে ৷

ধনু ৰাশি: এই সপ্তাহটো আপোনালোকৰ বাবে অতি ৰোমান্টিক হ’ব ৷ জীৱন সংগীৰ সৈতে প্ৰেমপূৰ্ণ মুহূৰ্ত কটাব ৷ ক’ৰবালৈ ওলাইয়ো যাব ৷ আপোনাৰ জীৱন সংগীৰ পৰাও ভাল উপহাৰ পাব ৷ ঘৰলৈ নতুন আলহী আহিব ৷ বিবাহিত লোকৰ বাবে এটা ভাল সম্পৰ্ক আহিব ৷ এই সপ্তাহত আপুনি অপ্ৰয়োজনীয় কামত অধিক ধন ব্যয় কৰিব ৷ শ্বেয়াৰ বজাৰত অধিক ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব ৷ এই সপ্তাহটো ব্যৱসায় কৰা লোকসকলৰ বাবে কঠিন পৰিশ্ৰমপূৰ্ণ হ’ব ৷ নতুন চুক্তি প্ৰাপ্ত হ’ব ৷ চাকৰি সলনিৰ বাবে এয়া ভাল সময় নহয় ৷ কলা, ডিজাইনিং, বিপণন (মাৰ্কেটিং)ৰ ক্ষেত্ৰত কাম কৰা লোকসকলে ভাল লাভ অৰ্জন কৰিব ৷ ইফালে সিফালে মনোযোগ দিয়াৰ ফলত শিক্ষাৰ্থীসকলে পঢ়া-শুনাত কম মনোনিৱেশ কৰিব ৷ পৰিৱৰ্তিত বতৰৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ আপোনাৰ প্ৰিয় বিষয়টো অধ্যয়ন কৰাৰ সুযোগ পাব ৷

মকৰ ৰাশি: এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব ৷ বিদেশৰ পৰাও নতুন যোগাযোগ লাভ কৰিব ৷ আপুনি নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ চাকৰি কৰি থকাসকলে নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে এতিয়াই আটাইতকৈ উত্তম সময় ৷ আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ৰোমান্টিক ডিনাৰলৈ যাব বা মৰমেৰে কথা পতা দেখা যাব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ যদি আপুনি শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে খুব ভাবি-চিন্তি বিনিয়োগ কৰক ৷ এই সময়খিনি ঋণ লোৱা বা দিয়াৰ বাবে ভাল হ’ব ৷ শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত তেওঁলোক জয়ী হ’ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ আপুনি নিজৰ সন্তানৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ নিজৰ বাবে নতুন বাহন কিনিব পাৰিব ৷ অবিবাহিতসকলৰ বাবে সম্পৰ্কৰ কথা ওলাব পাৰে ৷

কুম্ভ ৰাশি: এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বিশেষ হ’ব ৷ আপোনালোকৰ প্ৰেম সম্পৰ্ক ভাল হ'ব ৷ গাৰ্হস্থ্য জীৱনলৈ অহংভাৱ আহিবলৈ নিদিব, নহ’লে সম্পৰ্কলৈ বিবাদ আহিব পাৰে ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ ইয়াৰ উপৰি ই অনলাইন আয়ৰ উৎসও হৈ পৰিব ৷ আপুনিও কিছু সময় ধৰ্মীয় কাম-কাজত কটাব ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ আগতে ভাবি-চিন্তি বিনিয়োগ কৰক ৷ যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে আপুনি নিজৰ পুৰণি চাকৰিটোতো ভাল সুযোগ পাব ৷ ঘৰতে ভজন-কীৰ্তন আদিৰ আয়োজন কৰা হ'ব ৷ আপুনি আপোনাৰ জীৱন সংগীক কোনো নতুন কাম আৰম্ভ কৰাব পাৰে ৷ সন্তানৰ দায়িত্ব পালন কৰা হ’ব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ’ব ৷ ঘৰৰ সাজ-সজ্জাৰ বাবে কিছু বজাৰ কৰিব ৷ সকলো ব্যয় বাবে বাজেট প্ৰস্তুত কৰাটো আপোনাৰ বাবে ভাল হ’ব ৷

মীন ৰাশি: আপোনাৰ বাবে এই সপ্তাহটো আগৰ তুলনাত ভাল হ’ব ৷ পৰিয়ালৰ সহযোগিতা লাভ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটাব ৷ সকলোৱে মিলি কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব ৷ আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ’ব ৷ বাহিৰত খোৱা-বোৱা কৰাৰ পৰা বিৰত থাকক ৷ আৰ্থিক স্থিতি ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে নতুন সুযোগ পাব ৷ চাকৰিয়াল লোকসকলেও নতুন চাকৰিৰ প্ৰস্তাৱ পাব ৷ আপুনি শিক্ষাৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে সময় ভাল ৷ ঘৰৰ পৰা আঁতৰত থাকি কাম কৰি থকা লোকসকলৰ পৰিয়াললৈ মনত পৰিব পাৰে ৷ অবিবাহিত লোকসকলৰ বাবে ভাল সম্পৰ্ক আহিব ৷ ঘৰৰ মেৰামতিৰ কামতো যথেষ্ট ধন ব্যয় কৰিব ৷ আপুনি আপোনাৰ কিছু সময় ধৰ্মীয় অনুষ্ঠানত কটাব, যিয়ে আপোনাৰ মনলৈ শান্তি আনিব ৷ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.