ETV Bharat / bharat

সুদীৰ্ঘ ৩০ বছৰৰ অন্তত জ্ঞানৱাপী চৌহদত পূজা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:42 AM IST

Gyanvapi Vyas Ji Tehkhana Puja: আদালতে নিৰ্দেশ দিয়াৰ পাছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জ্ঞানৱাপীৰ ব্যাসজীৰ তেহখানাত আৰম্ভ হয় পূজা-অৰ্চনা । বাৰাণসীৰ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তইও এই পূজাত অংশগ্ৰহণ কৰে ।

Gyanvapi Vyas Ji Tehkhana Puja
সুদীৰ্ঘ ৩০ বছৰৰ অন্তত জ্ঞানৱাপী চৌহদত পূৰ্জা আৰম্ভ

নেশ্যনেল ডেস্ক,১ ফেব্ৰুৱাৰী : আদালতৰ অনুমতিৰ পাছতে জ্ঞানৱাপী চৌহদত নন্দী মহাৰাজৰ সন্মুখত ব্যাসজীৰ তেহখানাত ১৯৯৩ চনলৈ অনুষ্ঠিত হোৱা পূজা ৩০ বছৰৰ পিচত পুনৰ আৰম্ভ কৰা হয় । জিলা উপায়ুক্ত এছ. ৰাজ লিঙ্গম, আৰক্ষী আয়ুক্ত অশোক মুথা জৈন আৰু অন্যান্য বিষয়াসকলৰ উপস্থিতিত পূজাৰ আৰতি সম্পন্ন কৰা হয় । জিলা বিষয়া আৰু আয়ুক্তগৰাকীয়ে নিশা প্ৰায় ৯ বজাত অতি গোপনে বিশ্বনাথ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে । নিশা ১১ বজাত নন্দী মহাৰাজৰ সন্মুখৰ বেচমেণ্ট পথৰ ওচৰত বেৰিকেড আঁতৰোৱাৰ কামো আৰম্ভ কৰা হয় । দুঘণ্টা পিচত পুৱা ১ বজাত এই কাম সম্পূৰ্ণ হয় । উপাসনাৰ পিচত বিষয়াসকল নিশা প্ৰায় ২ মান বজাত মন্দিৰৰ পৰা ওলাই আহে ।

বুধবাৰে আবেলি জিলা দণ্ডাধীশ বাৰাণসীক জিলা ন্যায়াধীশৰ আদালতে ব্যাসজী অৰ্থাৎ সোমনাথ ব্যাসৰ তেহখানাত পুনৰ পূজা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল । শৈলেন্দ্ৰ পাঠকৰ আবেদনৰ শুনানিৰ সময়ত আদালতে এই নিৰ্দেশ দিয়ে । আদালতে পূৰ্বে ব্যাসজীৰ তেহখানাৰ বাবে জিলা দণ্ডাধীশক নিযুক্তি দিছিল । ইয়াৰ পিচত জিলা দণ্ডাধীশৰ হৈ প্ৰশাসনকো ইয়াৰ দায়িত্ব অৰ্পণ কৰা হয় । বুধবাৰে আবেলি আদালতে ইয়াত পুনৰ পূজা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ বাবে, ব্যাসজীৰ নাতি আৰু বিশ্বনাথ টেম্পল ট্ৰাষ্টৰ সহযোগত ৰাগ, ভোগ, উপাসনাৰ বাবে এগৰাকী পুৰোহিত নিযুক্ত কৰাৰো নিৰ্দেশনা দিয়া হয় ।

জিলা দণ্ডাধীশক উক্ত স্থানত বেৰিকেড স্থাপনৰ স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল । যাৰ বাবে নিশা পলমকৈ এই কাম আৰম্ভ কৰা হয় । নিশা প্ৰায় ৯ বজাৰ পৰা বিশ্বনাথ ধামৰ ৪ নম্বৰ গেটৰ বেৰিকেড, যিটো জ্ঞানৱাপীৰ মাজেৰে যায় কঠোৰ নিৰাপত্তাৰ মাজেৰে আঁতৰ কৰা হয় । ইয়াৰ পিচতে বিশ্বনাথ মন্দিৰৰ ছাফাই কৰ্মীসকল ভিতৰত প্ৰৱেশ কৰে । পৰিষ্কাৰ কৰাৰ পিচত ভিতৰত থকা মূৰ্তি আৰু অন্যান্য কামবোৰ প্ৰণালীবদ্ধভাৱে কৰা হয় আৰু তাত গণেশ-লক্ষ্মীৰ মূৰ্তিত উপাসনা আৰম্ভ কৰা হয় । জ্ঞানৱাপী কমপ্লেক্সৰ তেহখানাৰ ভিতৰত আৰতিও সম্পন্ন কৰা হয় । উক্ত স্থানত চাকিও জ্বলোৱা হয় ।

জিলা দণ্ডাধীশ তথা উপায়ুক্তই সংবাদ মাধ্যমক কোৱা মতে আদালতৰ আদেশ পালন কৰা হৈছে । আৰক্ষী আয়ুক্ত অশোক মুথুত জৈনে কয় যে গোচৰটোত আইন-শৃংখলা বজাই ৰখাৰ বাবে সমগ্ৰ চহৰখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । যেতিয়া বিশ্বনাথ ধামৰ বাহিৰত এই কাম চলি আছিল, সেই সময়ত ১৬ খন আৰক্ষী থানাৰ এক যুটীয়া বাহিনী তাত উপস্থিত আছিল ।

লগতে পঢ়ক :আজি 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.