ETV Bharat / bharat

তৃণমূল ইণ্ডিয়া মিত্ৰতাৰ স্তম্ভ; মমতাৰ মন্তব্য সন্দৰ্ভত জয়ৰাম ৰমেশ

author img

By ANI

Published : Jan 24, 2024, 5:57 PM IST

Jairam Ramesh on Mamata : "ৰাহুল গান্ধীয়ে মঙলবাৰে স্পষ্টকৈ কৈছিল যে তৃণমূল আৰু বিশেষকৈ মমতা বেনাৰ্জী ইণ্ডিয়া মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ । আমি মমতা বেনাৰ্জীৰ অবিহনে ইণ্ডিয়াৰ মিত্ৰতাৰ কথা কল্পনা কৰিব নোৱাৰোঁ ।" জয়ৰাম ৰমেশে কয় ।

মমতাৰ মন্তব্য সন্দৰ্ভত জয়ৰাম ৰমেশ
মমতাৰ মন্তব্য সন্দৰ্ভত জয়ৰাম ৰমেশ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ দলে বংগত অকলে যুঁজ দিব বুলি ঘোষণা কৰাৰ পিছত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে তৃণমূল হৈছে ইণ্ডিয়া মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ আৰু মমতা বেনাৰ্জী অবিহনে মিত্ৰতা কল্পনা কৰিব নোৱাৰি ।

"আপোনালোকে মমতা বেনাৰ্জীৰ সমগ্ৰ বক্তব্য শুনা নাই । তেওঁৰ সম্পূৰ্ণ মন্তব্যটো হৈছে যে আমি বিজেপিক পৰাজিত কৰিব বিচাৰোঁ আৰু আমি বিজেপিক পৰাস্ত কৰাৰ পৰা এখোজো পিছুৱাই আহিব নোৱাৰোঁ । একেই অনুভৱেৰে আমি পশ্চিমবংগত প্ৰৱেশ কৰিছোঁ । যেতিয়া যাত্ৰা দীঘল হয়, যাত্ৰাপথটোত কিছুমান স্পীড ব্ৰেকাৰ থাকিব পাৰে । লগতে ৰঙা লাইট থাকিব পাৰে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি নিজেই যাত্ৰাটো বন্ধ কৰা উচিত । যাত্ৰা অব্যাহত আছে; আমি স্পীড ব্ৰেকাৰ পাৰ হৈ যাওঁ আৰু ৰঙা লাইট সেউজীয়া হৈ পৰে ।" জয়ৰাম ৰমেশে কয় ।

"ৰাহুল গান্ধীয়ে মঙলবাৰে স্পষ্টকৈ কৈছিল যে তৃণমূল আৰু বিশেষকৈ মমতা বেনাৰ্জী ইণ্ডিয়া মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ । আমি মমতা বেনাৰ্জীৰ অবিহনে ইণ্ডিয়াৰ মিত্ৰতাৰ কথা কল্পনা কৰিব নোৱাৰোঁ । আনহাতে, আমি আশাকৰোঁ যে মমতা বেনাৰ্জীয়ে কোৱাৰ দৰে আমি বিজেপিক পৰাস্ত কৰাৰ একেই অনুভূতিৰে পশ্চিমবংগত প্ৰৱেশ কৰিম ।" তেওঁ কয় ।

তেওঁ লগতে কয় যে সমস্যাসমূহ সমাধান কৰা হ'ব আৰু ইণ্ডিয়া মিত্ৰজোঁটে পশ্চিমবংগতো প্ৰতিদ্বন্দ্বিতা কৰিব, ঐক্যবদ্ধ হৈ থিয় দিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে ইণ্ডিয়া ব্লকে এক মোক্ষম আঘাত পায় । কিয়নো তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ দল তৃণমূল কংগ্ৰেছে বংগত অকলে যুঁজ দিব ঘোষণা কৰে ।

"কংগ্ৰেছ দলৰ সৈতে মোৰ কোনো আলোচনা হোৱা নাই । মই সদায় কৈ আহিছোঁ যে বংগত আমি অকলে যুঁজিম । দেশত কি কৰা হ'ব তাক লৈ মই চিন্তিত নহয় । কিন্তু আমি এটা ধৰ্মনিৰপেক্ষ দল আৰু বংগত আমি অকলে বিজেপিক পৰাস্ত কৰিম । মই বহুতো প্ৰস্তাৱ দিছিলোঁ । কিন্তু তেওঁলোকে আৰম্ভণিৰে পৰা সেইবোৰ প্ৰত্যাখ্যান কৰি আহিছে । তেতিয়াৰে পৰা আমি অকলে বংগত নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছোঁ ।" বংগ কন্যাই কয় ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ অংশ হ'লেও বংগত ইণ্ডিয়াৰ সৈতে কোনো মিত্ৰতা নাই; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.