আকৰ্ষণীয় সম্পূৰ্ণ বাজেটৰ সৈতে আমি পুনৰ আহি আছো: সীতাৰমণ
Union Budget 2024: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আত্মবিশ্বাসী যে সম্পূৰ্ণ বাজেট উত্থাপন কৰিবলৈ এনডিএ চৰকাৰ পুনৰ ক্ষমতালৈ আহিব । উন্নয়নমূলক কামৰ বাবে জনসাধাৰণে বিজেপিক পুনৰ সুযোগ দিব বুলি তেওঁ দাবী কৰে । পৰৱৰ্তী ৫ বছৰ অভূতপূৰ্ব বিকাশৰ বছৰ হ'ব ।

Published : February 1, 2024 at 2:21 PM IST
নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : অত্যধিক উন্নয়নমূলক কামৰ বাবে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এনডিএ চৰকাৰে পুনৰ এবাৰ ভুমুকি মাৰিবলৈ সাজু হৈছে । এই দাবী কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মালা সীতাৰমণৰ । তেওঁ অন্তৱৰ্তীকালীন বাজেট ২০২৪ উত্থাপন কৰাৰ সময়ত এই দাবী কৰে আৰু লগতে কয় যে জুলাইত সম্পূৰ্ণ বাজেট উত্থাপন কৰা হ'ব । তেওঁ দৃঢ়তাৰে কয় যে বিজেপি চৰকাৰে অত্যধিক কামৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ জনসাধাৰণৰ আশীৰ্বাদ লাভ কৰিব ।
সীতাৰমণে কয় যে সবকা প্ৰয়াসৰ সমগ্ৰ ৰাষ্ট্ৰ দৃষ্টিভংগীৰে দেশখনে শতিকাত মহামাৰীৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে, পঞ্চ প্ৰাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আত্মনিৰ্ভৰ ভাৰতৰ দিশত দীঘলীয়া পদক্ষেপ লৈছে আৰু অমৃত কালৰ বাবে দৃঢ় ভেটি স্থাপন কৰে । ইয়াৰ ফলস্বৰূপে, ভাৰতৰ উচ্চ আকাংক্ষা, বৰ্তমানৰ ওপৰত গৌৰৱ আৰু এক উজ্জ্বল ভৱিষ্যতৰ বাবে আশা আৰু আত্মবিশ্বাস আছে ।
তেওঁ কয় যে জুলাইৰ পূৰ্ণ বাজেটত বিজেপি চৰকাৰে বিকশিত ভাৰতৰ অনুসৰণৰ বাবে এক বিতং ৰোডমেপ উপস্থাপন কৰিব । তেওঁৰ মতে ভাৰতীয় অৰ্থনীতিয়ে যোৱা ১০ বছৰত এক গভীৰ ইতিবাচক পৰিৱৰ্তনৰ সাক্ষী হৈছে । কৃষকসকলৰ স্বাৰ্থৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰা হ'ব ।
ইয়াৰ উপৰিও আয়ুষ্মান ভাৰত আঁচনি সকলো আশা কৰ্মীলৈ সম্প্ৰসাৰিত কৰা হ'ব যিয়ে এন ডি এক জনসাধাৰণৰ সৈতে সঠিক সম্পৰ্ক স্থাপন কৰাত সহায় কৰিব ।
সীতাৰমণৰ মতে গণতন্ত্ৰ, জনগাঁথনি আৰু বৈচিত্ৰ্যৰ ত্ৰিমূৰ্তিয়ে প্ৰতিজন ভাৰতীয়ৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে । মধ্যবিত্ত শ্ৰেণীৰ সন্দৰ্ভত তেওঁ ঘোষণা কৰে যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ যোগ্য লোকসকলক তেওঁলোকৰ নিজৰ ঘৰ ক্ৰয় বা নিৰ্মাণত সহায় কৰাৰ বাবে এক আঁচনি আৰম্ভ কৰিব । তেওঁ লগতে কয় যে ৪০ হাজাৰ ৰে'লৰ দবা বন্দে ভাৰত মানদণ্ডলৈ ৰূপান্তৰিত কৰা হ'ব । সীতাৰমণে দাবী কৰা মতে পৰৱৰ্তী ৫ বছৰ অভূতপূৰ্ব বিকাশৰ বছৰ হ'ব ।
লগতে পঢ়ক :একেৰাহে ষষ্ঠ বাজেট উপস্থাপন; মোৰাৰজী দেশাইৰ অভিলেখ স্পৰ্শ নিৰ্মলা সীতাৰমণৰ

