ETV Bharat / bharat

'ইণ্ডিয়া'ৰ প্ৰতিবাদ, দিল্লীত কটকটীয়া নিৰাপত্তা - INDIA bloc protest

author img

By PTI

Published : Mar 29, 2024, 11:51 AM IST

INDIA bloc protest
'ইণ্ডিয়া'ৰ প্ৰতিবাদ, দিল্লীত কটকটীয়া নিৰাপত্তা

INDIA bloc protest : মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লীত আম আদমি পাৰ্টী আৰু বিৰোধী দলসমূহৰ প্ৰতিবাদ অব্যাহত আছে । দিল্লী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱা পথত অৰ্ধসামৰিক বাহিনী মোতায়েন ।

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ : আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচৰে পৰা দিল্লীত প্ৰতিবাদ অব্যাহত আছে । আপৰ সমান্তৰালকৈ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া' অংশীদাৰ দলসমূহেও কেজৰিৱালৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে । দিল্লীৰ বিভিন্ন প্ৰান্তত চলি থকা ইণ্ডিয়া ব্লকৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তোলা হৈছে ।

বিভিন্ন স্তৰৰ বেৰিকেডো স্থাপন কৰা হৈছে । বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱা পথত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে । ৰাজ্যিক আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনীৰ লোকসকলক দিল্লীৰ বহু স্থানত মোতায়েন কৰা হৈছে । বিশেষকৈ ডিডিইউ মাৰ্গ আৰু আইটিঅ' অঞ্চলৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে, ইডিৰ জিম্মাত থকা কেজৰিৱালক ২১ মাৰ্চত সংস্থাটোৱে দিল্লীৰ আবকাৰী সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিছিল । যাৰ পিচতে দিল্লীত অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । আম আদমি পাৰ্টীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে 'ইণ্ডিয়া' ব্লকৰ দলসমূহে কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু নিৰ্বাচনী বণ্ডৰ বিষয়ত ডিডিইউ মাৰ্গৰ বিজেপি মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব ।

ইফালে 'ইণ্ডিয়া' ব্লকে ৩১ মাৰ্চত ৰামলীলা ময়দানত এক বৃহৎ ৰেলীৰ ঘোষণা কৰিছে । এনে পৰিস্থিতিত দিল্লী আৰক্ষীয়েও বিজেপি কাৰ্যালয়ৰ সমীপৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে । তাৰ আধাৰত বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে । এগৰাকী আৰক্ষী বিষয়াৰ মতে ঠায়ে ঠায়ে বেৰিকেড স্থাপন কৰা হৈছে আৰু নিৰাপত্তাকৰ্মীয়ে প্ৰতিবাদকাৰীসকলক ডিডিইউ মাৰ্গৰ ফালে যোৱাত বাধা দিব ।

লগতে পঢ়ক :কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত ইণ্ডিয়াৰ বৃহৎ ৰেলী - INDIA Rally In Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.