ETV Bharat / bharat

পোনমুদিক মন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ অস্বীকাৰ, ৰাজ্যপালৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ালয়ৰ ওচৰত তামিলনাডু চৰকাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 2:23 PM IST

Tamil Nadu minister K Ponmudy: তামিলনাডুৰ মন্ত্ৰী কে পোনমুদিক কেন্দ্ৰ কৰি ৰাজ্যপাল আৰ এন ৰবি আৰু ৰাজ্য চৰকাৰৰ মাজৰ মতানৈক্য পালেগৈ আদালতৰ মজিয়া ৷ বেনামী সম্পত্তিৰ গোচৰত আদালতে তামিলনাডুৰ মন্ত্ৰী কে পোনমুদিক কাৰাদণ্ড প্ৰদান কৰা হৈছিল । পিচত এই ৰায় স্থগিত ৰখা হয় আৰু বিধানসভাত তেওঁৰ সদস্যপদ পুনৰ ঘূৰাই দিয়া হয় । কিন্তু ৰাজ্যপালে মন্ত্ৰী হিচাপে তেওঁৰ শপত গ্ৰহণৰ বাবে অস্বীকাৰ কৰে । যাৰ বাবে তামিলনাডু চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ।

Tamil Nadu minister K Ponmudy
ৰাজ্যপালৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ালয়ৰ ওচৰত তামিলনাডু চৰকাৰ

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ : তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ এক সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে । ৰাজ্যপালগৰাকীয়ে কে পোনমুদিক পুনৰ মন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছিল ।

বিধায়ক কে পোনমুডিক মন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে দিয়া এক পৰামৰ্শ ৰাজ্যপাল আৰ এন ৰবিয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । লক্ষণীয়ভাৱে অযোগ্য ঘোষণা কৰা তামিলনাডুৰ মন্ত্ৰী তথা ডিএমকেৰ জ্যেষ্ঠ নেতা কে পোনমুডিক বেনামী সম্পত্তিৰ গোচৰত দোষী সাব্যস্ত কৰে আৰু ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । অৱশ্যে ১৩ মাৰ্চত উচ্চতম ন্যায়ালয়ে এই ৰায় স্থগিত ৰাখে ।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ২০১১ চনত পোনমুডি আৰু তেওঁৰ পত্নী বিশালাক্ষীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । ডিএমকে শাসনকালত পোনমুডি পুনৰ উচ্চ শিক্ষা আৰু খনি মন্ত্ৰীৰ পদগ্ৰহণ কৰিছিল ।

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিচত ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ এম আপ্পাভুৱে পোনমুডিক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত বাতিল কৰে আৰু তেওঁৰ বিধানসভাৰ সদস্য পদ পুনৰ ঘূৰাই দিয়ে । অধ্যক্ষগৰাকীয়ে কয় যে ৰাজ্যিক বিধানসভাত পোনমুডিৰ সদস্যপদ পুনৰ বাহাল থাকিব ।

ইফালে, মুখ্যমন্ত্ৰী এম কে ষ্টালিনে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিলৈ এখন পত্ৰ লিখি ডিএমকেৰ জ্যেষ্ঠ নেতা পোনমুডিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাবলৈ আহ্বান জনায় । ৰাজ্যপাল আৰ এন ৰবিয়ে দেওবাৰে ৰাজ্য চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰে আৰু তেওঁ ডিএমকেৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন উচ্চ শিক্ষা মন্ত্ৰী পোনমুডিক শপত গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰে । কিয়নো উচ্চতম ন্যায়ালয়ে গোচৰটো স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে যদিও তেওঁৰ দোষী সাব্যস্ত কৰাৰ সিদ্ধান্ত বাতিল কৰা নাই ।

ইয়াৰ পূৰ্বে ১ মাৰ্চত তামিলনাডুৰ বিৰোধী দলৰ নেতা এডাপ্পাডি পালানিস্বামীয়ে কে পোনমুদিক ৰাজ্যিক বিধানসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা আৰু ইয়াৰ ফলস্বৰূপে বিধানসভা আসনত খালী পদ ঘোষণাৰ সন্দৰ্ভত অধ্যক্ষ আপ্পাভুলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক :সাংসদ হোৱাৰ সপোন ৰাজ্যপালৰ পদতকৈ ডাঙৰ বুলি প্ৰমাণ কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.