ETV Bharat / bharat

ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত উত্তৰাখণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:13 PM IST

UCC in Uttarakhand : বুধবাৰে উত্তৰাখণ্ড বিধানসভাত গৃহীত হ’ল অভিন্ন নাগৰিক সংহিতা বিধেয়ক ৷ ইয়াৰ পূৰ্বে বিধেয়কখনৰ ওপৰত আলোচনা কৰাৰ লগতে বিৰোধীয়ে বিধেয়কখন নিৰ্বাচিত কমিটীলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । ​

UCC in Uttarakhand
উত্তৰাখণ্ড বিধানসভাত গৃহীত অভিন্ন নাগৰিক সংহিতা বিধেয়ক

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰী : উত্তৰাখণ্ড বিধানসভাত গৃহীত হ’ল অভিন্ন নাগৰিক সংহিতা বিধেয়ক (UCC) ৷ ইয়াৰ পিচতেই ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হয় উত্তৰাখণ্ড ৷ বুধবাৰে উত্তৰাখণ্ড বিধানসভাই ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়ক সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ কৰে আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আন ৰাজ্যসমূহেও একেধৰণৰ আইন অনুসৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়ে ৷

"এয়া সাধাৰণ বিধেয়ক নহয়, ভাৰত এখন বিশাল দেশ কিন্তু আমাৰ ৰাজ্যই ইতিহাস সৃষ্টি কৰি সমগ্ৰ দেশক দিশ প্ৰদৰ্শন কৰাৰ সুযোগ পালে ৷ সংবিধান নিৰ্মাতাসকলে যি সপোন দেখিছিল, সেই সপোন বাস্তবায়িত হ’বলৈ গৈ আছে আৰু বাস্তৱত পৰিণত হ’ব ৷ দেশৰ আন ৰাজ্যসমূহেও এই দিশত আগবাঢ়িব লাগে ৷ আমি ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো ৷" বিধানসভাত বিধেয়কখনৰ সন্দৰ্ভত ভাষণ দি ধামীয়ে এইদৰে কয় ৷

বিৰোধী কংগ্ৰেছৰ সদস্যসকলে পুনৰ এই আইনখন সদনৰ নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ বিৰোধী বিধায়কসকলে কয় যে তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰা নাই যদিও ইয়াৰ বিধানসমূহ বিতংভাৱে পৰীক্ষা কৰাটো প্ৰয়োজন যাতে ইয়াৰ ত্ৰুটিসমূহ গৃহীত হোৱাৰ পূৰ্বে আঁতৰাব পৰা যায় ৷

বিধানসভাত বিৰোধী দলৰ উপ-দলপতি ভুৱন চন্দ্ৰ কাপীয়ে কয় যে প্ৰস্তাৱিত বিধেয়কখনত লিভ-ইন সম্পৰ্ক পঞ্জীয়ন আৰু 21 বছৰৰ তলৰ লিভ-ইন পাৰ্টনাৰৰ পিতৃ-মাতৃক অৱগত কৰাটো যুৱ প্ৰাপ্তবয়স্কৰ গোপনীয়তা উলংঘা কৰা হৈছে ৷ লগতে তেওঁ কয় যে ইয়াৰ বহু বিধান যেনে বিবাহৰ বাধ্যতামূলক পঞ্জীয়ন, বাল্যবিবাহ নিষেধাজ্ঞা আৰু ন্যূনতম বিবাহযোগ্য বয়স আছিল আৰু ইয়াৰ বিষয়ে নতুন একো নাই ৷

তেওঁ কয়, "ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ 20 মাহ সময় লোৱা পেনেলে ইতিমধ্যে অস্তিত্বত থকা আইনৰ কেৱল কাট, কপি আৰু পেষ্ট কৰা দেখা গৈছে ৷" লাক্সাৰৰ বিধায়ক শ্বাহজাদে অভিযোগ কৰিছিল যে ইউচিচি বিধেয়কে মুছলমানসকলৰ ধৰ্মীয় অধিকাৰ হ্ৰাস কৰিছে ৷ তেওঁ এইটোও কৈছিল যে পিতৃ-মাতৃৰ সম্পত্তিত পুত্ৰ আৰু কন্যাৰ সমান উত্তৰাধিকাৰৰ অধিকাৰৰ ফলত কন্যা ভ্ৰূণ হত্যা বৃদ্ধি হ'ব ৷

চক্ৰতাৰ বিধায়ক প্ৰীতম সিঙে ইউচিচিৰ ব্যৱস্থাসমূহৰ প্ৰযোজ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে, "ৰাজ্যৰ বাহিৰত বসবাস কৰা উত্তৰাখণ্ডৰ লোকসকলৰ ক্ষেত্ৰত ইয়াৰ বিধান প্ৰযোজ্য হ’ব বুলি কোৱা হৈছে যদিও কাৰ্যতঃ কেনেকৈ হ’ব ? আচৰিত ৷" লিভ-ইন সম্পৰ্কৰ বিষয়ে বিধেয়কখনত দিয়া ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে আনকি উচ্চতম ন্যায়ালয়েও কৈছিল যে লিভ-ইন সম্পৰ্কৰ পঞ্জীয়ন এটা "মুৰ্খতাপূৰ্ণ ধাৰণা" ৷ বিকাশ নগৰৰ বিধায়ক মুন্না সিং চৌহানে আগ্ৰাসীভাৱে বিধেয়কখনৰ পক্ষ লৈ কয় যে ইউচিচি দেশৰ প্ৰতিষ্ঠাপক পিতৃসকলৰ প্ৰতিশ্ৰুতি ৷

ইয়াৰ পূৰ্বে সদনত পুনৰ বিতৰ্ক আৰম্ভ কৰি কিচ্চাৰ কংগ্ৰেছৰ সদস্য তিলক ৰাজ বিহাৰে কয় যে বিধেয়কখনৰ ভিত্তি হিচাপে পৰিগণিত হোৱা সংবিধানৰ 44 নং অনুচ্ছেদে কেৱল এখন ৰাজ্যৰ নহয়, সমগ্ৰ দেশৰ প্ৰেক্ষাপটত ইউচিচিৰ কথা কয় ৷ বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা আমি কৰা নাই যদিও গৃহীত হোৱাৰ পূৰ্বে সদনৰ নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা উচিত ৷

বিধেয়কখনৰ সন্দৰ্ভত জছপুৰৰ কংগ্ৰেছৰ বিধায়ক আদেশ সিং চৌহানে কয় যে এই বিধেয়কখনে জনজাতীয় জনসংখ্যাক নিজৰ পৰিসৰৰ বাহিৰত ৰাখিছে যদিও একে সময়তে এই বিধেয়কখন সমগ্ৰ ৰাজ্যখনৰ বাবে প্ৰযোজ্য হ’ব বুলিও উল্লেখ আছে ৷ চৌহানে কয় যে যদি ই উত্তৰাখণ্ডৰ জনজাতিসকলক নিজৰ পৰিসৰৰ বাহিৰত এৰি দিয়ে তেন্তে ইয়াক সমগ্ৰ ৰাজ্যখনলৈ বিস্তৃত বুলি কেনেকৈ ক’ব পাৰি ? সেয়েহে মই প্ৰস্তাৱ দিম যে বিধেয়কখন সদনৰ নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হওক ৷

লগতে পঢ়ক : বাজেট অধিৱশনৰ তৃতীয় দিনা ছয়খনকৈ বিধেয়ক সদনত উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.