ETV Bharat / bharat

এইবাৰ বোমা বিস্ফোৰণৰ ভাবুকি আহিল নৰ্থ ব্লকৰ গৃহ মন্ত্ৰণালয়লৈ - Bomb Threat To Home Ministry

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:09 PM IST

Bomb Threat To Home Ministry : ৰাজধানী দিল্লীৰ কেইবাখনো প্ৰসিদ্ধ চিকিৎসালয়ে বোমাৰ ভাবুকি লাভ কৰাৰ পিছত এইবাৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষই বুধবাৰে নৰ্থ ব্লকত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে । দিল্লী আৰক্ষী এই সন্দৰ্ভত সতৰ্ক হৈ পৰিছে । অনুসন্ধান অভিযান চলি আছে ।

Bomb Threat To Home Ministry
দিল্লীৰ নৰ্থ ব্লকলৈ বোমা বিস্ফোৰণৰ ভাবুকি (ETV Bharat)

নিউজ ডেস্ক, ২২ মে' : পুনৰবাৰ বোমাৰ আতংকত কঁপিছে ৰাজধানী দিল্লী । বিগত কিছুদিন ধৰি ৰাষ্ট্ৰীয় ৰাজধানীয়ে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰি অহাৰ পিছত পুনৰ এবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া এটা ই-মেইল পোহৰলৈ আহিছে । এইবাৰ অভিজাত নৰ্থ ব্লকে এই বোমাৰ ভাবুকি লাভ কৰিছে । আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ অহা এটা ই-মেইলত এই বোমা বিস্ফোৰণৰ ভাবুকি আহিছে ।

অৱশ্যে মেইলটো লাভ কৰাৰ পিছতে আৰক্ষী সতৰ্ক হৈ পৰে । লগতে অগ্নিনিৰ্বাপক বিভাগকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাসমূহ ইয়াৰ তদন্তত নিয়োজিত হৈ পৰিছে । সম্পূৰ্ণ ব্লকটোত অনুসন্ধান অভিযান চলোৱা হৈছে । উল্লেখ্য যে এই নৰ্থ ব্লকতে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয় আছে ।

অগ্নিনিৰ্বাপক বিভাগৰ মতে, তেওঁলোকে নৰ্থ ব্লকত বোমা বিস্ফোৰণৰ ভাবুকিৰ বিষয়ে তথ্য লাভ কৰে । এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীলৈ দুখন অগ্নিনিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হয় । ইয়াৰ পিছত অনুসন্ধান অভিযান আৰম্ভ কৰা হয় । অৱশ্যে এতিয়ালৈকে কোনো সন্দেহজনক সামগ্ৰী পোৱা হোৱা নাই ।

উল্লেখ্য, দিল্লী এন চি আৰৰ বিদ্যালয়, চিকিৎসালয়, ৰাজহুৱা স্থানসমূহলৈ শেহতীয়া কিছুদিন ধৰি নিৰন্তৰ বোমাৰ ভাবুকি আহি আছে । যাৰ বাবে বাৰে বাৰে দিল্লীক আতংকিত কৰি তুলিছে । কিন্তু এতিয়ালৈকে আৰক্ষীয়ে বোমা বিস্ফোৰণৰ ভাবুকি পোৱা স্থানবোৰত তদন্ত চলাই একো লাভ কৰা নাই ।

আনহাতে, এই সন্দৰ্ভত দিল্লী আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ সতৰ্ক হৈ আছে । বাৰে বাৰে লাভ কৰা এই ভাবুকিক অতি গুৰুত্বসহকাৰে লৈছে । ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনলৈও বোমাৰ ভাবুকি আহিছিল । আৰক্ষীয়ে এই সকলো ঘটনাৰ তদন্ত কৰি আছে । উত্তৰ ৰে'লৱে'ৰ চিপিআৰঅ' কাৰ্যালয়েও বোমাৰ ভাবুকি লাভ কৰে । তেতিয়াৰে পৰা ৰে'ল ষ্টেচনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিমৰ মৃতদেহ কলকাতাত উদ্ধাৰ - Bangladesh MP Anwarul Azim
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.