ETV Bharat / bharat

তাজমহলত আমেৰিকাৰ পৰ্যটকৰ সৈতে অভব্য আচৰণ, গ্ৰেপ্তাৰ টুৰিষ্ট গাইড - Taj Mahal Tourist molests

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 5:15 PM IST

Taj Mahal Tourist molests: আগ্ৰাৰ তাজমহলত পৰ্যটন উদ্যোগক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে । আমেৰিকাৰ এগৰাকী মহিলাৰ সৈতে টুৰিষ্ট গাইডে অভব্য আচৰণ কৰিলে । পৰ্যটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত গাইডক ।

Taj Mahal Tourist molests
তাজমহলত আমেৰিকাৰ পৰ্যটকৰ সৈতে অভব্য আচৰণ

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল : তাজমহলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । তাজমহল পৰিদৰ্শন কৰোৱাৰ নামত আমেৰিকাৰ পৰ্যটকক টুৰিষ্ট গাইডে উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে । পৰ্যটকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত টুৰিষ্ট গাইডক । পৰ্যটক দম্পতীৰ অভিযোগৰ ভিত্তিত পৰ্যটক আৰক্ষী থানাই এটা গোচৰ ৰুজু কৰিছে ।

জানিব পৰা মতে আমেৰিকাৰ এক দম্পতী ভাৰত ভ্ৰমণলৈ আহিছিল । তেওঁলোকে শনিবাৰে পুৱা দিল্লীৰ পৰা আগ্ৰাত উপস্থিত হয় । তেওঁলোকে শিল্পগ্ৰাম পাৰ্কিঙৰ পৰা তাজমহল চাবলৈ ভিভিআইপি ইষ্ট গেটত উপস্থিত হৈছিল । তাৰ পৰা তেওঁলোক তাজমহলত প্ৰৱেশ কৰিছিল । তাজ সুৰক্ষাৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াৰ মতে পুৱা প্ৰায় ১১ মান বজাত আমেৰিকান দম্পতীটোৱে তাজমহলত তাজগঞ্জৰ বাসিন্দা মনমোহন আৰ্য নামৰ টুৰিষ্ট গাইডজনক লগ পাইছিল ।

টুৰিষ্ট গাইডজনে দম্পতীটোক ভাল ভাল ফটো তুলি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ পিচত মনমোহনে কেন্দ্ৰীয় টেংকৰ ওচৰত আমেৰিকান মহিলা পৰ্যটকগৰাকীৰ বিভিন্ন ভঙ্গীত ফটো তুলিবলৈ আৰম্ভ কৰে । ইফালে, মহিলা পৰ্যটকগৰাকীৰ স্বামী কিছু আগবাঢ়ি গ'ল । সেই সময়ছোৱাতে টুৰিষ্ট গাইডজনে মহিলা পৰ্যটকগৰাকীক অশ্লীল ইংগিত দিয়াৰ লগতে অসৎ কাৰ্য কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ উঠিছে । কিছু সময়ৰ পিচত মহিলাগৰাকীৰ স্বামী উভতি আহে আৰু মহিলাগৰাকীয়ে স্বামীক পৰ্যটক গাইডজনৰ বিষয়ে অৱগত কৰে ।

আৰক্ষী বিষয়াগৰাকীয়ে কোৱা মতে আমেৰিকান পৰ্যটক দম্পতীটোৱে নিৰাপত্তাত নিয়োজিত চিআইএছএফ কৰ্মীসকলক টুৰিষ্ট গাইডজনৰ বিষয়ে অভিযোগ কৰিছিল । খবৰ পোৱাৰ পিচতে পৰ্যটক আৰক্ষীয়ে মহিলা পৰ্যটকগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত পৰ্যটক গাইডৰ বিৰুদ্ধে উৎপীড়নৰ গোচৰ ৰুজু কৰে । অভিযুক্ত পৰ্যটক গাইডজনক এচিপি চাট্টাৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে টুৰিষ্ট গাইডজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :পুত্ৰই পলুৱাই আনিলে ছোৱালী; যুৱকৰ মাতৃক ৰাজপথত অৰ্ধনগ্ন কৰিলে যুৱতীৰ পৰিয়ালে - Sexual Assault

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.