ETV Bharat / bharat

ৰে’লপথৰ কাষত পৰি থকা খুঁটাত খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:12 PM IST

Vande Bharat Express collides : উত্তৰ প্ৰদেশৰ আউৰিয়াত পুনৰ দুৰ্ঘটনাত পতিত হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৷ দিল্লী-হাওৰা ৰে'লপথৰ ট্ৰেকৰ ওচৰত পৰি থকা খুঁটাত খুন্দিয়াই ৰে’লখনে । দুৰ্ঘটনাটোত ৰে’লখনৰ সন্মুখৰ অংশটো ক্ষতিগ্ৰস্ত হয় ৷

Vande Bharat Express collides
লাইনচ্যুত হৈ ৰে’লপথৰ কাষত পৰি থকা খুঁটাত খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে

নেশ্য়নেল ডেস্ক, 26 জানুৱাৰী: ইটোৰ পিচত সিটো দুৰ্ঘটনাত পতিত হৈছে বন্দে ভাৰত এক্সপ্ৰেছ ৷ গণৰাজ্য দিৱসৰ দিনাই বিয়লি দিল্লীৰ পৰা কানপুৰলৈ যোৱা বন্দে ভাৰত ৰে'ল এখন দিল্লী-হাওৰা ৰে'লপথৰ আচলদা ষ্টেচনৰ ওচৰত ট্ৰেকত পৰি থকা এটা খুঁটাত খুন্দা খাই দুৰ্ঘটনাত পতিত হয় ৷

জানিব পৰা মতে প্ৰকৃততে, ৰে’লৱে ট্ৰেক নিৰ্মাণৰ বাবে খুঁটাবোৰ অনা হৈছিল ৷ তাৰে কিছু ৰে’লপথৰ সমীপতে পৰি আছিল ৷ এই দুৰ্ঘটনাটোত ৰে’লখনৰ সন্মুখৰ অংশটো ক্ষতিগ্ৰস্ত হয় । অৱশ্যে, এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই ৷ সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দিল্লী-হাওৰা ৰেলপথৰ ডাউন ৰে’ললাইনৰ আচলদা ষ্টেচনৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাত পতিত হোৱা ৰে’লখন ২২৪১৬ বন্দে ভাৰত এক্সপ্ৰেছ বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত, চালকজনৰ তথ্য অনুসৰি আৰ পি এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহায়ত খুঁটাটো আঁতৰাই দিয়ে ৷ ইয়াৰ প্ৰায় 17 মিনিটৰ পিচত, ৰে’লখনে 12:19 বজাত পুনৰ যাত্ৰা আৰম্ভ কৰে ৷

এই দুৰ্ঘটনাৰ ফলত বন্দে ভাৰতৰ পিছফালৰ পৰা অহা নতুন দিল্লী-কানপুৰ 12802 পুৰুষোত্তম এক্সপ্ৰেছখন 14 নম্বৰৰ গেটৰ ওচৰত ৰখাই দিয়া হয়। জনসম্পৰ্কৰক্ষী বিষয়া অমিত সিঙে কোৱা অনুসৰি, বিষয়টোৰ তদন্ত কৰা হৈছে । যেতিয়া ৰে'ল বিভাগৰ বিষয়াসকলে এই দুৰ্ঘটনাৰ বিষয়ে তথ্য পাইছিল তেঁওলোকে ততালিকে পদক্ষেপ গ্ৰহণ কৰিছিল । খুঁটাটো ৰে’লপথৰ কাষত কেনেকৈ পৰি আছিল তাৰ অনুসন্ধান কৰা হৈছে ৷

লগতে পঢ়ক: নিজ গৃহতেই দুৰ্বৃত্তই হত্যা কৰিলে 81 বছৰীয়া বৃদ্ধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.