ETV Bharat / bharat

বনৰজাৰ সন্মুখত জীৱন ৰক্ষাৰ যুঁজ এটা ষাঁড়ৰ - Tiger and Bull fight

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 6:00 PM IST

Tiger and Bull fight
বনৰজাৰ সন্মুখত জীৱন ৰক্ষাৰ যুঁজ এটা ষাঁড়ৰ

Tiger and Bull fight: কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । বনৰজাই ষাঁড় চিকাৰ কৰাৰ দৃশ্য বন্দী ভিডিঅ'টোত । অৱশ্যে সফল নহ'ল বনৰজা আৰু যুঁজত জয়ী এটা ষাঁড় ।

বনৰজাৰ সন্মুখত জীৱন ৰক্ষাৰ যুঁজ এটা ষাঁড়ৰ

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : উত্তৰাখণ্ডৰ বিশ্ববিখ্যাত কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ পৰা প্ৰায়ে বন্যপ্ৰাণীৰ কিছুমান ভিডিঅ' ভাইৰেল হয় । যিবোৰে পৰ্যটকক আমোদ দিয়া দেখা যায় । তাৰ মাজতে কিছুমান ভিডিঅ'ই পৰ্যটকক আচৰিত কৰিও তোলে । এইবাৰো কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ পৰা তেনে আন এটা ভিডিঅ' পোহৰলৈ আহিছে । য'ত কৰ্বেটৰ বনৰজা অৰ্থাৎ বাঘ আৰু ষাঁড়ৰ যুঁজৰ দৃশ্য দেখা গৈছে । এই ভিডিঅ'টো একাংশ পৰ্যটকে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল । ভিডিঅ'টো বৃহস্পতিবাৰৰ বুলি কোৱা হৈছে ।

প্ৰকৃততে, ভিডিঅ'টো ৰামনগৰ অঞ্চলৰ কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ সমীপৰ ধিকুলী গাঁৱৰ ওচৰৰ বুলি কোৱা হৈছে । ভিডিঅ'টোত স্পষ্ট যে কেনেকৈ বাঘটোৱে হঠাতে ষাঁড়টোক আক্ৰমণ কৰিছিল । একেদৰে ষাঁড়টোৱেও জীৱন ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ল । বহু সময় ধৰি বনৰজা আৰু ষাঁড়টোৰ মাজত চলিল এই তীব্ৰ যুঁজ । উপস্থিত পৰ্যটক তথা স্থানীয় একাংশ লোকৰ মাজত কৌতূহলৰো সৃষ্টি কৰিলে এই দৃশ্যই ।

কোনেও যেন হাৰ মানিবলৈ সাজু নাছিল । যদিও বাঘটোৱে ষাঁড়টোক চিকাৰ কৰি ভোক পূৰণ কৰিব বিচাৰিছিল, ষাঁড়টোৱে জীৱনৰ বাবে যুঁজি থকা দেখা গৈছিল । কিন্তু এই যুঁজখনৰ অন্তিম পৰ্যায়টো সকলোৰে বাবে আচৰিত আছিল । কাৰণ এই যুঁজখনত বাঘটোৱে হাৰ মানিব লগা হৈছিল আৰু ষাঁড়টোৱেও জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচত, বাঘটো অৰণ্যৰ ফালে যায় ।

ইফালে এই ঘটনাৰ পিচত গাওঁবাসী অতি শংকিত হৈ পৰিছে । গাওঁবাসীয়ে কোৱা মতে বাঘটো এটা আৱাসিক এলেকাত দেখা গৈছিল, যাৰ বাবে তাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । কৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ উপ-সঞ্চালক দিগন্ত নায়কে অৱশ্যে কয় যে তেওঁ ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে আৰু অঞ্চলটোত বন বিভাগৰ কৰ্মচাৰীৰ টহল বৃদ্ধি কৰা হৈছে । অঞ্চলটোত কেমেৰা ট্ৰেপ স্থাপন কৰি বাঘটোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :শ্ৰীলংকাৰ তামিলসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰা নাই কিয় ? - Sri Lankan Tamils

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.