ETV Bharat / bharat

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ৰিতু বহৰিৰ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:15 PM IST

Uttarakhand HC Chief Justice: উত্তৰাখণ্ডৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে । এইবাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৰিতু বহৰিয়ে । ডেৰাডুনৰ ৰাজভৱনত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Uttarakhand HC Chief Justice
উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ৰিতু বহৰিৰ

নেশ্যনেল ডেস্ক,৪ ফেব্ৰুৱাৰী : ন্যায়াধীশ ৰিতু বহৰিয়ে দেওবাৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ৰাজ্যপাল এল.জে. গুৰমিত সিঙে ডেৰাডুনৰ ৰাজভৱনত মুখ্য ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱায় । শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে ।

উল্লেখ্য যে উত্তৰাখণ্ডত মহিলাসকলক সৰ্বোচ্চ পদত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে । যি সময়ত ৰাধা ৰাতুৰীক ৰাজ্যখনৰ মুখ্য সচিবৰ দায়িত্ব দিয়া হৈছে একেদৰে ৰিতু খাণ্ডুৰীয়েও উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছে । ইফালে, ৰিতু বহৰিয়েও উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে ।

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ কেইবাজনো সদস্য শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে । ৰিতু বহিৰ হাৰিয়ানা আৰু চণ্ডীগড় উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২৬ অক্টোবৰত মুখ্য ন্যায়াধীশ বিপিন সংঘীৰ অৱসৰৰ পিচৰে পৰা উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ স্থায়ী মুখ্য ন্যায়াধীশৰ নিযুক্তি স্থগিত আছিল । ইয়াৰ পিচত, জ্যেষ্ঠ ন্যায়াধীশ মনোজ কুমাৰ তিৱাৰীয়ে কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিচতে ৰিতু বহৰিক মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়াৰ বাবে এক জাননী জাৰি কৰা হয় ।

উল্লেখ্য যে ১৯৬২ চনত পাঞ্জাবত ৰিতু বহৰিৰ জন্ম হৈছিল আৰু চণ্ডিগড়ত পঢ়া শুনা কৰিছিল । তেওঁ পাঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে আইনৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু পিচত পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত লাভ কৰে । তেওঁৰ পিতৃও পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল ।

লগতে পঢ়ক :প্ৰচণ্ড তুষাৰপাতৰ বাবে শ্ৰীনগৰত সকলো বিমান বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.