ETV Bharat / bharat

আজি 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 8:57 AM IST

Budget Session 2024 : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিব 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট ৷ মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ সম্ভানা আছে অন্তৱৰ্তীকালীন বাজেটত ৷

nirmala sitharaman will present the interim budget today
আজি 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে

নিউজ ডেস্ক, 1 ফ্ৰেব্ৰুৱাৰী : বুধবাৰৰ পৰা আৰম্ভ হ’ল মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন ৷ আনহাতে, আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব 2024 বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট ৷ দিনৰ প্ৰায় 11 বজাত সংসদত বাজেট দখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে ৷ অন্তৱৰ্তীকালীন বাজেটত মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ সম্ভানা ৷

আনহাতে বুধবাৰে সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পাচতে এক সংবাদমেল সম্বোধন কৰি বাজেটৰ সন্দৰ্ভত কিছু তথ্য জানিবলৈ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তেওঁ উল্লেখ কৰিছিল মহিলা সুৰক্ষাৰ লগতে অৰ্থনীতি আৰু কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ কথা ৷

ইফালে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিবলগীয়া অন্তৱৰ্তীকালীন বাজেটখনক নিৰ্বাচনকেন্দ্ৰিক বাজেট হ'ব বুলিও বিৰোধীয়ে সমালোচনা কৰিছে ৷ লগতে চৰকাৰক নিবনুৱা সমস্যা, মণিপুৰ গোষ্ঠীসংঘৰ্ষৰ সন্দৰ্ভত চৰকাৰে লোৱা পদক্ষেসমূহৰ বিষয়ে সংসদত আলোচনাৰ বাবে দাবী উত্থাপন কৰিব বুলিও জানিব পৰা গৈছে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদকে বাজেট অধিৱেশনত উপস্থিত থাকিবলৈ আহ্বান জনাই বিৰোধী হুলস্থুলৰ বাবে সদনলৈ আহে বুলিও সমালোচনা কৰিছিল ৷ উল্লেখ্য যে, দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে আগন্তুক নতুন বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহৰ বাবে আজি বিত্তমন্ত্ৰীয়ে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব ৷ নিৰ্বাচনৰ পাচতহে নিৰ্বাচিত এখন নতুন চৰকাৰে সম্পূৰ্ণ বাজেট দাখিল কৰিব ৷

এইক্ষেত্ৰত বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ’’এইবাৰৰ বাজেটে সুখবৰ কঢ়িয়াই আনিব মহিলাসকলৰ বাবে ৷ নিৰ্বাচনৰ পাচত পুনৰ আমিয়েই বাজেট দখিল কৰিম ৷ ’’

লগতে পঢ়ক :অন্তৱৰ্তীকালীন বাজেট কি ? এইবাৰ কিয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.