ETV Bharat / bharat

বিজেপি কৰ্মীৰ হাতত তৃণমূল কৰ্মীৰ মৃত্যুৰ অভিযোগ; উত্তেজনা অব্যাহত - 6th phase of LS polls

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 2:16 PM IST

TMC Leader Killed : ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই পুনৰ নিৰ্বাচনী হিংসাত জৰ্জৰিত পশ্চিমবংগ ৷ শুকুৰবাৰৰ বিয়লি এজন তৃণমূল কৰ্মীক হত্যা ৷ হত্যাৰ অভিযোগ বিজেপিলৈ ৷ পূব মেদিনীপুৰত সংঘটিত হৈছে এই ঘটনাটো ৷

TMC leader allegedly killed in East Midnapore hours before 6th phase of LS polls
বিজেপি কৰ্মীৰ হাতত তৃণমূল কৰ্মীৰ মৃত্যুৰ অভিযোগ; উত্তেজনা অব্যাহত (Etv bharat WB)

নেশ্যনেল ডেস্ক, 25 মে’ : ভোটদান আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্বাচনী হিংসা পশ্চিমবংগত ৷ ৰাজ্যখনৰ পূব মেদিনীপুৰত শুকুৰবাৰৰ নিশা মহিষাদলত এজন তৃণমূল নেতাক হত্যা কৰা হয় । মৃত লোকজনৰ নাম শ্বেখ মইবুল (42) । মৃত মইবুলৰ ঘৰ মহিষাদলৰ বেতকুণ্ডুত । সমগ্ৰ ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

মৃত তৃণমূল নেতাজন বেতকুণ্ডু গ্ৰাম পঞ্চায়তৰ প্ৰাক্তন সদস্য ৷ জানিব পৰা মতে নিশা ঘৰলৈ যোৱাৰ পথত তৃণমূল নেতাজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে এই ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৷

বিজেপি কৰ্মীৰে হতাহতি:

জানিব পৰা মতে, শনিবাৰে বিয়লি দলীয় কাৰ্যসূচী সমাপ্ত কৰি এজন শ্ৰমিকক লগত লৈ বাইকত উঠি উভতি আহিছিল তৃণমূল নেতাগৰাকী । ৰাজপথত বিজেপিৰ নেতা-কৰ্মীৰ সৈতে কাজিয়াত লিপ্ত হয় তৃণমূল নেতাগৰাকী ৷ তাৰ পিছত বিজেপি কৰ্মীৰ সৈতে হোৱা তৰ্ক-বিতৰ্ক সংঘৰ্ষত পৰিণত হয় ।

অভিযোগ মতে, উক্ত সময়ত তৃণমূল নেতা মইবুলক গতা মাৰি দিয়া হৈছিল ৷ ইয়াৰ পিছত তেওঁক স্থানীয় জলাশয়ৰ দাঁতিত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

পৰৱৰ্তী সময়ত মইবুলক ৰক্তাক্ত অৱস্থাত মহিষদলৰ বসুলীয়া গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক তাৰ পৰা তমলুকলৈ প্ৰেৰণ কৰা হয় । তাতেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই পুনৰবাৰ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

অভিযোগ নস্যৎ বিজেপিৰ:

অৱশ্যে তৃণমূলৰ অভিযোগ বিজেপিয়ে অস্বীকাৰ কৰে । গেৰুৱা শিবিৰে দাবী কৰে যে তেওঁলোকৰ নিজৰ আন্তঃ সংঘাতৰ ফলতেই এই মৃত্যু ঘটিছে । ৰাজ্যখনৰ পঞ্চম পৰ্যায় পৰ্যন্ত নিৰ্বাচন আপাত দৃষ্টিত শান্তিপূৰ্ণ আছিল যদিও ষষ্ঠ পৰ্যায়ৰ পৰাই সংঘৰ্ষ, অগ্নিসংযোগ, মৃত্যুৰ দৰে ঘটনা সংঘটিত হৈ আহিছে ।

দুদিন পূৰ্বে জিলাখনৰ সোণাচুৰাত তৃণমূলৰ বিৰুদ্ধে বিজেপি নেতা সঞ্জয় আৰি আৰু তেওঁৰ মাতৃ ৰথীবালা আৰিক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । যাৰ ফলত থিতাতে মৃত্যু ঘটে ৰথীবালাৰ ৷ গুৰুতৰভাৱে আহত বিজেপি নেতাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ উক্ত ঘটনাৰ পাৰ্শ্বক্ৰিয়া হিচাপে পূব মেদিনীপুৰত পুনৰ হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে বিজেপিলৈ ৷

লগতে পঢ়ক: পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি: 73 শতাংশ ভোটদানেৰে শীৰ্ষত পশ্চিমবংগ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.